ETV Bharat / briefs

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মৰিগাঁৱৰ ভিন্ন স্থানত গছ পুলি ৰোপণ

author img

By

Published : Jun 5, 2021, 10:43 PM IST

সমগ্ৰ বিশ্বৰ লগতে অসমতো বিশ্ব পৰিৱেশ দিৱস(WORLD ENVIRONMENT DAY) উপলক্ষে গ্ৰহণ কৰা হৈছে বিভিন্ন কাৰ্যসূচী । প্ৰকৃতি সুৰক্ষাৰ বাৰ্তা বিলোৱাৰ উদ্দেশ্যেৰে গছ পুলি ৰোপণ কৰিছে বহু জনে । মৰিগাঁও জিলাৰ দক্ষিণ ধৰমতুল, দেওশাল আৰু বঘৰা গাঁও পঞ্চায়ততো শনিবাৰে বৃক্ষৰোপণ কাৰ্যসূচী ৰোপণ কৰা হয় ।

WORLD ENVIRONMENT DAY OBSERVED IN MORIGAON
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মৰিগাঁৱৰ ভিন্ন স্থানত গছ পুলি ৰোপণ

ধিং, ৫ জুন: পৰিৱেশ(Environment) সুৰক্ষাৰ প্ৰতি মানুহ সজাগ কৰাৰ বাবে প্ৰতি বছৰে ৫ জুন তাৰিখে পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস(WORLD ENVIRONMENT DAY) । গছ পুলি ৰুই, সজাগতা সমদল আৰু সজাগতা সভা আদি অনুষ্ঠিত কৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰে প্ৰকৃতি প্ৰেমীয়ে ।

WORLD ENVIRONMENT DAY OBSERVED IN MORIGAON
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মৰিগাঁৱৰ ভিন্ন স্থানত গছ পুলি ৰোপণ

শনিবাৰেও সমগ্ৰ বিশ্বতে পালন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস । ব্যতিক্ৰম নহয় প্ৰাকৃতিক সৌন্দৰ্যৰে সুশোভিত, সম্পদৰে পৰিপূৰ্ণ অসম । ক'ভিড-19(COVID-19)ৰ ভয়াৱহতাৰ বাবে পূৰ্বৰে নহ'লেও বিশ্ব পৰিৱেশ দিৱস উপলক্ষে শনিবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত বৃক্ষৰোপণ(Plantation) কাৰ্যসূচী ৰূপায়ণ কৰা হয় । মৰিগাঁও জিলাৰ দক্ষিণ ধৰমতুল, দেওশাল আৰু বঘৰা গাঁও পঞ্চায়ততো গছ পুলি ৰোপণ কৰা হয় ।

WORLD ENVIRONMENT DAY OBSERVED IN MORIGAON
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মৰিগাঁৱৰ ভিন্ন স্থানত গছ পুলি ৰোপণ

বৃক্ষৰোপণ কাৰ্যসূচীত অংশ লৈ মৰিগাঁৱৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষিতীশ চন্দ্ৰ পেগুৱে কয় যে, অসমৰ বৈচিত্ৰপূৰ্ণ পৰিৱেশৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে গছ পুলি ৰোপণেৰে এখন সেউজ অসম গঢ়াত সকলোৱে নিজৰ দায়িত্ব পালন কৰিব লাগিব । বৰ্তমান পৰিৱেশৰ সুৰক্ষা তথা সংৰক্ষণ কৰাটো অতি জৰুৰী বুলি ভবা প্ৰয়োজন আৰু প্ৰত্যেক জন সচেতন লোকৰ মনৰ এক বৈপ্লৱিক পৰিৱৰ্তন নিতান্তই প্ৰয়োজন ।

উল্লেখ্য যে, গোটেই বছৰটো গছ-গছনি কাটি, পাহাৰ খনন কৰি একাংশই পৰিৱেশ তন্ত্ৰক ধ্বংস কৰি আহিছে । তেনেস্থলত আমি মাথো ২৪ ঘন্টা পৰিৱেশৰ সুৰক্ষাৰ হকে কাম কৰিলে নহ'ব । প্ৰত্যেক জন সচেতন ব্যক্তিয়ে সুবিধা অনুসৰি বছৰৰ যিকোনো দিনতে গছ পুলি ৰোৱাৰ এটা অভ্যাস গঢ়ি তুলিলেহে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত সহায়ক হ'ব । উল্লেখ্য যে, এইবাৰৰ বিশ্ব পৰিৱেশ দিৱসৰ থীম(WORLD ENVIRONMENT DAY THEME) হৈছে পৰিৱেশ তন্ত্ৰৰ পুনৰুদ্ধাৰ ।

লগতে পঢ়ক:প্ৰকৃতিৰ নামত জীৱন উচৰ্গিত এগৰাকী বিশেষ ব্যক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.