ETV Bharat / briefs

বকোৰ কেন্দুগুৰীত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন

author img

By

Published : Mar 28, 2021, 10:28 PM IST

বকোৰ কেন্দুগুৰীত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন যুৱক ৷ ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ আহত যুৱকজনক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় ।

বকোৰ কেন্দুগুৰীত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন
বকোৰ কেন্দুগুৰীত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন

বকো,28 মাৰ্চ: বকোৰ কেন্দুগুৰীত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা । নম্বৰ প্লেট বিহীন এখন নতুন পালচাৰ মটৰচাইকেল দুৰ্ঘটনাগ্ৰস্ত হয় । দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় বকোৰ ডেলীয়াপাৰা গাঁৱৰ নৱজিৎ ৰাভা(২৩) নামৰ যুৱক জন ।

ইপিনে ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ আহত যুৱকজনক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় । কিন্তু চিকিৎসকে উন্নত চিকিৎসাৰ বাবে যুৱক জনক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ।

উল্লেখযোগ্য যে, কেনেদৰে দুৰ্ঘটনাটো সংঘটি হ’ল সেইয়া বৰ্তমানলৈ জানিব পৰা হোৱা নাই ৷ আৰক্ষীৰ তদন্তৰ পাছতহে জানিব পৰা যাব দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ ৷

লগতে পঢ়কঃ প্ৰথম পৰ্যায়ত উজনিৰ আটাইকেইখন জিলাতে পোনপটীয়া যুঁজ..

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.