ETV Bharat / briefs

কাৰ্বি আংলঙৰ সকলো বেদখলকৃত ভূমিত উচ্ছেদ হ’ব : তুলিৰাম ৰংহাঙ

author img

By

Published : Dec 20, 2021, 10:48 PM IST

Updated : Dec 21, 2021, 2:40 PM IST

Karbi Anglong Autonomous Council Chief Executive Member Tuliram Ronghang pressmeet
কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য় তুলিৰাম ৰংহাঙ

কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত লাহৰিজানত সোমবাৰে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা উচ্ছেদ(Eviction drive in Laharijan) অভিযান চলোৱা হয় ৷ উচ্ছেদ অভিযানৰ পাছত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ(Karbi Anglong Autonomous Council)ৰ মুখ্য কাৰ্যবাহী সদস্য় তুলিৰাম ৰংহাঙে সংবাদমেলৰ আয়োজন কৰি এই উচ্ছেদ অভিযানৰ তথ্য সদৰি কৰে ৷

ডিফু, ২০ ডিচেম্বৰ : কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত সোমবাৰে ৯০ শতাংশ উচ্ছেদ(Eviction drive in Laharijan) কৰা হয় ৷ যি ১০ শতাংশ বাকী ৰৈ গৈছে সেয়া চলিত মাহতে সম্পূৰ্ণ কৰা হ’ব ৷ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ(Karbi Anglong Autonomous Council) আৰু জিলা প্ৰশাসনে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায় ৷ ইয়াৰ পিছতে বিয়লি ডিফুত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য(Chief Executive Member of Karbi Anglong Autonomous Council) তুলিৰাম ৰংহাঙে এক সংবাদমেল সম্বোধন কৰি এই উচ্ছেদ অভিযানৰ কথা সদৰি কৰে ৷

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য় তুলিৰাম ৰংহাঙ

পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে সদৰি কৰা অনুসৰি, সোমবাৰৰ উচ্ছেদ অভিযানৰ পূৰ্বে ৪১ টা ঘৰে সেই স্থান ত্যাগ কৰাৰ বিপৰীতে ২১০ টা ঘৰ উচ্ছেদ কৰা হয় ৷ মুঠ ৩,৬৫০জন লোকৰ পৰা দখলীকৃত ভূমি উদ্ধাৰ কৰা হয় ৷ তেওঁ লগতে জানিবলৈ দিয়ে যে, কাৰ্বি আংলং জিলা স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত উক্ত অঞ্চলত বিদ্যালয়, উচ্চ শিক্ষানুষ্ঠানকে ধৰি বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণ কৰা হ’ব ৷

পৰিষদৰ অধীনত আৰু দখল হৈ থকা সকলো ভূমি উচ্ছেদ কৰা হ’ব আৰু পৰিষদে ইতিমধ্যে জিলা প্ৰশাসনৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰিছে বুলি সদৰি কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷

লগতে পঢ়ক : Section 144 impose in Laharijan: লাহৰিজানত উচ্ছেদ অভিযানৰ বাবে সাজু প্ৰশাসন

Last Updated :Dec 21, 2021, 2:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.