অসম

assam

Wrestlers Case : মল্লযোদ্ধাৰ গোচৰত দিল্লী আৰক্ষীৰ লুটি বাগৰ; মচি পেলালে টুইট

By

Published : Jun 1, 2023, 3:26 PM IST

Updated : Jun 1, 2023, 6:39 PM IST

প্ৰতিবাদী মল্লযোদ্ধাৰ অভিযোগ সন্দৰ্ভত দিল্লী আৰক্ষীৰ স্ববিৰোধী ভাষ্য (Delhi Police U turn in Wrestlers Case) । লগতে দিল্লী আৰক্ষীয়ে মচি পেলায় আশ্বাসমূলক টুইটাৰ থ্ৰেড । তাত কোৱা হৈছিল যে "এই সংবেদনশীল গোচৰটোৰ তদন্ত সকলো প্ৰকাৰৰ সংবেদনশীলতাৰে চলি আছে" আৰু "আদালতত চূড়ান্ত প্ৰতিবেদন দাখিল কৰাৰ কোনো প্ৰচেষ্টা চলি থকা নাই ।"

Wrestlers Case
Wrestlers Case

নিউজ ডেস্ক, ১ জুন : প্ৰতিবাদকাৰী মল্লযোদ্ধাৰ অভিযোগৰ তদন্ত সন্দৰ্ভত দিল্লী আৰক্ষীৰ লুটি বাগৰ (Delhi Police U turn in Wrestlers Case) । উল্লেখ্য, দিল্লী আৰক্ষীয়ে বুধবাৰে গোচৰটোৰ চূড়ান্ত প্ৰতিবেদন দাখিলৰ বাবে সাজু হোৱা বুলি বাতৰি ওলাইছিল । কিন্তু তাৰ এক ঘণ্টাৰ ভিতৰতে ভাৰতীয় কুস্তি ফেডাৰেচনৰ মুৰব্বী ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰৰ 'তদন্ত চলি থকা'ৰ পৰা 'বিবেচনাধীন'লৈ নিজৰ স্থিতি সলনি কৰে আৰক্ষীয়ে (WFI chief Brij Bhushan Sharan Singh) ।

কৃষক সংগঠনৰ নেতাসকলৰ হস্তক্ষেপৰ পিছত মল্লযুঁজাৰুসকল শান্ত হৈ থকাৰ সময়তে দিল্লী আৰক্ষীয়ে প্ৰথমতে অভিযোগৰ বিৰুদ্ধে কোনো প্ৰমাণ নথকাৰ বাবে একাধিক প্ৰতিবেদন খণ্ডন কৰে (Delhi police investigation in Wrestlers Case) । আনহাতে, এপষেকৰ ভিতৰত আদালতক এই বিষয়ে সবিশেষ জনাব বুলি আশা কৰা গৈছে ।

"১৫ দিনৰ ভিতৰত আমি আমাৰ প্ৰতিবেদন আদালতত দাখিল কৰিম । এয়া হয় চাৰ্জ শ্বীট বা চূড়ান্ত প্ৰতিবেদনৰ ৰূপত হ'ব পাৰে । মল্লযোদ্ধাসকলৰ দাবী প্ৰমাণ কৰিবলৈ কোনো সমৰ্থক প্ৰমাণ নাই । এজাহাৰত অন্তৰ্ভুক্ত কৰা যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইনৰ (POCSO) ধাৰাবোৰত কাৰাবাসৰ সময় ৭ বছৰ কম আছে । যাৰ ফলত ভুক্তভোগীসকলে দাবী কৰা অনুসৰি তদন্তকাৰী বিষয়াসকল গ্ৰেপ্তাৰৰ পৰ্যায়লৈকে আগবাঢ়ি যোৱাটো অসম্ভৱ হৈ পৰে । তেওঁ সাক্ষীক প্ৰভাৱিত কৰা নাই বা তেওঁ প্ৰমাণো ধ্বংস কৰা নাই ।" শীৰ্ষ আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি এএনআইয়ে নিজৰ প্ৰতিবেদনত এই কথা উল্লেখ কৰিছে (sexual harassment case against WFI president) ।

আনহাতে, এই প্ৰতিবেদনখন নাকচ কৰি দিল্লী আৰক্ষীয়ে কয়, "এইটো স্পষ্ট কৰি দিব খোজো যে বাতৰিটো ভুল আৰু এই সংবেদনশীল ঘটনাটোৰ তদন্ত সকলো প্ৰকাৰৰ সংবেদনশীলতাৰে চলি আছে ।" ইফালে পিটিআয়ে জনাইছে যে দিল্লী আৰক্ষীৰ এজন জনসম্পৰ্কৰক্ষী বিষয়াইয়ো সাংবাদিকক এক বাৰ্তা দিয়ে । কিন্তু এঘণ্টাৰ ভিতৰতে দিল্লী আৰক্ষীয়ে তিনিটা টুইট সন্নিৱিষ্ট নিজৰ টুইট থ্ৰেডটো ডিলিট কৰে । লগতে জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়েও সাংবাদিকসকলৰ বাবে অফিচিয়েল ৱাটছএপ গ্ৰুপত শ্বেয়াৰ কৰা তেওঁৰ মেছেজবোৰ আঁতৰাই পেলায় (Delhi police deletes thread on wrestlers case) ।

কিন্তু কিছু সময়ৰ পিছত পিআৰঅ'ৱে হিন্দীত আন এটা মেছেজ লিখে । যাৰ অৰ্থ হৈছে : "মহিলা মল্লযোদ্ধাসকলে দাখিল কৰা গোচৰবোৰ এতিয়াও বিবেচনাধীন হৈ আছে । উক্ত গোচৰসমূহৰ তদন্ত সন্দৰ্ভত আদালতৰ ওচৰত স্থিতি প্ৰতিবেদন দাখিল কৰা হৈছে । যিহেতু গোচৰবোৰৰ তদন্ত চলি আছে, সেয়ে আদালতত প্ৰতিবেদন দাখিল কৰাৰ পূৰ্বে যিকোনো কথা কোৱাটো প্ৰক্ৰিয়াবিৰোধী হ'ব ।"

উল্লেখ্য, সোমবাৰে মল্লযোদ্ধাসকলে ঘোষণা কৰে যে তেওঁলোকে WFI প্ৰধানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীৰ প্ৰতিবাদস্বৰূপে হৰিদ্বাৰৰ গংগা নদীত তেওঁলোকৰ পদকবোৰ বিসৰ্জন দিব । কিন্তু কৃষক নেতাসকলে এই বিষয়ত হস্তক্ষেপ কৰি সমস্যাটো সমাধান কৰিবলৈ তেওঁলোকৰ পৰা পাঁচ দিনৰ সময় বিচাৰে । যাৰ ফলত উক্ত সিদ্ধান্ত বাতিল কৰা হয় । আনহাতে, কৃষক সংগঠন সংযুক্ত কিষাণ মৰ্চাই মল্লযোদ্ধাসকলৰ সমৰ্থনত ১ জুনত দেশজুৰি প্ৰদৰ্শনৰ আহ্বান জনায় । ইয়াৰ উপৰি ভাৰতীয় কিষাণ ইউনিয়নৰ সভাপতি নৰেশ টিকায়েটে মহাপঞ্চায়তৰ আহ্বান জনাইছে ।

লগতে পঢ়ক :Manipur violence: মণিপুৰৰ হিংসাৰ তদন্তৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত গঠন কৰা হ’ব পেনেল !

Last Updated : Jun 1, 2023, 6:39 PM IST

ABOUT THE AUTHOR

...view details