অসম

assam

Operation against Amritpal Singh: সন্ধান নাই অমৃতপালৰ, তীব্ৰতৰ আৰক্ষীৰ অনুসন্ধান

By

Published : Mar 19, 2023, 2:20 PM IST

Operation against Amritpal Singh

ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিঙক পলাতক বুলি ঘোষণা কৰাৰ পাচৰে পৰা আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে । পঞ্জাৱ আৰক্ষীয়ে খালিস্তান পন্থীৰ বিৰুদ্ধে অভিযান চলাই তেওঁৰ প্ৰায় ৭৮ জন সহযোগীক গ্ৰেপ্তাৰ কৰিছে (78 associates of Amritpal arrested)। বিজেপি আৰু কংগ্ৰেছে দলেও আপ চৰকাৰক আদৰণি জনাইছে ।

নেশ্যনেল ডেস্ক,১৯ মাৰ্চ :পলাতক ঘোষণা কৰাৰ পাচৰে পৰা পঞ্জাৱত খলিস্তান সমৰ্থক অমৃতপাল সিঙক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত আছে (Waris Punjab De chief Amritpal Singh)। পঞ্জাৱ আৰক্ষীয়ে ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপালক বিচাৰি শনিবাৰৰ পৰাই অভিযান তীব্ৰতৰ কৰি তুলিছে । ইফালে আৰক্ষীয়ে সন্দেহ কৰা মতে ৰাজ্যখনৰ ভিতৰতে লুকাই আছে অমৃতপাল । জানিব পৰা মতে শনিবাৰে অমৃতপালক গ্ৰেপ্তাৰ কৰাৰ চেষ্টা কৰা হৈছিল যদিও আৰক্ষীৰ জালৰ পৰা পলাই যাবলৈ সক্ষম হৈছিল নেতাগৰাকী ।

পৰৱৰ্তী সময়ত অমৃতপালৰ বাহনখন নাকোদাৰত ৰখাই থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছিল । সূত্ৰৰ মতে, একেখন বাহনতে অমৃতপালৰ মোবাইল ফোনটোও পোৱা গৈছে । ইফালে অমৃতপালৰ সমৰ্থকসকলে বিভিন্ন স্থানত প্ৰতিবাদ অব্যাহত ৰাখিছে (Amritpal supporters protest)। খবৰ অনুসৰি শিখসকলে প্ৰশাসনৰ বিৰুদ্ধে নিউয়ৰ্কৰ ভাৰতীয় দূতাবাসৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিব । কানাডিয়ান কনজাৰ্ভেটিভ পাৰ্টিৰ সংসদীয় সদস্য টিম এছ উপ্পালে কোৱা মতে তেওঁ পঞ্জাৱৰ এই ঘটনাক লৈ চিন্তিত । লগতে তেওঁলোকে এই পৰিস্থিতি নিৰীক্ষণ কৰি আছে ।

ইফালে পঞ্জাৱত খালিস্তান সমৰ্থকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলাৰ লগতে বিভিন্ন সেৱা ব্যাহত হৈ পৰিছে (Police raid against Pro Khalistan leader)। চৰকাৰৰ বাছ সেৱাও দুদিনৰ বাবে ৰাজ্যজুৰি বন্ধ থাকিব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে । চৰকাৰী নিৰ্দেশ অনুসৰি, সোমবাৰ আৰু মঙলবাৰে পঞ্জাৱ ৰোডৱেজ আৰু পানবাছৰ কোনো বাছ নচলে (Govt bus services suspended in Punjab)।

অমৃতপালৰ সমৰ্থকসকলৰ দ্বাৰা হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত লোৱা হৈছে । অৱশ্যে পিআৰটিচি বাছবোৰ চলিব নে নাই সেয়া এতিয়াও স্পষ্ট নহয় ।

বিজেপি নেতা ড৹ ৰাজকুমাৰ ভেৰ্কাই কোৱা মতে অমৃতপালৰ বিৰুদ্ধে ব্যৱস্থা লোৱাটো পঞ্জাৱৰ আপ চৰকাৰৰ স্থিতি প্ৰমাণ কৰাৰ সঠিক সুযোগ (BJP on Amritpal issue)। তেওঁ জনসাধাৰণক উৰা বাতৰিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে । আনহাতে, কংগ্ৰেছ নেতা সুখজিন্দৰ সিং ৰন্ধাৱাই অমৃতপালৰ বিৰুদ্ধে কৰা পদক্ষেপক আদৰণি জনাইছে ।

উল্লেখ্য যে, আজনালা আৰক্ষী থানাত আক্ৰমণৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অমৃতপালৰ ৬ জন সহযোগীক গ্ৰেপ্তাৰ কৰিছিল (Amritpal assiciates arrested)। অমৃতপালৰ সৈতে মোগালৈ গৈ থকা অৱস্থাত তেওঁলোকক জলন্ধৰৰ মেহতপুৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল । আনহাতে পঞ্জাৱ আৰক্ষীয়ে ঘেৰাও কৰাৰ লগে লগে অমৃতপালে বাহনখন লৈ পলায়ন কৰিছিল । পঞ্জাৱ আৰক্ষীয়ে প্ৰায় ১০০ খন বাহনেহে তেওঁক খেদি গৈছিল । ইফালে আৰক্ষীয়ে জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিত অমৃতপাল সিঙক পলাতক ঘোষণা কৰা হৈছে । ইয়াৰ লগতে, তেওঁৰ ৭৮ জন সহযোগীকো গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে ।

লগতে পঢ়ক :Operation against Khalistan supporter : পঞ্জাৱৰ পৰা ডিব্ৰুগড়লৈ স্থানান্তৰ চাৰি খালিস্তানী সমৰ্থকক

ABOUT THE AUTHOR

...view details