Operation against Khalistan supporter : পঞ্জাৱৰ পৰা ডিব্ৰুগড়লৈ স্থানান্তৰ চাৰি খালিস্তানী সমৰ্থকক

author img

By

Published : Mar 19, 2023, 1:39 PM IST

Operation against Khalistan supporter

পঞ্জাৱত অমৃতপাল সিং আৰু সমৰ্থকৰ বিৰুদ্ধে অভিযান চলি থকাৰ মাজতে অসমলৈ অনা হৈছে ৪ খালিস্তানী সমৰ্থকক (4 Khalistan Supporters brought to Assam)। বায়ুসেনাৰ বিমানেৰে অনা হৈছে সমৰ্থক কেইজনক । ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত ৰখা হ'ব তেওঁলোকক । কিন্তু অসমলৈ কিয় অনা হৈছে নেতাকেইজনক ?

ডিব্ৰুগড়লৈ অনা হৈছে ৪ ধৃত খালিস্তানী নেতা

ডিব্ৰুগড়, ১৯ মাৰ্চ : খালিস্তানী সমৰ্থক বিৰোধী অভিযানক লৈ দেশ উত্তাল হৈ পৰিছে (Operation against Khalistan supporter)। পঞ্জাৱৰ বহু জিলাত ১৪৪ ধাৰা জাৰি কৰাৰ উপৰিও সমগ্ৰ ৰাজ্যখনতে অধিক কটকটীয়া ব্যৱস্থা গঢ়ি তোলা হৈছে । ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিং আৰু তেওঁ সহযোগীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে । ইয়াৰ মাজতে অসমলৈ অনা হৈছে ৪ খালিস্তানী সমৰ্থকক (4 Khalistani supporters brought to Assam)।

উল্লেখ্য যে, দেওবাৰে পুৱাই ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত হঠাৎ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে । জানিব পৰা মতে পঞ্জাৱৰ ৱাৰিছ পঞ্জাৱ দে নামৰ সংগঠনটোৰ মুৰব্বী অমৃতপাল সিঙৰ ৪ সহযোগীক অনা হৈছে ডিব্ৰুগড়লৈ (4 associates of Amritpal Singh in Dibrugarh)। পঞ্জাৱৰ পৰা বায়ু সেনাৰ বিশেষ বিমানযোগে ডিব্ৰুগড়লৈ অনা হৈছে নেতাকেইজনক ।

জানিব পৰা মতে তেওঁলোকক ৰখা হ'ব ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত । অৱশ্যে নেতাকেইজনক কিয় ডিব্ৰুগড়লৈ অনা হৈছে সেই সম্পৰ্কে ডিব্ৰুগড় আৰক্ষী আৰু জিলা প্ৰশাসনে এতিয়ালৈ মুখ খোলা নাই । ইফালে অমৃতপাল সিঙৰ ৪ সহযোগীক ডিব্ৰুগড়ৰ কাৰাগাৰত অনাৰ পাচতে কাৰাগাৰৰ সন্মুখৰ লগতে চাৰিও দিশত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে (Tight security in Dibrugarh central jail)। উল্লেখ্য যে ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিঙক ইতিমধ্যে পলাতক ঘোষণা কৰিছে পঞ্জাৱ আৰক্ষীয়ে ।

কিন্তু পঞ্জাৱৰ পৰা কি কাৰণত অমৃতপাল সিঙৰ সহযোগীক ডিব্ৰুগড় কাৰাগাৰলৈ অনা হৈছে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত আছে । গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে, কেইটামান দিনৰ পূৰ্বে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে ডিব্ৰুগড় কাৰাগাৰ পৰিদৰ্শন কৰি গৈছিল । অসম চৰকাৰ তথা অসম আৰক্ষীলৈ ভাৰত চৰকাৰৰ আগতীয়া নিৰ্দেশ আছিল নেকি ? সেয়াও নিশ্চিত নহয় ।

কেন্দ্ৰীয় সংস্থাৰ সূত্ৰৰ মতে খলিস্তান পন্থী 'ৱাৰিছ পঞ্জাৱ ডে'ৰ মুৰব্বী অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা চলি থকাৰ সময়তে পলাতক অমৃতপাল সিঙৰ সহযোগীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে (Amritpal Singh close aide arrested)। সংগঠনটোৰ উপদেষ্টা আৰু বিত্ত বিভাগৰ নেতাক গ্ৰেপ্তাৰ কৰাৰ কথা গম পোৱা গৈছে । সূত্ৰৰ মতে গ্ৰেপ্তাৰ হোৱা নেতাজন হৈছে দলজিৎ সিং কালচি ওৰফে সৰবজিৎ সিং কালচি । যি অমৃতপাল সিঙৰ এজন কথিত উপদেষ্টা আৰু ফাইনেঞ্চাৰ বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Operation against Amritpal : সেনাৰ নিৱেশত পৰিণত অমৃতপাল সিঙৰ গাঁও

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.