অসম

assam

Women's Reservation Bill: মহিলা সংৰক্ষণ বিধেয়ক গৃহীত সন্দৰ্ভত আজি আনুষ্ঠানিক ঘোষণাৰ সম্ভাৱনা

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 7:02 AM IST

লোকসভা আৰু বিধানসভাত মহিলাৰ বাবে আসন সংৰক্ষণ সন্দৰ্ভত আজি প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এই বিধেয়কত অনুমোদন জনোৱা বুলি এক সূত্ৰই জনাইছে ৷

Women's Reservation Bill
Parliament special Session

নিউজ ডেস্ক, 19 ছেপ্টেম্বৰ: কেন্দ্ৰীয় চৰকাৰে লোকসভা আৰু বিধানসভাত মহিলাৰ বাবে 33 শতাংশ সংৰক্ষণ বিধেয়কত অনুমোদন জনোৱা বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে । মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে এই সিদ্ধান্ত ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি লগতে প্ৰকাশ কৰিছে সূত্ৰটোৱে । সোমবাৰে, সংসদৰ বিশেষ অধিৱেশনৰ প্ৰথম দিনটোত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে ৷ ইয়াৰ ফলত কিছুমান গুৰুত্বপূৰ্ণ বিধানসভাৰ প্ৰস্তাৱ স্পষ্ট হ’ব পাৰে বুলি জল্পনা-কল্পনা চলি আছে ।

কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকত কেবিনেটৰ সন্মুখত এজেণ্ডাৰ বিষয়ত আনুষ্ঠানিকভাৱে কোনো কথা কোৱা হোৱা নাছিল । 18 ছেপ্টেম্বৰৰ পৰা 22 ছেপ্টেম্বৰলৈ সংসদৰ অধিৱেশন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰাৰ পিছৰে পৰা অধিৱেশনৰ সময়ত উত্থাপিত হ’ব পৰা মহিলা সংৰক্ষণ বিধেয়ককে ধৰি বিভিন্ন বিধেয়ক সন্দৰ্ভত জল্পনা-কল্পনা চলি আহিছে ৷

সংসদৰ চলি থকা বিশেষ অধিৱেশনৰ কাৰ্যসূচী সন্দৰ্ভত আলোচনাৰ বাবে আহ্বান কৰা হয় কেবিনেট বৈঠক । কেবিনেট বৈঠকৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱাল, প্ৰহ্লাদ যোশী আদিয়ে ।

"লোকসভা আৰু ৰাজ্যসভা দিনটোৰ বাবে স্থগিত ৰখাৰ পিছত সন্ধিয়া বৈঠক অনুষ্ঠিত হয় । মঙলবাৰে নতুন সংসদ ভৱনত দুয়োটা সদনৰ অধিবেশন অনুষ্ঠিত হ'ব ।" যোৱা 75 বছৰীয়া সংসদীয় গণতন্ত্ৰৰ বিষয়ত আলোচনাৰ অন্তত সোমবাৰে দুয়োটা সদন স্থগিত ৰখা হয় ৷ প্ৰিজাইডিং বিষয়াসকলে কয় যে, মঙলবাৰে বিয়লি নতুন সংসদ ভৱনত কাৰ্যবিধি আৰম্ভ হ’ব ।

"লোকসভাৰ অধ্যক্ষই কয় যে সদন স্থগিত ৰখা হৈছে আৰু নতুন সংসদ ভৱনত দিনৰ 1.15 বজাত বৈঠক অনুষ্ঠিত হ'ব ।" ৰাজ্য সভাৰ অধ্যক্ষ জগদীপ ধনখৰে সদন স্থগিত ৰাখি দুপৰীয়া 2.15 বজাত নতুন সংসদ ভৱনত বৈঠক অনুষ্ঠিত হ'ব বুলি কয় ।"

"সংসদৰ বিশেষ অধিৱেশনৰ প্ৰথম দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত বিতৰ্ক আৰম্ভ কৰি দুয়োখন সদনে ‘সংবিধান সভাৰ পৰা আৰম্ভ কৰি 75 বছৰীয়া সংসদীয় যাত্ৰা, কৃতিত্ব, অভিজ্ঞতা, স্মৃতি আৰু শিক্ষণ’ৰ বিষয়ে আলোচনা কৰে ।" 22 ছেপ্টেম্বৰলৈকে চলিব এই বিশেষ অধিবেশন ।

লগতে পঢ়ক:PM Modi Slams Congress : পুৰণি সংসদক বিদায় দিয়াৰ পূৰ্বে কংগ্ৰেছক আক্ৰমণ প্ৰধানমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details