অসম

assam

Tripura by election 2022: ত্ৰিপুৰাত উপ-নিৰ্বাচনৰ প্ৰচাৰত উঠি পৰি লাগিছে বিজেপি

By

Published : Jun 12, 2022, 1:01 PM IST

Tripura BJP intensify poll campaign for by election
ত্ৰিপুৰাত উপ নিৰ্বাচনৰ প্ৰচাৰত উঠি পৰি লাগিছে বিজেপি

ত্ৰিপুৰাৰ চাৰিটাকৈ সমষ্টিত চলিছে উপ নিৰ্বাচনৰ প্ৰচাৰ (By election campaign in Tripura)। শাসকীয় বিজেপিয়ে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে । আগৰতলা আৰু বৰদোৱালী সমষ্টিত দলৰ শীৰ্ষ নেতাই ঘৰে ঘৰে প্ৰচাৰ আৰম্ভ কৰিছে । মুখ্যমন্ত্ৰী ড০ মানিক সাহাইও নিজৰ সমষ্টিত ব্যাপকভাৱে প্ৰচাৰ চলাইছে ।

আগৰতলা,১২ জুন :অহা ২৩ জুনত ত্ৰিপুৰাৰ চাৰিটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন (Tripura by election 2022)। ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে বিজেপিয়ে । বিজেপিয়ে ঘৰে ঘৰে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ (Door to door campaign of BJP in Tripura)।

উল্লেখ্য যে ২০২৩ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই উপ-নিৰ্বাচন বিজেপিৰ বাবে এক অগ্নি পৰীক্ষাতকৈও কম নহয় । বিশেষকৈ দুটা সমষ্টি ক্ৰমে আগৰতলা আৰু টাউন বৰদোৱালীত বিজেপিয়ে সকলো শক্তি প্ৰয়োগ কৰিছে (By election campaign of BJP in Tripura)। কিয়নো এই সমষ্টি দুটাত বহু কেইগৰাকী প্ৰভাৱশালী নেতাই প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।

বিজেপিৰ প্ৰাক্তন মন্ত্ৰী সুদীপ ৰয় বৰ্মনকে ধৰি দুগৰাকী প্ৰভাৱশালী নেতা ক্ৰমে প্ৰাক্তন বিধায়ক আশীষ কুমাৰ সাহা আৰু মুখ্যমন্ত্ৰী ড০ মানিক সাহাই প্ৰতিদ্বন্দিতা আগবঢ়াইছে । অৱশ্যে, বাকী আসনসমূহতো বিজেপি জয়ী হ'ব বুলি যথেষ্ট আত্মবিশ্বাসী দলটো । পুৱাই বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ মানিক সাহাই টাউন বৰদোৱালী সমষ্টিত ঘৰে ঘৰে প্ৰচাৰ চলাইছে (By election campaign of Tripura CM)। যিহেতু এই সমষ্টিৰ পৰাই তেওঁ প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।

নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে টাউন বৰদোৱালী বিধানসভা সমষ্টিৰ লোকসকলে শীঘ্ৰেই এক নতুন অভিভাৱক পাব । যিহেতু তেওঁ এগৰাকী চিকিৎসক সেয়ে সমষ্টিটোৰ লোকসকলৰ সৈতে তেওঁ এক ঘনিষ্ঠ সম্পৰ্ক আছে বুলি সাহাই দাবী কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে ৰাইজে তেওঁক সমৰ্থন কৰি আছে আৰু তেওঁক আশ্বাস দিছে যে ৰাইজে তেওঁৰ পক্ষতে ভোট দিব ।

ড০ সাহাৰ মতে বিজেপিয়ে সদায় সাধাৰণ মানুহৰ কথা চিন্তা কৰে । বিজেপিৰ মূল লক্ষ্য হৈছে উন্নয়ন । আনহাতে সমষ্টিটোত দীৰ্ঘদিন ধৰি বিভিন্ন সমস্যা আছিল । যিবোৰ তেওঁ সমাধান কৰিব বুলিও আশ্বাস প্ৰদান কৰে । বিজেপিয়ে আটাইকেইখন আসনতে বিপুল ভোটত জয়ী হ'ব বুলি আশাবাদী মুখ্যমন্ত্ৰীগৰাকী ।

আনহাতে আগৰতলা সমষ্টিত ঘৰে ঘৰে প্ৰচাৰ চলাইছে বিজেপি প্ৰাৰ্থী ড০ অশোক সিনহাই । মুঠতে প্ৰতিটো সমষ্টিতে বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰত উঠি পৰি লাগিছে । শাসকীয় বিধায়ক-মন্ত্ৰী সকলো বিজেপি প্ৰাৰ্থীৰ প্ৰচাৰ নামিছে ।

লগতে পঢ়ক :Tripura bye election 2022 : ১৬ গৰাকী বিজেপি কৰ্মীৰ বিৰুদ্ধে কংগ্ৰেছৰ এজাহাৰ

ABOUT THE AUTHOR

...view details