ETV Bharat / bharat

ঝাৰখণ্ডৰ মন্ত্ৰী আলমগিৰ আলমক গ্ৰেপ্তাৰ ইডিৰ - ED arrested Alamgir Alam

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 8:05 PM IST

Minister Alamgir Alam Arrested: ঝাৰখণ্ডৰ মন্ত্ৰী আলমগিৰ আলমক গ্ৰেপ্তাৰ কৰা হৈছে । দুদিনৰ সোধা-পোছাৰ পিচত ইডিয়ে বুধবাৰে এই পদক্ষেপ গ্ৰহণ কৰে ।

Minister Alamgir Alam Arrested
ঝাৰখণ্ডৰ মন্ত্ৰী আলমগিৰ আলমক গ্ৰেপ্তাৰ (ETV Bharat)

নিউজ ডেস্ক, ১৫ মে' : ঝাৰখণ্ডৰ মন্ত্ৰী আলমগিৰ আলমক ইডিয়ে গ্ৰেপ্তাৰ কৰিছে । ইডিয়ে তেওঁৰ অ'এছডি আৰু পৰিচাৰকৰ ঘৰৰ পৰা বৃহৎ নগদ ধন উদ্ধাৰৰ ঘটনাত এই পদক্ষেপ গ্ৰহণ কৰে ।

উল্লেখ্য যে বিগত কিছুদিন ধৰি ঝাৰখণ্ডৰ মন্ত্ৰী তথা কংগ্ৰেছ নেতা আলমগিৰ আলম চৰ্চাত আছিল । বিশেষকৈ তেওঁৰ অ'এছডি আৰু ঘৰত কাম কৰা এজন ব্যক্তিৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰৰ ঘটনাৰ পিচত ইডিয়ে তেওঁক গ্ৰেপ্তাৰ কৰে । কেইদিনমান পূৰ্বে তেওঁৰ অ'এছডি আৰু পৰিচাৰকজনৰ ঘৰৰ পৰা কোটি কোটি টকা উদ্ধাৰ কৰা হৈছিল ।

ইডিয়ে বিগত দুদিন ধৰি তেওঁক সোধা-পোছা কৰি আছিল । মঙলবাৰে ইডিয়ে তেওঁক প্ৰায় ন-ঘণ্টা ধৰি সোধা-পোছা কৰে । আনহাতে, বুধবাৰেও ঝাৰখণ্ডৰ মন্ত্ৰী আলমগিৰ আলমক প্ৰৱৰ্তন সঞ্চালকালয়ে সোধা-পোছা কৰে ।

উল্লেখ্য যে যোৱা ৬ মে'ত ইডিয়ে আলমগিৰ আলমৰ ব্যক্তিগত সচিব সঞ্জীৱ লালৰ ঘৰুৱা পৰিচাৰক জাহাংগীৰ আলমৰ ঘৰত তালাচী চলায় । এই সময়ছোৱাত তেওঁলোকৰ ঘৰৰ পৰা নগদ কেইবা কোটি টকা উদ্ধাৰ কৰে । তালাচী অভিযানৰ সময়ত সঞ্জীৱ লাল আৰু জাহাংগীৰ আলমক গ্ৰেপ্তাৰ কৰা হয় । ধন সৰবৰাহৰ তদন্ত ৰাজ্যখনৰ গ্ৰামোন্নয়ন বিভাগত সংঘটিত হোৱা কথিত অনিয়মৰ সৈতে জড়িত ।

আলমগিৰ আলম কোন ?

কংগ্ৰেছ নেতা তথা পাকুৰৰ বিধায়ক আলমগিৰ আলম হৈছে ঝাৰখণ্ড চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰী । গ্ৰামোন্নয়ন বিভাগৰ প্ৰাক্তন মুখ্য অভিযন্তা বীৰেন্দ্ৰ ৰামৰ বিৰুদ্ধে চলি থকা ধন আত্মসাতৰ তদন্ত সন্দৰ্ভত এই অভিযান চলোৱা হৈছিল । তেওঁক যোৱা বছৰ গ্ৰেপ্তাৰ কৰা হৈছিল ।

লগতে পঢ়ক :ফাষ্ট ট্ৰেক আদালতত জ্ঞানৱাপী মছজিদ গোচৰৰ শুনানি - Hearing On Originality Of Gyanvapi

লগতে পঢ়ক :স্বাতী মালিৱালক আক্ৰমণ, মুখ্যমন্ত্ৰীৰ বাসভৱনৰ ওচৰত বিজেপিৰ মহিলা কৰ্মীৰ প্ৰতিবাদ - BJP Protest At Delhi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.