ETV Bharat / bharat

স্বাতী মালিৱালক আক্ৰমণ, মুখ্যমন্ত্ৰীৰ বাসভৱনৰ ওচৰত বিজেপিৰ মহিলা কৰ্মীৰ প্ৰতিবাদ - BJP protest at Delhi

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 3:29 PM IST

Swati Maliwal assault case: স্বাতী মালিৱালক দুৰ্ব্যৱহাৰ কৰাৰ প্ৰসংগক লৈ ৰাজনীতি এতিয়া উত্তপ্ত হৈ পৰিছে । দিল্লীৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ বাহিৰত অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে বিজেপি মহিলা কৰ্মীৰ প্ৰতিবাদ । তেওঁলোকে মুখ্যমন্ত্ৰী কেজৰিৱালৰ পদত্যাগ দাবী কৰে ।

Swati Maliwal assault case
দিল্লীত বিজেপিৰ মহিলা কৰ্মীৰ প্ৰতিবাদ (ETV Bharat Delhi)

দিল্লীত বিজেপিৰ মহিলা কৰ্মীৰ প্ৰতিবাদ (ETV Bharat Delhi)

নিউজ ডেস্ক, ১৫ মে': দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসভৱনত ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালৰ সৈতে হোৱা দুৰ্ব্যৱহাৰৰ ঘটনাক লৈ এতিয়া দিল্লীৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে । আনহাতে, বিজেপিয়ে এই বিষয়টোৰ প্ৰসংগ উত্থাপন কৰি আপক তীব্ৰ আক্ৰমণ কৰিছে । লগতে ভাৰতীয় জনতা পাৰ্টীয়ে এই বিষয়টোক ৰাজনৈতিক লাভালাভৰ মূলধন কৰিবলৈ উঠি-পৰি লাগিছে ।

ইয়াৰে অংশ হিচাপে বিজেপি মহিলা কৰ্মীসকলে মুখ্যমন্ত্ৰীৰ বাসগৃহৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকে মুখ্যমন্ত্ৰী কেজৰিৱালৰ বিৰুদ্ধে তীব্ৰ শ্লোগান দিয়ে আৰু লগতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁৰ পদৰ পৰা পদত্যাগ কৰা উচিত বুলি দাবী কৰে ।

উল্লেখ্য যে স্বাতী মালিৱালে অভিযোগ কৰিছিল যে তেওঁক মুখ্যমন্ত্ৰীৰ বাসগৃহত প্ৰহাৰ কৰা হৈছিল । মঙলবাৰে আপৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙেও বিষয়টো সন্দৰ্ভত এক বিবৃতি প্ৰদান কৰে । তেওঁ কয় যে এই বিষয়ত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

ইয়াৰ পূৰ্বে এই বিষয়ত স্বাতী মালিৱালৰ প্ৰাক্তন স্বামী নবীন জয়হিন্দে মুখ্যমন্ত্ৰী কেজৰিৱালক আক্ৰমণ কৰিবলৈ চেষ্টা কৰে । তেওঁ কয় যে সঞ্জয় সিঙে অৰবিন্দ কেজৰিৱালৰ শ্ৰুতলিপি মতে কাম কৰি আছে ।

নবীন জয়হিন্দে কয়, "স্বাতী মালিৱালক ভাবুকি দিয়া হৈছে, তেওঁক ভয় দেখুওৱা হৈছে । অন্যথা কোনেও আৰক্ষীক এনেদৰে ফোন নকৰে বা আৰক্ষী থানাৰ পৰা উভতি নাহে আৰু এনচিডব্লিউয়ে এই বিষয়ত ব্যৱস্থা লোৱা উচিত । স্বাতী আগবাঢ়ি আহিব লাগে, তেওঁক নীৰৱ কৰি ৰাখিব নোৱাৰি । মই নাজানো তেওঁৰ ওপৰত কি হেঁচা দিয়া হৈছে । দিল্লী আৰক্ষীয়ে বিষয়টো বিবেচনা কৰা উচিত ।"

লগতে পঢ়ক :সন্ত্ৰাসবাদ-নক্সালবাদৰ পৰা শ্ৰীনগৰত ভোটদানলৈকে; ঝাৰখণ্ডত মোদীৰ মুখত সফলতাৰ জয়গান - Lok Sabha Election 2024

লগতে পঢ়ক :মাতৃৰ মমতাৰ পৰা চিৰদিনলৈ বঞ্চিত মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া - RAJMATA SCINDIA PASSES AWAY

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.