ETV Bharat / bharat

মাতৃৰ মমতাৰ পৰা চিৰদিনলৈ বঞ্চিত মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া - RAJMATA SCINDIA PASSES AWAY

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 1:53 PM IST

SCINDIA MOTHER DEATH : কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ মাতৃ মাধৱীৰাজে সিন্ধিয়াৰ বুধবাৰে দেহাৱসান ঘটে । পুৱা প্ৰায় 9.28 বজাত 70 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে মন্ত্ৰীগৰাকীৰ মাতৃয়ে ।

RAJMATA SCINDIA PASSES AWAY
জ্যোতিৰাদিত্য সিন্ধিয়াৰ মাতৃ বিয়োগ (Source : Etv Bharat MP)

নেশ্যনেল ডেস্ক, 15 মে’: সিন্ধিয়া ৰাজপৰিয়ালৰ বাবে এক দুখবৰ ৷ চিৰদিনলৈ মাতৃস্নেহৰ পৰা বঞ্চিত হৈ ৰ’ল কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া ৷ মন্ত্ৰীগৰাকীৰ মাতৃ মাধৱী ৰাজে সিন্ধিয়াৰ বুধবাৰে পুৱা নতুন দিল্লীত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে ৷

বিগত তিনিমাহ ধৰি মাধৱী ৰাজে সিন্ধিয়াৰ চিকিৎসা চলি আছিল দিল্লীৰ এইমছ হাস্পতালত ৷ কিছুদিন পূৰ্বৰে পৰা মন্ত্ৰীগৰাকীৰ মাতৃ আছিল ভেণ্টিলেটৰত ৷

গুণা লোকসভা আসনৰ পৰা এইবেলি নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা জ্যোতিৰাদিত্য সিন্ধিয়াৰ মাতৃ ৰাজমাতা মাধৱী ৰাজে সিন্ধিয়া ৩০ এপ্ৰিলত গুৰুতৰভাৱে অসুস্থ হোৱাৰ খবৰ পোৱা গৈছিল । ৰাজমাতা গৰাকীয়ে নিউমোনিয়াৰ লগতে চেপচিছত ভূগি থকা বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, এই খবৰ লাভৰ পিছতে লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য এৰি সপত্নীক মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই দিল্লীস্থ চিকিৎসাধীন মাতৃৰ কাষ পাইছিলগৈ ৷ তদুপৰি 2 মে’ পৰ্যন্ত মন্ত্ৰীগৰাকীৰ সকলো ভ্ৰমণসূচী বাতিল কৰা হৈছিল ৷

আনহাতে, নিৰ্বাচনী প্ৰচাৰৰ বাবে সিন্ধিয়াই কেইবাবাৰো দিল্লীলৈ গৈ উভতি আহিবলগা হৈছিল । নিৰ্বাচনৰ হেতুকে পৰিয়ালটোৱে এক কঠিন পৰিস্থিতিৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছিল যদিও সিন্ধিয়া পৰিয়ালে এনে পৰিস্থিতিতো ধৈৰ্য ধৰি স্থিৰ হৈ আছিল ৷

উল্লেখ্য যে, মাধৱী ৰাজে সিন্ধিয়া আছিল মাধৱৰাজ সিন্ধিয়াৰ পত্নী আৰু ৰাজমাতা বিজয়া ৰাজে সিন্ধিয়াৰ বোৱাৰী ৷ তেওঁৰ আছিল নেপালৰ ৰাজপৰিয়ালৰ সৈতে এক সু-সম্পৰ্ক ৷ পিছে ৰাজমাতা গৰাকীয়ে কেতিয়াও সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰা নাছিল ৷

অৱশ্যে মাধৱৰাও সিন্ধিয়াৰ পৰা জ্যোতিৰাদিত্য সিন্ধিয়ালৈকে পৰিয়ালৰ প্ৰতিগৰাকী ৰাজনীতিবিদকে সমৰ্থন আগবঢ়াইছিল ৰাজমাতাই । প্ৰচাৰৰ স্বাৰ্থত তেওঁ বহু সময়ত ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰা দেখা গৈছিল ৷

লগতে পঢ়ক: অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ জ্যোতিৰাদিত্য সিন্ধিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.