অসম

assam

তৃণমূল, চিপিআইএমে সাম্প্ৰদায়িকতা বিয়পাইছে : বিপ্লৱ দেৱ

By

Published : Sep 14, 2021, 9:15 AM IST

TMC, CPIM trying to play communal card : Biplab Deb
তৃণমূল, চি পি আই এমে সাম্প্ৰদায়িকতা বিয়পাইছে : বিপ্লৱ দেৱ

সোমবাৰে দলীয় এক ৰেলীত অংশগ্ৰহণ কৰি তৃণমূল কংগ্ৰেছ আৰু চিপিআই(এম)ৰ বিৰুদ্ধে সৰৱ হৈ পৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ ৷ দুয়োটা দলে ৰাজ্যখনত সাম্প্ৰদায়িকতা বিয়পাবলৈ চেষ্টা কৰা বুলি অভিযোগ বিপ্লৱ দেৱৰ ৷

আগৰতলা, 14 ছেপ্তেম্বৰ : ত্ৰিপুৰা নিৰ্বাচনৰ পূৰ্বে সাম্প্ৰদায়িকতা বিয়পাব বিচৰাৰ বাবে তৃণমূল কংগ্ৰেছ আৰু বিৰোধী দল চিপিআই(এম)ক সমালোচনা ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ ৷ ত্ৰিপুৰাৰ কৈলাশহাহাৰত এক দলীয় ৰেলীত অংশগ্ৰহণ কৰি বিপ্লৱ দেৱে কয়, "বহিৰাগত এটি দল আৰু সেই দলটোৰ বহিৰাগত নেতাসকলে সাম্প্ৰদায়িকৰ মেৰুকৰণৰ উদ্দেশ্যে এটা বিশেষ সম্প্ৰদায়ক আকৰ্ষণ কৰাৰ বাবে এনেধৰণৰ বিষবাস্প বিয়পাইছে" ৷

তৃণমূল কংগ্ৰেছক আক্ৰমণৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, "তেওঁলোকে ক’ভিড প্ৰতিষেধকক কেন্দ্ৰ কৰি ৰাইজৰ মাজত সৃষ্টি হোৱা ক্ৰোধ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰয়াস কৰি আছে কিয়নো এই পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তেওঁলোক ত্ৰিপুৰাতকৈ পিছপৰি আছে" ৷

আনহাতে, চিপিআই(এম)ক উদ্দেশ্যি তেওঁ কয়, যিটো দলে ৰাজ্যখনত খোৱাপানীৰ সমস্যা সমাধান কৰাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল, যিটো দলে আমাৰ মূৰৰ ওপৰত আৰ্থিক বোজা দি থৈ গৈছে, তেওঁলোক এতিয়া পুনৰ ক্ষমতালৈ আহিবলৈ ইমানেই উত্ৰাৱল হৈ পৰিছে যে তেওঁলোকে সাম্প্ৰদায়িক বিষবাস্প বিয়পাবলৈও সংকোচ কৰা নাই ৷ ৰাইজৰ শান্তি আৰু সম্প্ৰীতি কোনো কাৰণতে বিপদাপন্ন হ’ব নালাগে ৷

বিপ্লৱ দেৱে এই অনুষ্ঠানৰ জৰিয়তেই বিভিন্ন দলৰ পৰা বিজেপিত আহি যোগদান কৰা 2,357 গৰাকী সদস্যক দলটোলৈ আদৰণি জনায় ৷ "এয়া উল্লেখনীয় যে, যোৱা কেইটা সপ্তাহত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকে দলটোত যোগদান কৰি ত্ৰিপুৰাত গেৰুৱা বাহিনীক শক্তিশালী কৰি তুলিছে"- বিপ্লৱ দেৱে কয় ৷

লগতে পঢ়ক :AAPৰ ৰাষ্ট্ৰীয় সম্পাদকলৈ EDৰ চমনঃ প্ৰধানমন্ত্ৰীক সমালোচনা কেজৰিৱালৰ

ABOUT THE AUTHOR

...view details