ETV Bharat / bharat

AAPৰ ৰাষ্ট্ৰীয় সম্পাদকলৈ EDৰ চমনঃ প্ৰধানমন্ত্ৰীক সমালোচনা কেজৰিৱালৰ

author img

By

Published : Sep 13, 2021, 7:52 PM IST

Delhi Chief Minister Kejriwal against Modi
প্ৰধানমন্ত্ৰীক সমালোচনা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ

'ৰাইজে নিকা ৰাজনীতি বিচাৰে । চমনবোৰে আমাক অধিক শক্তিশালীহে কৰি তোলে' । আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় সম্পাদক পংকজ গুপ্তা(Pankaj Gupta)লৈ এনফ'ৰ্চমেণ্ট ডাইৰেক্টৰেটে(Enforcement Directorate) চমন জাৰি কৰাৰ পিছতে সোমবাৰে টুইটযোগে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে(Arvind Kejriwal) ।

নেশ্যনেল ডেস্ক, ১৩ ছেপ্টেম্বৰ: আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় সম্পাদক পংকজ গুপ্তা(Pankaj Gupta)লৈ এনফ'ৰ্চমেণ্ট ডাইৰেক্টৰেটে(Enforcement Directorate) চমন জাৰি কৰাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi) আৰু তেওঁ চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে(Arvind Kejriwal) । সোমবাৰে টুইটযোগে তেওঁ অভিযোগ উত্থাপন কৰে যে, দেশৰ মুখ্য তদন্তকাৰী সংস্থা, যেনে এনফ'ৰ্চমেণ্ট ডাইৰেক্টৰেট, চিবিআই আৰু দিল্লী আৰক্ষীৰ অপব্যৱহাৰ কৰি গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰক মোডী নেতৃত্বাধীন চৰকাৰে অপদস্থ কৰিছে । টুইটটোত তেওঁ উল্লেখ কৰে যে, দিল্লীত তথ্য প্ৰযুক্তি বিভাগ, চিবিআই, দিল্লী আৰক্ষীৰ সৈতে লগ হৈ বিজেপিয়ে আম আদমী পাৰ্টীক পৰাজিত কৰিবলৈ চেষ্টা কৰিছিল । কিন্তু আম আদমী পাৰ্টীয়ে ৬২ খন আসন লাভ কৰিছিল ।

ইয়াৰ পাছত এতিয়া পঞ্জাৱ, গোৱা, উত্তৰাখণ্ড, গুজৰাটত আম আদমী পাৰ্টীৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ লগে লগে এতিয়া দলটোৰ নেতালৈ এনফ'ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ পৰা জাননী জাৰি কৰা হৈছে । তেওঁ লগতে উল্লেখ কৰে যে, ভাৰতৰ জনসাধাৰণে নিকা ৰাজনীতি বিচাৰে । বিজেপিৰ এই কৌশলবোৰ কেতিয়াও সফল নহয় আৰু তেওঁলোকৰ এনে কাণ্ডই আম আদমী পাৰ্টীক শক্তিশালী কৰি তুলিব কেজৰিৱালে টুইটটোত উল্লেখ কৰে । আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় সম্পাদক পংকজ গুপ্তালৈ এনফ'ৰ্চমেণ্ট ডাইৰেক্টৰেটে চমন জাৰি কৰাৰ পিছতে সোমবাৰে কেজৰিৱালে টুইটযোগে কেন্দ্ৰীয় চৰকাৰক এনেদৰে সমালোচনা কৰে ।

উল্লেখ্য যে, চমনযোগে ২২ ছেপ্টেম্বৰত পংকজ গুপ্তাক এনফ'ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ কোৱা হৈছিল । Money Laundering Act (PMLA)ৰ অধীনত সোধা-পোছাৰ বাবে পংকজ গুপ্তালৈ চমন জাৰি কৰা হৈছে ।

জাননীখনৰ কাৰণ স্পষ্ট নহয় যদিও এই বিষয়টোৰ সৈতে পঞ্জাৱৰ বিধায়ক সুখপাল সিং খাইৰাৰ সম্পৰ্ক আছে বুলি চৰ্চা চলিছে । ইয়াৰ পূৰ্বে, আম আদমী পাৰ্টীৰ মুখপাত্ৰ ৰাঘৱ চাধাই অভিযোগ উত্থাপন কৰিছিল যে বিজেপি আৰু কংগ্ৰেছে কেজৰিৱাল নেতৃত্বাধীন দলটোৰ বিৰুদ্ধে চিবিআই আৰু এনফ'ৰ্চমেণ্ট ডাইৰেক্টৰেটক ব্যৱহাৰ কৰি আহিছে । কিয়নো আম আদমী পাৰ্টী এই দুয়োটা ৰাষ্ট্ৰীয় দলৰ বাবে আটাইতকৈ শক্তিশালী বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিছে ।

লগতে পঢ়ক:গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ভূপেন্দ্ৰ পেটেলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.