অসম

assam

Shahrukh Khan called CM: নিশা দুই বজাত হঠাৎ হিমন্ত বিশ্ব শৰ্মালৈ শ্বাহৰুখ খানৰ ফোন

By

Published : Jan 22, 2023, 11:53 AM IST

Updated : Jan 22, 2023, 12:27 PM IST

Shahrukh Khan called CM Himanta Biswa Sarma
মুখ্যমন্ত্ৰীলৈ আহিল ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ ফোন ()

পাঠানক লৈ তৰ্ক-বিতৰ্ক চলি থকাৰ মাজতে অসমতো জ্বলিল ছবিখনৰ পোষ্টাৰ ৷ শনিবাৰে দিনটো এই বিষয়কলৈ চৰ্চা চলি থকাৰ পাচত অৱশেষত মুখ্যমন্ত্ৰীলৈ ফোন কৰিলে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানে ৷ টুইটযোগে এই কথা সদৰী কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Shahrukh Khan called CM Himanta Biswa Sarma) ৷

নেশ্যনেল ডেস্ক, 22 জানুৱাৰী: "শনিবাৰে নিশা 2 বজাত মোলৈ বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানে ফোন কৰিছিল ৷ তেওঁ পাঠান ছবিখনৰ হ’বলগীয়া প্ৰদৰ্শনৰ সময়ত গুৱাহাটীৰ পৰিস্থিতিৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছিল । মই তেওঁক আশ্বাস দিছিলো যে, আইন আৰু শৃংখলা বজাই ৰখাটো ৰাজ্য চৰকাৰৰ কৰ্তব্য । অনাগত সময়ত এনে কোনো অপ্ৰীতিকৰ ঘটনা যাতে নহয়, আমি তাৰ অনুসন্ধান কৰিম ।" শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোন শ্বাহৰুখ খান বুলি সোধা প্ৰশ্নৰ পিচতে শনিবাৰে নিশা 2 বজাত বলীউডৰ ছুপাৰষ্টাৰগৰাকীয়ে ফোন কৰাৰ কথা টুইটাৰযোগে উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Shahrukh Khan called CM Himanta Biswa Sarma) ৷

বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ আহিবলগীয়া ছবি পাঠানক লৈ দেশজুৰি বিতৰ্ক অব্যাহত আছে (Bollywood new Movie Pathan)৷ দেশৰ বিভিন্ন প্ৰান্তত পাঠানক লৈ বিতৰ্ক চলি থকাৰ সময়তে চুপাৰষ্টাৰ শ্বাহৰুখ খানক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিনি নাপায় বুলি এক মন্তব্য প্ৰকাশ কৰিছিল ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছিল, ‘‘এইবিলাক চাবলৈ মই নাযাঁও । অসমীয়া চিনেমা চাওক । অসমীয়া ছবি ড৹ বেজবৰুৱা-2 চাওক । শ্বাহৰুখ খান কোন ? আমি কিয় ইমান চিন্তা কৰোঁ ? আমাৰ ইয়াত কত শ্বাহৰুখ খান আছে । আমাৰ ইয়াত কেইদিন মান পিছতে ড৹ বেজবৰুৱা-2 ওলাব, আমি তাক লৈ চিন্তা কৰো । আমি অসমীয়া চিনেমা চাওঁ’’ ৷

উল্লেখ্য যে, অহা 25 জানুৱাৰীত ছবিগৃহত মুক্তি লাভ কৰিব পাঠানে ৷ পাঠানক লৈ হিন্দুত্ববাদী সংগঠনে দেশজুৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি থকাৰ মাজতে শুকুৰবাৰে গুৱাহাটীৰ নাৰেংগীতো বজৰং দলে প্ৰতিবাদ কৰিছিল (Bajrang Dal Protest Against Pathaan in Guwahati)। নাৰেংগীৰ এল জি টাৱাৰৰ ডিজিটেল চিনেমা গৃহৰ সন্মুখত বজৰং দলে পাঠানৰ পোষ্টাৰ পৰ্যন্ত ফালি জুইত জাপি দিয়াৰ লগতে পাঠান ছবি বৰ্জন কৰক, পাঠান চলিবলৈ দিয়া নহ’ব, হিন্দুৰ অপমান সহ্য কৰা নহ’ব আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল (Bajrang Dal members burnt Pathan poster) ৷

বলীউডত ইছলাম ধৰ্মৰ টানি অনা বুলি অভিযোগ তুলি গেৰুৱা ৰঙক অপমান কৰা কাৰ্য সহি লোৱা নহ’ব বুলি কয় প্ৰতিবাদকাৰীসকলে (Bajrang Dal protest against Pathan) ৷ ভাৰত হিন্দু ৰাষ্ট্ৰ আৰু হিন্দু ৰাষ্ট্ৰত হিন্দুক সন্মান কৰি চলিবই লাগিব বুলি তেওঁলোকে উল্লেখ কৰে (Bajrang Dal protest against Pathan) ৷

স্মৰ্তব্য যে পাঠান ছবিখনৰ টীজাৰ আৰু "বেচৰম ৰংগ" শীৰ্ষক গীতটিৰ ভিডিঅ’ মুকলি কৰাৰ পিছতেই সূত্ৰপাত হৈছিল বিতৰ্কৰ ৷ গীতটিত দীপিকা পাডুকনে গেৰুৱাৰঙী পোচাক পৰিধান কৰাক লৈ একাংশ হিন্দুত্ববাদী দল-সংগঠন জাঙুৰ খাই উঠিছিল (Pathan controversy news) ৷ এয়া হিন্দুৰ প্ৰতি অপমান বুলি উল্লেখ কৰিছিল দল-সংগঠনৰ লোকসকলে ৷

লগতে পঢ়ক:Pathan controversy: গুৱাহাটীত পাঠানৰ পোষ্টাৰ জ্বলালে বজৰং দলে

Last Updated :Jan 22, 2023, 12:27 PM IST

ABOUT THE AUTHOR

...view details