ETV Bharat / bharat

বিএছএফ সৈন্য ভৰ্তি বাহন দুৰ্ঘটনাগ্ৰস্ত, 40 জনতকৈও অধিক আহত - lok sabha election 2024

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 4:52 PM IST

Raigarh Bus Collides With Tree : ছত্তিশগড়ৰ ৰায়গড়ত নিৰ্বাচনী কৰ্তব্যৰ বাবে গৈ থকা অৱস্থাত বিএছএফ সৈন্যৰে ভৰ্তি এখন বাছে গছত খুন্দিয়াই দুৰ্ঘটনাত পতিত হয় ৷ এই দুৰ্ঘটনাটোত কেইবাজনো সৈনিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

Raigarh Bus Collides With Tree
নিৰ্বাচনী কৰ্তব্যত গৈ থকা বিএছএফ সৈন্য ভৰ্তি বাছ দুৰ্ঘটনাগ্ৰস্ত, 40 জনতকৈও অধিক আহত (ETV BHARAT HINDI)

নেশ্যনেল ডেস্ক, 3 মে’ : দেশজুৰি নিৰ্বাচনী গৰম বতাহ ৷ নিৰ্বাচনী ধামখুমিয়াৰ মাজতে ছত্তিশগড়ৰ ৰায়গড়ৰ ধৰমজাইগড়ত শোকাৱহ পথ দুৰ্ঘটনা ৷ নিৰ্বাচনী কৰ্তব্যৰ বাবে গৈ থকা এখন সৈন্য ভৰ্তি বাছে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দিয়াই দিয়ে ৷ এই সংঘৰ্ষত কেইবাজনো সৈনিক আহত হোৱাৰ উপৰিও 3 গৰাকী সৈনিক গুৰুতৰভাৱে আহত হৈছে ৷

দুৰ্ঘটনাৰ সময়ত বাছখনত 40 জনতকৈ অধিক সৈন্য আছিল ৷ সম্প্ৰতি আটাইকেইগৰাকী আহত সৈনিকক চিকিৎসাৰ বাবে ধৰ্মজাইগড়ৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷

ৰায়গড়ত সৈন্যভৰ্তি বাছৰ দুৰ্ঘটনা

ধৰমজাইগড়ৰ চলহা মন্দিৰৰ সমীপৰ ঘাটত এই দুৰ্ঘটনা সংঘটিত হয় । অহা ৭ মে'ত হ’বলগীয়া আগন্তুক লোকসভা নিৰ্বাচনত সৈনিকসকলৰ কৰ্তব্যৰ বাবে নিয়োজিত কৰা হৈছিল ৷ সৈনিক ভৰ্তি বাহনখন ধৰমজাইগড় বিধানসভাত কৰ্তব্যৰ বাবে গৈ আছিল । এই দুৰ্ঘটনাত বাছখন অনিয়ন্ত্ৰিত হৈ এজোপা গছত খুন্দিয়াই দিয়ে ৷ এই দুৰ্ঘটনাত বহুতো সৈনিক আহত হৈছে । ৩ জন সৈনিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ।

ভোটকেন্দ্ৰ পৰিদৰ্শন কৰাৰ পিচত দুৰ্ঘটনাত পতিত হয় বাহনখন:

এই দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ পিচতেই স্থানীয় আৰক্ষী আৰু ডায়েল 112 দল তৎক্ষণাত দুৰ্ঘটনাস্থলীত উপস্থিত হয় । লগে লগে আহতসকলক এখন স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ সম্প্ৰতি আহত সৈনিককেইগৰাকীৰ চিকিৎসা অব্যাহত আছে ৷

ধৰমজাইগড়ৰ এছ ডি এম দিগেশ পেটেলে কয় যে, ধৰমজাইগড়ৰ এটা পাহাৰৰ ওপৰত থকা ভোটকেন্দ্ৰ পৰিদৰ্শন কৰি অৰ্ধ সামৰিক বাহিনীৰ জোৱানসকলে উভতি অহাৰ সময়তে কামোচিন দাণ্ড অঞ্চলত এই দুৰ্ঘটনাটো সংঘটিত হয় । এই দুৰ্ঘটনাই সকলোকে আতংকিত কৰি তোলে ৷

লগতে পঢ়ক: বিশ্ব প্ৰেছ স্বাধীনতা দিৱস: ইয়াৰ গুৰুত্ব - World Press Freedom Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.