Pathan controversy: গুৱাহাটীত পাঠানৰ পোষ্টাৰ জ্বলালে বজৰং দলে

By

Published : Jan 20, 2023, 11:03 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খান আৰু মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনৰ আহিবলগীয়া ছবি পাঠানক লৈ বিতৰ্ক অব্যাহত আছে (Bollywood new Movie Pathan) ৷ দেশৰ বিভিন্ন প্ৰান্তত হিন্দুত্ববাদী একাংশ দল-সংগঠনে পাঠানৰ বিৰোধিতা কৰাৰ পাচত এইবাৰ বিৰোধৰ ঢৌ উঠিছে গুৱাহাটীতো ৷ শুকুৰবাৰে সন্ধিয়া গুৱাহাটীৰ নাৰেংগীৰ এল জি টাৱাৰত থকা গল্ড চিনেমা হলৰ সন্মুখত পাঠান ছবিখন বৰ্জন কৰাৰ দাবী তুলি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বজৰং দলৰ সদস্যই (Protest against Pathan in Guwahati) ৷ 

পাঠান ছবি বৰ্জন কৰক, পাঠান চলিবলৈ দিয়া নহ’ব, হিন্দুৰ অপমান সহ্য কৰা নহ’ব আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদীসকলে পাঠানৰ পোষ্টাৰ জ্বলাই দিয়ে (Bajrang Dal members burnt Pathan poster) ৷ বলীউডত ইছলামীকৰণৰ অভিযোগ তুলি গেৰুৱা ৰঙক কৰা অপমান সহি লোৱা নহ’ব বুলি কয় প্ৰতিবাদকাৰীসকলে ৷ ভাৰত হিন্দু ৰাষ্ট্ৰ আৰু হিন্দু ৰাষ্ট্ৰত হিন্দুক সন্মান কৰি চলিবই লাগিব বুলি তেওঁলোকে উল্লেখ কৰে (Bajrang Dal protest against Pathan) ৷ 

উল্লেখ্য যে, পাঠান ছবিখনৰ টীজাৰ আৰু এটা গীতৰ ভিডিঅ’ মুকলি কৰাৰ পাচতেই সূত্ৰপাত হৈছিল বিতৰ্কৰ ৷ গীতটিত দেখুওৱা দীপিকা পাডুকনৰ বেশ-ভূশা আৰু গেৰুৱাৰঙী পোচাককলৈ একাংশ হিন্দুত্ববাদী দল-সংগঠন জাঙুৰ খাই উঠে (Pathan controversy news) ৷ এয়া হিন্দুৰ প্ৰতি অপমান বুলি উল্লেখ কৰি তেওঁলোকে দেশৰ ভিন্ন প্ৰান্তলৈ বিয়পাই দিয়ে প্ৰতিবাদৰ অগনি ৷ প্ৰতিবাদ অব্যাহত থাকিলেও অহা 25 জানুৱাৰীত ছবিঘৰলৈ আহিব পাঠান ৷ অশেষ বিতৰ্কৰ অন্তত পাঠানক ৰাইজে কেনেকৈ লয় সেয়া লক্ষণীয় হ’ব ৷ 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.