ETV Bharat / bharat

কেজৰিৱালৰ অন্তৰ্ৱৰ্তীকালীন জামিন আবেদনৰ শুনানি ল'ব উচ্চতম ন্যায়ালয়ে - SC to hear Kejriwals Bail Plea

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 7:03 PM IST

Kejriwals Interim Bail Plea : ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপাংকৰ দত্তক লৈ গঠিত উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে প্ৰৱৰ্তন সঞ্চালকালয়ক কয় যে চলিত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অন্তৰ্ৱৰ্তীকালীন জামিনৰ প্ৰশ্নটো বিবেচনা কৰিব পাৰে ।

Kejriwals Interim Bail Plea
কেজৰিৱালৰ অন্তৰ্ৱৰ্তীকালীন জামিন আবেদনৰ শুনানি ল'ব ছুপ্ৰিম কোৰ্টে (Getty Images)

নেশ্যনেল ডেস্ক, ৩ মে' : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অন্তৰ্ৱৰ্তীকালীন জামিনৰ প্ৰশ্নটো বিবেচনা কৰিব পাৰে উচ্চতম ন্যায়ালয়ে । লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে প্ৰৱৰ্তন সঞ্চালকালয়ক এই কথা কয় । শীৰ্ষ ন্যায়ালয়ে দিল্লীৰ আবকাৰী নীতি কেলেংকাৰী সম্পৰ্কীয় ধন আত্মসাতৰ এক গোচৰত কেজৰিৱালক ইডি-য়ে কৰা গ্ৰেপ্তাৰৰ প্ৰত্যাহ্বান জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰি আছে ।

ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপাংকৰ দত্তক লৈ গঠিত এখন বিচাৰপীঠে ইডিক প্ৰতিনিধিত্ব কৰা অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুক মঙলবাৰে এই প্ৰশ্নটোৰ ওপৰত বিতৰ্ক কৰিবলৈ সাজু থাকিবলৈ কয় । লগতে প্ৰশ্ন কৰে যে কেজৰিৱালে চৰকাৰী ফাইলত স্বাক্ষৰ কৰিব লাগে নেকি ।

ন্যায়াধীশ খান্নাই কয় যে নিৰ্বাচনৰ বাবে আদালতে কেজৰিৱালৰ অন্তৰ্ৱৰ্তীকালীন জামিনৰ আবেদনৰ শুনানি ল'ব । লগতে কয়, "আমি এই বিষয়ত অতি স্পষ্ট হ'ব লাগিব" ৷

আনহাতে, কেজৰিৱালক যিকোনো সকাহ প্ৰদানৰ বিৰোধিতা কৰি ৰাজুৱে আঙুলিয়াই দিয়ে যে নিৰ্বাচনৰ ঠিক পূৰ্বে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ সময় হৈছে তেওঁৰ আবেদনৰ অন্যতম ভিত্তি । উল্লেখ্য, নিৰ্বাচনৰ ঠিক পূৰ্বে গ্ৰেপ্তাৰ কৰাক লৈ কেজৰিৱালে প্ৰশ্ন উত্থাপন কৰিছে ।

"অন্তৱৰ্তীকালীন জামিনৰ বাবে দুয়োপক্ষই আপোনাৰ কথা শুনিব পাৰোঁ । আমি এই সন্দৰ্ভত মঙলবাৰে শুনানি গ্ৰহণ কৰিম"- ন্যায়াধীশ খান্নাই কয় । তেওঁ লগতে যদি আদালতে নিৰ্বাচনৰ বাবে কেজৰিৱালক অন্তৱৰ্তীকালীন জামিনৰ অনুমতি দিয়ে, তেনে ক্ষেত্ৰত চৰ্তসমূহৰ ওপৰত নিৰ্দেশনা ল'বলৈ ৰাজুক কয় । আনহাতে, ৰাজুক আশ্বাস দিয়ে যে আদালতে অন্তৰ্ৱৰ্তীকালীন জামিনৰ দিশটোৰ ওপৰত তেওঁৰ বক্তব্য শুনিব । কিন্তু ৰাজুৱে এই কথা তীব্ৰ হেঁচা দিয়ে যে, কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰত্যাহ্বানৰ গোচৰটোৰ ওপৰত সম্পূৰ্ণৰূপে বিতৰ্ক কৰা হৈছে ।

উল্লেখ্য যে, শীৰ্ষ আদালতত কেজৰিৱালক প্ৰতিনিধিত্ব কৰে জ্যেষ্ঠ অধিবক্তা এ এম সিংভিয়ে । "আমি জামিন মঞ্জুৰ কৰিবও পাৰোঁ, বা নকৰিবও পাৰোঁ"- ন্যায়াধীশ খান্নাই কয় । কিন্তু তেওঁ পুনৰ দোহাৰে যে আদালতে অন্তৰ্ৱৰ্তীকালীন জামিনৰ দিশটোৰ ওপৰত ইডিৰ শুনানি গ্ৰহণ কৰিব ।

লগতে পঢ়ক : নিৰ্বাচনৰ পূৰ্বে কেজৰিৱালক কিয় গ্ৰেপ্তাৰ কৰা হ’ল- শীৰ্ষ আদালতৰ প্ৰশ্ন ইডিক - SC On Arvind Kejriwal Arrest

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.