ETV Bharat / bharat

ছত্তীশগড়ৰ সুকমাত সেনা-নক্সালবাদীৰ সংঘৰ্ষ - Sukma Encounter

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 2:26 PM IST

Sukma Encounter
ছত্তীশগড়ৰ সুকমাত সেনা-নক্সালবাদীৰ সংঘৰ্ষ (ETV Bharat Chhattisgarh)

Sukma Encounter : ছত্তীশগড়ৰ সুকমাত সেনা আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ হয় । ডিআৰজি আৰু কোব্ৰা জোৱানসকলে পুৱাৰে পৰা দুই-তিনিবাৰ নক্সালবাদীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছে । আনহাতে, সেনাবাহিনীয়ে অঞ্চলটোত তালাচী অভিযান চলাই আছে ।

নিউজ ডেস্ক, ৩ মে' : ছত্তীশগড়ৰ বস্তাৰ বিভাগৰ সুকমা জিলাত শুকুৰবাৰে মাওবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটে । শেহতীয়া তথ্য মতে, নক্সালবাদীৰ ১ নং বেটেলিয়নৰ মুখ্য এলেকাত এনকাউণ্টাৰ চলি আছে ।

জানিব পৰা মতে, ডিআৰজি আৰু কোব্ৰা জোৱানে সুকমাৰ ৰাইগুডাম অঞ্চলত অভিযান চলায় । সেই সময়তে ইতিমধ্যে আক্ৰমণৰ বলি হোৱা নক্সালবাদীয়ে সেনা জোৱানসকলৰ ওপৰত গুলীবৰ্ষণ আৰম্ভ কৰে । আনহাতে, জোৱানসকলেও ইয়াৰ কঠোৰ প্ৰত্যুত্তৰ দিয়ে । এইটো কোৱা হৈছে যে পুৱাৰ পৰা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে সেনা আৰু নক্সালবাদীৰ মাজত ২-৩ বাৰ সংঘৰ্ষ হয় ।

নক্সালবাদীৰ সন্ধানত তালাচী অভিযান : আনহাতে, এনকাউণ্টাৰৰ পিচত সৈনা জোৱানসকল সুৰক্ষিত হৈ আছে বুলি জানিব পৰা গৈছে । ইফালে জোৱানসকলে অঞ্চলটোত এক তালাচী অভিযান চলাই আছে । আৰক্ষী অধীক্ষক কিৰণ চৱনে এই এনকাউণ্টাৰৰ কথা নিশ্চিত কৰিছে ।

মঙলবাৰেও নাৰায়ণপুৰত সংঘটিত হৈছিল সংঘৰ্ষ : উল্লেখ্য যে শেহতীয়াকৈ কাংকেৰৰ নাৰায়ণপুৰৰ সীমান্ততো এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছিল । সেনা আৰু মাওবাদীৰ মাজত প্ৰায় ৯ ঘণ্টা ধৰি আবুঝমাদ অঞ্চলৰ টেকমেটা আৰু কাকুৰ গাঁৱৰ মাজত সংঘৰ্ষ লাগে । এই সংঘৰ্ষত ১০ মাওবাদী নিহত হয় । ইয়াৰে ভিতৰত তিনিগৰাকী মহিলা নক্সাল আৰু ৭ জন পুৰুষ নক্সালবাদী আছে । ইয়াৰ পূৰ্বে ১৬ এপ্ৰিলত নিৰাপত্তাৰক্ষীয়ে কাঙ্কেৰৰ ছোটবেথিয়াত ২৯ নক্সালবাদীক হত্যা কৰিছিল ।

উল্লেখ্য যে ২০২৪ বৰ্ষত এতিয়ালৈকে ছত্তীশগড়ত মুঠ ৮৮ জন নক্সালবাদী নিহত হৈছে । ইয়াৰ পূৰ্বে ১৬ এপ্ৰিলত কাঙ্কেৰত সংঘৰ্ষত ২৯ জন মাওবাদী নিহত হৈছিল ।

লগতে পঢ়ক :শিৱসেনাৰ নেত্ৰীক নিবলৈ অহা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত - Maharashtra Helicopter Crashes

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.