ETV Bharat / politics

শিৱসেনাৰ নেত্ৰীক নিবলৈ অহা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত - Maharashtra Helicopter crashes

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 2:19 PM IST

Maharashtra Helicopter crashes
শিৱসেনাৰ নেত্ৰীক নিবলৈ অহা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত(ETV Bharat)

Helicopter crashes : মহাৰাষ্ট্ৰৰ মাহাদ চহৰত সংঘটিত হৈছে দুৰ্ঘটনাটো । নিৰ্বাচনী প্ৰচাৰৰ বাবে সেই হেলিকপ্টাৰখনত শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ নেত্ৰী সুষমা আন্ধাৰেয়ে যোৱাৰ কথা আছিল । নেত্ৰীগৰাকীক নিবলৈ আহি দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন ।

শিৱসেনাৰ নেত্ৰীক নিবলৈ অহা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত (ETV Bharat)

নেশ্যনেল ডেস্ক, ৩ মে' : মহাৰাষ্ট্ৰত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা । নিৰ্বাচনী প্ৰচাৰত ব্যৱহৃত হেলিকপ্টাৰ এখন দুৰ্ঘটনাত পতিত হয় । সৌভাগ্যক্ৰমে ৰক্ষা পৰিল শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ নেত্ৰী সুষমা আন্ধাৰে । জানিব পৰা মতে, মহাৰাষ্ট্ৰৰ মাহাদত সংঘটিত হৈছে এই দুৰ্ঘটনাটো । শিৱসেনাৰ নেত্ৰী সুষমা আন্ধাৰেক নিবলৈ অহা হেলিকপ্টাৰখন অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হয় । এই দুৰ্ঘটনাৰ ভিডিঅ' সম্প্ৰতি ভাইৰেল হৈ পৰিছে ।

সূত্ৰ মতে, হেলিকপ্টাৰখনে নিৰ্ধাৰিত স্থানত অৱতৰণ কৰাৰ চেষ্টা কৰিছিল আৰু হঠাতে নিয়ন্ত্ৰণ হেৰুৱাইছিল । ভাৰসাম্য হেৰুৱাই মুকলি পথাৰত এক বৃহৎ শব্দ কৰি হেলিকপ্টাৰখন বাগৰি পৰে । ইফালে হেলিকপ্টাৰখনৰ পাইলটজনে জঁপিয়াই নিজকে ৰক্ষা কৰিবলৈ সক্ষম হয় ।

ৰায়গড়ৰ মাহাদ চহৰত সংঘটিত দুৰ্ঘটনাটোত বগা আৰু নীলা ৰঙাৰ ৰ'টাৰী-উইংগাৰখন বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা দেখা গৈছে । দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে শীৰ্ষ আৰক্ষী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয় । পৰৱৰ্তী সময়ত আন্ধাৰেয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে এখন বাহনত ৰাওনা হয় ।

খবৰ অনুসৰি, হেলিকপ্টাৰখন প্ৰায় ৯ বজাত উপস্থিত হৈছিল । ইতিমধ্যে হেলিকপ্টাৰত কিছুমান কাৰিকৰী সমস্যাৰ খবৰো পোৱা গৈছে । কিয়নো হেলিকপ্টাৰখনে অৱতৰণ কৰাৰ পূৰ্বে দীঘলীয়া সময়ৰ বাবে আকাশত আছিল আৰু অৱতৰণৰ প্ৰয়াস কৰি আছিল । কিন্তু যেতিয়া অৱতৰণ কৰিবলৈ চেষ্টা কৰিছিল তেতিয়া হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল । ইউবিটি নেত্ৰী সুষমা আন্ধাৰেক নিবলৈ আহিছিল ।

উল্লেখ্য যে সুষমা দাগাডু আন্ধাৰে পেছাত এগৰাকী অধিবক্তা । তেওঁ ৰাজনীতি বিজ্ঞান আৰু সমাজবিজ্ঞানৰ প্ৰবক্তা, এগৰাকী প্ৰগতিশীল আৰু নাৰীবাদী পণ্ডিত, এগৰাকী সামাজিক আৰু ৰাজনৈতিক কৰ্মী, বক্তা আৰু যাযাবৰ আৰু আম্বেদকাৰবাদী আন্দোলনৰ লেখিকা । ২০২২ চনত শিৱসেনা ঠাকৰে গোটৰ দশেৰা সমাৱেশৰ পিচত অধিক চৰ্চালৈ আহিছিল ।

লগতে পঢ়ক :সোমেশ্বৰৰ বনাঞ্চলত বনজুই; নিহত 2 শ্ৰমিক - Uttarakhand Forest Fire

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.