অসম

assam

অস্ত্ৰ সম্বৰণ কৰি মূলসূঁতিলৈ উভতি আহিল বিদ্ৰোহী সংগঠন NLFT জ্যেষ্ঠ কেডাৰ

By

Published : Oct 19, 2021, 10:38 AM IST

সুদীৰ্ঘ 23 টা বছৰৰ অন্তত অস্ত্ৰ সম্বৰণ কৰি মূলসূঁতিলৈ উভতিল বিদ্ৰোহী সংগঠন NLFT ৰ এগৰাকী জ্যেষ্ঠ কেডাৰ জাইবা কালৈ ওৰফে লিটন জামাতিয়া এলিয়াছ ছালৈ ৷ সোমবাৰে BSF ৰ ত্ৰিপুৰা ফ্ৰণ্টিয়াৰৰ মুখ্য কাৰ্যালয়ত আত্মসমৰ্পণ কৰে কেডাৰ গৰাকীয়ে ৷

Senior NLFT commander lays down arms, meets mother after 23 years
অস্ত্ৰ সম্বৰণ কৰি মূলসূঁতিলৈ উভতি আহিল বিদ্ৰোহী সংগঠন NLFT জ্যেষ্ঠ কেডাৰ

আগৰতলা, 19 অক্টোবৰ : যুৱ সমাজক ভুল পথে পৰিচালিত হৈ বিভিন্ন বিদ্ৰোহী সংগঠনত যোগদানৰ পৰা বিৰত ৰাখিবলৈ যুটীয়াভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে ত্ৰিপুৰা আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে ৷ ইয়াৰ মাজতে সোমবাৰে বিদ্ৰোহী সংগঠন NLFT ৰ এগৰাকী জ্যেষ্ঠ কেডাৰে অস্ত্ৰ সম্বৰণ কৰি মূলসূঁতিলৈ উভতি আহে ৷ আত্মসমৰ্পণ কৰা কেডাৰজন জাইবা কালৈ ওৰফে লিটন জামাতিয়া এলিয়াছ ছালৈ ৷

জাইবা কালৈৰ ঘৰ ত্ৰিপুৰাৰ গোমাটি জিলাৰ আম্পি আৰক্ষী চকীৰ অন্তৰ্গত হল্লুবাৰী অঞ্চলত বুলি জানিব পৰা গৈছে ৷ বি এছ এফৰ ত্ৰিপুৰা ফ্ৰণ্টিয়াৰৰ আই জি সুশান্ত কুমাৰ নাথে জনায় যে, জাইবা কালৈ NLFT ৰ বিশ্ব মোহন গোটৰ লেফটেনেণ্ট পৰ্যায়ৰ কমাণ্ডিং পজিছনত নিয়োজিত হৈ আছিল ৷ সোমবাৰে শালবাগানৰ ফ্ৰণ্টিয়াৰৰ মূখ্য কাৰ্যালয়ত বি এছ এফৰ IG ৰ ওচৰত আত্মসমৰ্পণ কৰে ৷

অস্ত্ৰ সম্বৰণ কৰি মূলসূঁতিলৈ উভতি আহিল বিদ্ৰোহী সংগঠন NLFT জ্যেষ্ঠ কেডাৰ

সুশান্ত কুমাৰ নাথে লগতে কয়, "বহুতো NLFT উগ্ৰপন্থীয়ে শেহতীয়াকৈ আত্মসমৰ্পণ কৰিছে ৷ যিয়ে হিংসাত্মক পথ ত্যাগ কৰিবলৈ আৰু শান্তিপূৰ্ণ জীৱনত যোগদান কৰিবলৈ তেওঁলোকৰ আগ্ৰহক সূচায়" ৷

2017 চনত NLFT (BM) ৰ পাঁচগৰাকী উগ্ৰপন্থীয়ে ত্ৰিপুৰা বি এছ এফৰ আগত আত্মসমৰ্পণ কৰে ৷ সমান্তৰালকৈ, 2018 চনত 12 গৰাকী বিদ্ৰোহী সংগঠন সদস্য, 2019 চনত তিনিগৰাকী আৰু 2020 চনত তিনিগৰাকীকৈ বিদ্ৰোহী সংগঠনৰ সদস্যই আত্মসমৰ্পণ কৰে ৷ যোৱা তিনিটা বছৰত 23 গৰাকীকৈ সক্ৰিয় বিদ্ৰোহী সংগঠনৰ সদস্যই আত্মসমৰ্পণ কৰে ৷ তেওঁলোকে বিশ্বাস কৰে এই পথত কোনো ভৱিষ্যত নাই ৷

লগতে পঢ়ক :অৰুণাচলত চীন সীমান্তত মানৱবিহীন বিমান আৰু বিমান সম্পদৰ মোতায়েন বৃদ্ধি

IG সুশান্ত কুমাৰ নাথে কয় যে, কালৈৰ দৰে বিপথে পৰিচালিত হৈ অস্ত্ৰ হাতত তুলি লোৱা লোকসকলে যাতে আগবাঢ়ি আহে আৰু আনৰ দৰে শান্তিপূৰ্ণ জীৱন যাপন কৰিব পাৰে তাৰ বাবে প্ৰতিটো পদক্ষেপ গ্ৰহণ কৰিছে BSF এ ৷

উল্লেখ্য যে, জাইবা কালৈয়ে 1998 চনত NLFT (BM)ত যোগদান কৰিছিল আৰু তেতিয়াৰ পৰাই সংগঠনটোৰ এগৰাকী সক্ৰিয় সদস্য হিচাপে কাম কৰি আহিছিল ৷ আনকি ত্ৰিপুৰা চৰকাৰৰ দ্বাৰা প্ৰকাশিত NLFT (BM)ৰ সক্ৰিয় সদস্যৰ তালিকাতো কালৈৰ নাম আছিল ৷

কিন্তু ভয় আৰু অনিশ্চয়তাৰে ভৰা সেই জীৱনটোৱে কালৈক হতাশ কৰি তুলিছিল ৷ আনকি তেওঁ সংগঠনত যোগদান কৰাৰ পিছৰে পৰা নিজৰ বৃদ্ধ পিতৃ-মাতৃকো সাক্ষাৎ কৰিব পৰা নাছিল ৷ ইয়াৰ বিপৰীতে সংগঠনৰ শীৰ্ষ নেতৃত্বৰ আড়ম্বৰপূৰ্ণ জীৱন প্ৰণালীয়ে তেওঁক এটা কথা উপলব্ধি কৰাইছিল যে তেওঁলোক সকলোৱে প্ৰকৃত লক্ষ্যৰ পৰা পথভ্ৰষ্ট হৈছে আৰু পাহৰি পেলাইছে কি কাৰণে তেওঁলোকে হাতত অস্ত্ৰ তুলি লৈছিল ৷

অৱশেষত তেওঁ পুনৰ ঘৰলৈ উভতি অহাৰ এটি সুবিধা লাভ কৰে আৰু সুদীৰ্ঘ 23 টা বছৰৰ পিছত নিজৰ বৃদ্ধ পিতৃ-মাতৃক সাক্ষাতৰ সুবিধা লাভ কৰে ৷ BSF এ বিশ্বাস কৰে কালৈৰ মূলসূঁতিলৈ উভতি অহাৰ সিদ্ধান্তই আন বহুতকো অনুপ্ৰাণিত কৰিব ৷

আনহাতে, সুদীৰ্ঘ 23 বছৰ পিছত পুত্ৰক কাষত পাই কান্দোনত ভাগি পৰে কালৈৰ বৃদ্ধ মাতৃ ৷ তেওঁ কয়, "মই ভাবিছিলো সি একেবাৰে হেৰাই গৈছে ৷ মই অগণন বিনিদ্ৰ নিশা কটাইছো ৷ ইমান বছৰ পিছত মই মোৰ পুত্ৰক মোৰ কাষত পাইছো, মই মোৰ অনুভৱ শব্দত প্ৰকাশ কৰিব নোৱাৰিম"৷

লগতে পঢ়ক :বৰষুণত ক্ষতিগ্ৰস্ত কেৰালাত মৃতকৰ সংখ্যা 27 জনলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details