ETV Bharat / bharat

বৰষুণত ক্ষতিগ্ৰস্ত কেৰালাত মৃতকৰ সংখ্যা 27 জনলৈ বৃদ্ধি

author img

By

Published : Oct 18, 2021, 6:44 PM IST

কেৰালাত প্ৰচণ্ড বৰষুণৰ ফলস্বৰূপে হোৱা ভূমিস্খলন আৰু বানৰ ফলত মৃতকৰ সংখ্যা 27 জনলৈ বৃদ্ধি ৷ ভূমিস্খলনত ক্ষতিগ্ৰস্ত Kottayam জিলাৰ Koottickal ৰ পৰা 14 টা আৰু Idukki ৰ Kokkayar ৰ পৰা 9 টা মৃতদেহ উদ্ধাৰ ৷ ৰাজ্যখনত পানীৰ স্তৰ নিৰীক্ষণ কৰাৰ লগতে বিভিন্ন বান্ধসমূহ খুলি দিয়া সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে বিশেষজ্ঞ সমিতি গঠন ৷

death toll rises to 27 in kerala
বৰষুণত ক্ষতিগ্ৰস্ত কেৰালাত মৃতকৰ সংখ্যা 27 জনলৈ বৃদ্ধি

নেশ্যনেল ডেস্ক , 18 অক্টোবৰ : প্ৰচুৰ বৃষ্টিপাতৰ ফলত কেৰালাত হোৱা ভূমিস্খলন আৰু বানে এই পৰ্যন্ত 27 জনকৈ লোকৰ প্ৰাণ কাঢ়ি নিছে ৷ ৰাজ্যখনৰ তথ্য আৰু জনসম্পৰ্ক বিভাগে নিশ্চিত কৰা মতে, ভূমিস্খলনত ক্ষতিগ্ৰস্ত Kottayam জিলাৰ Koottickal ৰ পৰা 14 টা আৰু Idukki ৰ Kokkayar ৰ পৰা 9 টা মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ ডুব যোৱাৰ ফলত ৰাজ্যখনত অন্য চাৰিজন লোকৰ মৃত্যুমুখত পৰিছে বুলি জানিব পৰা গৈছে ৷

প্ৰাপ্ত খবৰ অনুসৰি, Kokkayar সন্ধানহীন লোকসকলৰ ভিতৰত অন্তিমজন Sachu Faisal (7) ৰ নশ্বৰদেহ সোমবাৰে পুৱাৰ ভাগত উদ্ধাৰ কৰা হৈছিল ৷ উদ্ধাৰকাৰীসকলে সম্প্ৰতি অঞ্চলটোত উদ্ধাৰ অভিযান সমাপ্ত কৰিছে যদিও আকস্মিক বানৰ ফলত ভূমিস্খনলস্থলীৰ পৰা সন্ধানহীন হোৱা Ancy ক বিচাৰি উলিওৱাৰ বাবে এতিয়াও উদ্ধাৰ অভিযান চলাই থকা হৈছে ৷

মুখ্যমন্ত্ৰী Pinarayi Vijayanয়ে জানিবলৈ দিয়া মতে, পানীৰ স্তৰ নিৰীক্ষণ কৰাৰ লগতে ৰাজ্যখনৰ বিভিন্ন বান্ধসমূহ খুলি দিয়া সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে এখন বিশেষজ্ঞ সমিতি গঠন কৰা হৈছে ৷

মুখ্যমন্ত্ৰী গৰাকীৰ মতে, এই বিশেষজ্ঞ সমিতিয়ে পানীৰ স্তৰ আৰু অৱবাহিকা অঞ্চলত বৰষুণ বিশ্লেষণ কৰি বান্ধ খোলা সন্দৰ্ভত সিদ্ধান্ত ল'ব ৷ যিকোনো ধৰণৰ বিপজ্জনক ঘটনা প্ৰতিহত কৰাৰ বাবে সংশ্লিষ্ট জিলা উপায়ুক্তসকলক বান্ধ খুলি দিয়া সন্দৰ্ভত লোৱা সিদ্ধান্তৰ বিষয়ে কেইঘণ্টামান আগেয়ে অৱগত কৰোৱা হ'ব ৷ নিম্ন অঞ্চল আৰু নৈৰ পাৰত বাস কৰা লোক সকলৰ সুৰক্ষিত স্থানান্তৰনৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷

উল্লেখ্য যে, আকস্মিক বান আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলক আশ্ৰয় প্ৰদান কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যখনতে 184 টা সাহায্য শিবিৰ মুকলি কৰিছে ৷ স্থানীয় সংগঠনসমূহৰ পৰা সহায়ৰ আহ্বান জনোৱাৰ লগতে ভুক্তভোগী লোকসকলৰ বাবে শিবিৰসমূহত খাদ্য, কাপোৰ আৰু বিচনাকে ধৰি পৰ্যাপ্ত সুবিধা নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিছে ৷

প্ৰাপ্ত খবৰ অনুসৰি, উদ্ধাৰ অভিযানৰ বাবে ৰাজ্যখনত এনডিআৰএফৰ(National Disaster Response Force) ১১ টা দল মোতায়েন কৰা হৈছে ৷ Alappuzha আৰু Idukki জিলাত দুটাকৈ দল মোতায়েন কৰা হৈছে ৷ ইয়াৰ বিপৰীতে Malappuram, Ernakulam, Thrissur, Pathanamthitta, Palakkad, Kannur আৰু Kollam জিলাত এটাকৈ দল মোতায়েন কৰা হৈছে ৷

এই পৰ্যন্ত এনডিআৰএফৰ দলে Pathanamthitta আৰু Ernakulam জিলাৰ বানপীড়িত অঞ্চলৰ পৰা ৪৯ জন লোকক উদ্ধাৰ কৰিছে ৷ এনডিআৰএফৰ এজন বিষয়াই জানিবলৈ দিয়া মতে, Idukki জিলাত ভূমিস্খলনৰ ধ্বংসাৱশেষৰ তলৰ পৰা ছয়জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু উদ্ধাৰ অভিযান এতিয়াও অব্যাহত আছে ৷

লগতে পঢ়ক : কেৰালাত মহাপ্ৰলয় : মৃতকৰ সংখ্যা 21 জনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.