অসম

assam

PB Acharya Passes Away : অসমৰ প্ৰাক্তন ৰাজ্যপাল পিবি আচাৰ্যৰ শেষ নিশ্বাস ত্যাগ

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 7:09 PM IST

অসমৰ প্ৰাক্তন ৰাজ্যপাল তথা জ্যেষ্ঠ বিজেপি নেতা পদ্মনাভন বালকৃষ্ণ আচাৰ্যই মুম্বাইত ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ।

অসমৰ প্ৰাক্তন ৰাজ্যপাল পিবি আচাৰ্যৰ শেষ নিশ্বাস ত্যাগ
PB Acharya Passes Away

নিউজ ডেস্ক, ১০ নৱেম্বৰ :অসমৰ প্ৰাক্তন ৰাজ্যপাল পদ্মনাভন বালকৃষ্ণ আচাৰ্যই শুকুৰবাৰে মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ । তেওঁৰ উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে আছিল নিবিড় সম্পৰ্ক । উল্লেখ্য যে পিবি আচাৰ্যই ১২ ডিচেম্বৰ, ২০১৪ চনৰ পৰা ১৭ আগষ্ট, ২০১৬ চনলৈকে অসমৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আন কেইবাখনো ৰাজ্যত ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । আচাৰ্যই ২৭ জুন, ২০১৯ চনৰ পৰা ২৩ জুলাই, ২০১৯ চনলৈ মণিপুৰ, ১৯ জুলাই, ২০১৪ চনৰ পৰা ৩১ জুলাই, ২০১৯ চনলৈ নাগালেণ্ড, ২৮ জানুৱাৰী, ২০১৭ চনৰ পৰা ৩ অক্টোবৰ, ২০১৭ চনলৈ অৰুণাচল আৰু ২১ জুলাই, ২০১৪ চনৰ পৰা ১৯ মে', ২০১৫ চনলৈকে ত্ৰিপুৰাৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ ১২ ডিচেম্বৰ, ২০১৪ চনৰ পৰা ১৭ আগষ্ট, ২০১৭ চনলৈ অসমৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্ব পালন কৰিছিল । আনহাতে, নাজমা হেপতুল্লাৰ অনুপস্থিতিত তেওঁ ২০১৯ চনত মণিপুৰৰ ৰাজ্যপাল হিচাপে অতিৰিক্ত দায়িত্ব পালন কৰিছিল ।

তেওঁ আৰম্ভণিতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত আছিল । তাৰ পিছত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু শেষত বিজেপি দলৰ সদস্য হৈছিল । পদ্মনাভন বালকৃষ্ণ আচাৰ্য হৈছে মাৰ্গাৰেট আলভাৰ পিছত কৰ্ণাটকৰ দ্বিতীয়গৰাকী ৰাজ্যপাল আৰু জিএছবি (গৌড় সৰস্বত ব্ৰাহ্মণ) সম্প্ৰদায়ৰ প্ৰথমগৰাকী ৰাজ্যপাল আছিল ।

১৯৩১ চনৰ ৮ অক্টোবৰত জন্মলাভ কৰা পদ্মনাভন বালকৃষ্ণ আচাৰ্য এমজিএম মহাবিদ্যালয়ৰ ১৯৪৮-৫০ চনৰ প্ৰথম বেটচৰ ছাত্ৰ আছিল । ১৯৪৮ চনত আৰএছএছক নিষিদ্ধ ঘোষণাৰ পিছত আচাৰ্য এগৰাকী অতি সক্ৰিয় ৰাজহুৱা কৰ্মী হিচাপে ভূমিকা পালন কৰিছিল । তেওঁক চৰকাৰে ৬ মাহৰো অধিক সময় কাৰাবাসত ৰাখিছিল ।

১৯৯৫ চনৰ পৰা ২০০১ চনৰ সময়ছোৱাত নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত আচাৰ্যই বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । সেই সময়ত মোদী উত্তৰ ভাৰতৰ ৫ খন ৰাজ্যৰ দায়িত্বত আছিল । আনহাতে, পদ্মনাভ বালকৃষ্ণ আচাৰ্যক উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ দায়িত্ব অৰ্পণ কৰা হৈছিল ।

পদ্মনাভন আচাৰ্যৰ অন্তিম যাত্ৰা মুম্বাইৰ ভাৰ্ছোভাস্থিত তেওঁৰ বাসগৃহৰ পৰা সন্ধিয়া ৫.৩০ বজাত ৰাওনা হয় আৰু ৱশ্বিৱাৰা শ্মশানত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ।

লগতে পঢ়ক :Women Entry Ban in Satra : সত্ৰত মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰাক লৈ বৰপেটাৰ সত্ৰলৈ ন্যায়ালয়ৰ জাননী

ABOUT THE AUTHOR

...view details