অসম

assam

SC Verdict on Demonetisation: কেন্দ্ৰৰ বিমুদ্ৰাকৰণৰ সিদ্ধান্তক ন্যায্যতা প্ৰদান সৰ্বোচ্চ ন্যায়ালয়ৰ

By

Published : Jan 2, 2023, 4:05 PM IST

SC

নৰেন্দ্ৰ মোদী চৰকাৰৰ বিমুদ্ৰাকৰণৰ সিদ্ধান্তক ন্যায্যতা প্ৰদান কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে । উচ্চ মূল্যৰ নোট বাতিল কৰাৰ বাবে কেন্দ্ৰৰ 2016 চনৰ অধিসূচনাক সমৰ্থন ছুপ্ৰিম কোৰ্টৰ । 4:1 সংখ্যাগৰিষ্ঠতাৰে দেশৰ শীৰ্ষ আদালতৰ মজিয়াত লোৱা সিদ্ধান্তত জনোৱা হয় যে, কেন্দ্ৰই লোৱা সিদ্ধান্ত ভুল নাছিল (SC upholds Centres 2016 decision on Demonetisation) । অৱশ্যে ন্যায়াধীশ নাগাৰাথনাই তেওঁৰ ভিন্নমত পোষণ কৰি কয় যে, ৫০০ আৰু ১,০০০ টকাৰ নোট বাতিলকৰণ বে-আইনী আছিল ।

নিউজ ডেস্ক, ২ জানুৱাৰী :উচ্চতম ন্যায়ালয়ে সোমবাৰে 4:1 সংখ্যাগৰিষ্ঠ ৰায়ত চৰকাৰৰ 2016-ৰ সিদ্ধান্তক বাহাল ৰাখিছে (Supreme Court verdict on Denomination) । ছুপ্ৰিম কোৰ্টৰ ৰায়ত কোৱা হয় যে 1,000 আৰু 500 টকাৰ নোট বিমুদ্ৰাকৰণ কৰিবলৈ লোৱা সিদ্ধান্তৰ প্ৰক্ৰিয়াটো ত্ৰুটিপূৰ্ণ নাছিল । ন্যায়াধীশ এছ এ নাজিৰৰ নেতৃত্বত গঠিত পাঁচজনীয়া সংবিধান বিচাৰপীঠে বিমুদ্ৰাকৰণৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা বহুকেইখন আবেদনৰ ওপৰত সোমবাৰে এই ৰায় প্ৰদান কৰে ছুপ্ৰিম কোৰ্টে (SC upholds Centres 2016 decision on Demonetisation) ।

ৰায়টোত কোৱা হৈছে যে, সিদ্ধান্ত লোৱাৰ প্ৰক্ৰিয়াটো ত্ৰুটিপূৰ্ণ হ'ব নোৱাৰে । কিয়নো ভাৰতীয় ৰিজাৰ্ভ বেংক (Reserve Bank of India, RBI) আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত বিমুদ্ৰাকৰণ সন্দৰ্ভত আলোচনা হৈছিল । ন্যায়াধীশ বি আৰ গাভাই দিয়া ৰায়টোত ন্যায়াধীশ বি ভি নাগাৰাথাই তেওঁৰ ভিন্নমত প্ৰকাশ কৰে ।

সংখ্যালঘু ৰায়ত নাগাৰাথনাই কয় যে, 500 আৰু 1,000 টকাৰ নোট বিমুদ্ৰাকৰণ বিভাজিত, বে-আইনী আছিল । উল্লেখ্য যে, শীৰ্ষ আদালতৰ এই ৰায়টো ৫৮ খন আবেদনৰ এটা গোটৰ ওপৰত দিয়া হয় । উক্ত আবেদনবোৰ 8 নৱেম্বৰ, 2016 তাৰিখে কেন্দ্ৰই ঘোষণা কৰা বিমুদ্ৰাকৰণ নীতিক প্ৰত্যাহ্বান জনাই কৰা হৈছিল (challenging demonetisation of union govt) ।

ন্যায়াধীশ গাভাই কয় যে, কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় পৰিষদৰ পৰামৰ্শ অনুসৰি কাম কৰিছিল আৰু সিদ্ধান্তটোত কোনো ত্ৰুটি নাছিল আৰু তাৰ ওপৰত ভিত্তি কৰি অধিসূচনা জাৰি কৰা হৈছিল । ৰায়টোত এইটোও কোৱা হয় যে অৰ্থনৈতিক নীতিৰ ক্ষেত্ৰত সংযমতাৰে কাম কৰিব লাগিব আৰু আদালত বিশেষজ্ঞসকলৰ দৃষ্টিভংগীৰ পৰিপূৰক হ'ব নোৱাৰে বা আইনী পদক্ষেপৰ বিকল্প হ'ব নোৱাৰে ।

গাভাই লগতে কয় যে, দেখা গৈছে যে আৰবিআইৰ সৈতে ৬ মাহ ধৰি এই সন্দৰ্ভত আলোচনা কৰি পৰামৰ্শ লোৱা হৈছিল আৰু ৫২ দিনৰ এই সময়সীমা দিয়াটো অযৌক্তিক বুলি গণ্য কৰিব নোৱাৰি । বিতৰ্কৰ কথা উল্লেখ কৰি এই সিদ্ধান্তৰ ফলত ৰাইজে সন্মুখীন হোৱা কষ্ট সন্দৰ্ভত গাভাই কয়, "উদ্দেশ্য প্ৰাপ্তি হোৱাটো বা নোহোৱাটো প্ৰাসংগিক নহয়, উদ্দেশ্যটো সঠিক হ'ব লাগে ।"

"মোৰ অভিমত যে অপ্ৰত্যাশিত অধিসূচনা বেআইনী, বিমুদ্ৰাকৰণ কাৰ্য । ২০১৬ চনৰ অধিসূচনা আৰু ২০১৭-ৰ আইন প্ৰণয়নো বেআইনী ।" নাগাৰাথনাই অৱশ্যে এই ৰায় দিয়ে । "বিমুদ্ৰাকৰণৰ কাৰ্য আইনৰ বিপৰীতে ক্ষমতাৰ অনুশীলন আছিল ।" নাগাৰাথনাই তেওঁৰ ভিন্নমতৰ ৰায় উপস্থাপন কৰোঁতে কয় ।

তেওঁ মত প্ৰকাশ কৰে যে, সিদ্ধান্ত লোৱাৰ সময়ত অনুসৰণ কৰিবলগা সঠিক প্ৰক্ৰিয়াটো অনুসৰণ কৰা হোৱা নাছিল আৰু তাৰ পৰিৱৰ্তে এখন গেজেট অধিসূচনা জাৰি কৰা হৈছিল । তেওঁ কয় যে, আৰবিআই আৰু চৰকাৰে দাখিল কৰা নথিপত্ৰসমূহে প্ৰকাশ কৰিছিল যে বেংকৰ দ্বাৰা মন প্ৰয়োগত কোনো স্বতন্ত্ৰ নাছিল ।

তেওঁ লক্ষ্য কৰে যে "চৰকাৰৰ দ্বাৰা বিচৰা" আদি কিছুমান বাক্যাংশৰ ব্যৱহাৰত এনেধৰণৰ প্ৰশ্ন হয় । "সকলো বেংক নোটৰ শৃংখলা ২৪ ঘণ্টাত বিমুদ্ৰাকৰণ কৰা হৈছিল ।" তেওঁ লগতে কয়, "এই পৰ্যায়ত স্থিতি বিপৰীত কৰিব নোৱাৰি, কিন্তু চৰকাৰে কেৱল সংসদীয় প্ৰক্ৰিয়াৰে আগবাঢ়িব লাগে আৰু অধিসূচনা জাৰি কৰিব নালাগে ।"

"এইটো নিঃসন্দেহে ক'ব পাৰি যে সেয়া ভাল উদ্দেশ্যই আছিল ৷ এই প্ৰক্ৰিয়াটো বেআইনী বুলি গণ্য কৰা হৈছে বুলি কেৱল এই কাৰণেই কোৱা হৈছে যে, ইয়াৰ বাবে প্ৰয়োজনীয় প্ৰক্ৰিয়া সঠিকভাৱে অনুসৰণ কৰা হোৱা নাছিল আৰু আৰু ইয়াৰ কোনো লক্ষ্য নাছিল ।" নাগাৰাথনাই এনেদৰে আঙুলিয়াই দিয়ে । বিষয়টো এতিয়া প্ৰধান ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ (Chief Justice of India DY Chandrachud) ওচৰত দাখিল কৰা হ'ব আৰু তেওঁ ইয়াক উপযুক্ত বিচাৰপীঠৰ সন্মুখত উপস্থাপন কৰিব ।

লগতে পঢ়ক :Taj mahal ticket online: তাজমহল পৰিদৰ্শনৰ টিকট সংগ্ৰহৰ বাবে QR ক’ডৰ ব্যৱস্থা সংযোজন

ABOUT THE AUTHOR

...view details