ETV Bharat / bharat

আৰক্ষীৰ জালত লৰেন্স বিষ্ণৈ গেঙৰ ২ শ্বুটাৰ - Lawrence Bishnoi gang

author img

By ANI

Published : Apr 30, 2024, 10:00 AM IST

Lawrence Bishnoi gang
আৰক্ষীৰ জালত লৰেন্স বিষ্ণৈ গেঙৰ ২ শ্বুটাৰ

Lawrence Bishnoi gang : হাৰিয়ানাৰ নুহত লৰেন্স বিষ্ণৈ গেং আৰু নিৰাপত্তা বাহিনীৰ মাজত তীব্ৰ সংঘৰ্ষ । দুয়োপক্ষৰ মাজত হোৱা গুলীচালনাৰ অন্তত গেঙৰ দুই শ্বুটাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । নিৰাপত্তা বাহিনীৰ গুলীত আহত এজন ।

নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল : পুনৰ চৰ্চাত লৰেন্স বিষ্ণৈ গেং । এইবাৰ হাৰিয়ানাৰ নুহত গ্ৰেপ্তাৰ বিষ্ণৈ গেঙৰ দুই শ্বুটাৰ । আৰক্ষীয়ে জনোৱা মতে নুহত গুলীবৰ্ষণৰ ঘটনা সংঘটিত হৈছিল । সেই ঘটনাৰ পাচতে আৰক্ষীয়ে লৰেন্স বিষ্ণৈ গেঙৰ দুই শ্বুটাৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । আৰক্ষীৰ মতে শ্বুটাৰকেইজনক নুহ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত পাল্লা গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ৷

আৰক্ষীৰে হোৱা সংঘৰ্ষত এটা শ্বুটাৰৰ ভৰিত গুলী লাগিছে আৰু বৰ্তমান নুহৰ এখন সামূহিক স্বাস্থ্য কেন্দ্ৰত (চিএইচচি) শ্বুটাৰজনৰ চিকিৎসা চলি আছে বুলি আৰক্ষীয়ে অৱগত কৰিছে ।

আৰক্ষীয়ে জনোৱা মতে, এই শ্বুটাৰজন ৰোহতকৰ এক অপৰাধমূলক গোচৰৰ অভিযুক্ত আছিল । আৰক্ষীয়ে দীৰ্ঘদিন ধৰি শ্বুটাৰজনক বিচাৰি অভিযান চলাই আছিল । গুৰুগ্ৰাম বিশেষ টাস্ক ফ'ৰ্চ (এছটিএফ), নুহ আৰক্ষী আৰু দিল্লী আৰক্ষীৰ বিশেষ কোষৰ কাউণ্টাৰ ইণ্টেলিজেঞ্চৰ এক যুটীয়া দলৰ সৈতে হোৱা এক সংঘৰ্ষৰ পাচতে শ্বুটাৰকেইজনক গ্ৰেপ্তাৰ কৰা হৈছে ।

আৰক্ষীয়ে পৰৱৰ্তী অনুসন্ধান অব্যাহত ৰাখিছে । ধৃত শ্বুটাৰকেইজনক সোধ-পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে । সোধ-পোচৰ অন্তত আৰক্ষীয়ে কি ধৰণৰ তথ্য লাভ কৰে সেয়া লক্ষণীয় হ'ব ।

উল্লেখ্য যে লৰেন্স বিষ্ণৈ গেং প্ৰায়ে চৰ্চাত থকা দেখা যায় । সম্প্ৰতি গেঙৰ মুৰব্বী লৰেন্স বিষ্ণৈ কাৰাগাৰত আছে যদিও গেংটোৰ আন সদস্যসকলে প্ৰায়ে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাত জড়িত হোৱাৰ খবৰ পোহৰলৈ আহে । ইফালে আৰক্ষী আৰু গেংটোৰ সদস্যৰ মাজত সংঘৰ্ষ হোৱাও দেখা যায় । এনে সংঘৰ্ষত গেংটোৰ সদস্য নিহত হোৱাৰ উপৰিও গ্ৰেপ্তাৰো হৈ আহিছে ।

লগতে পঢ়ক : সুকমাত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত এটা মাওবাদী নিহত - Maoist Killed

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.