অসম

assam

Senthil Balaji case : চেন্থিল বালাজী গোচৰত মাদ্ৰাজ হাইকোৰ্টক গুৰুত্বপূৰ্ণ নিৰ্দেশ ছুপ্ৰিম কোৰ্টৰ

By

Published : Jul 4, 2023, 6:02 PM IST

বিভাজিত ৰায়ৰ পিছত, উচ্চতম ন্যায়ালয়ে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক গোচৰটো "অতি সোনকালে" তৃতীয় ন্যায়াধীশৰ সন্মুখত ৰাখিবলৈ কৈছিল, তৃতীয় ন্যায়াধীশক যিমান সম্ভৱ সোনকালে সিদ্ধান্ত ল'বলৈ পৰামৰ্শ দিছিল।

Senthil Balaji case
Senthil Balaji case

নিউজ ডেস্ক, ৪ জুলাই : ডিএমকে মন্ত্ৰী চেন্থিল বালাজীৰ মুক্তিৰ বাবে হেবিয়াছ কৰ্পাছ আবেদনৰ ওপৰত মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ খণ্ডিত ৰায়ৰ পিছত উচ্চতম ন্যায়ালয়ে মঙলবাৰে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক গোচৰটো 'অতি সোনকালে' তৃতীয় ন্যায়াধীশৰ সন্মুখত উপস্থাপন কৰিবলৈ কয় । লগতে কয় যে নতুন ন্যায়াধীশে যিমান সম্ভৱ সোনকালে সিদ্ধান্ত ল'ব পাৰে । আনহাতে, শীৰ্ষ আদালতে বিষয়টো তৃতীয় ন্যায়াধীশৰ ওচৰলৈ পঠিওৱাৰ সলনি গোচৰটোৰ সিদ্ধান্ত ল'বলৈ প্ৰৱৰ্তন সঞ্চালকালয়ে অনুৰোধ জনাই কৰা আবেদন প্ৰত্যাখ্যান কৰে ।

প্ৰৱৰ্তন সঞ্চালকালয়ক প্ৰতিনিধিত্ব কৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত আৰু ন্যায়াধীশ দীপংকৰ দত্তক লৈ গঠিত এখন বিচাৰপীঠৰ সন্মুখত গোচৰটোত প্ৰমাণ বিকৃতকৰণ সন্দৰ্ভত আশংকা ব্যক্ত কৰে আৰু কয় যে অভিযুক্তজন হৈছে এজন প্ৰভাৱশালী ব্যক্তি । আৰু যদি প্ৰমাণবোৰ বিকৃত কৰা হয় তেন্তে তাৰ ক্ষতি অপৰিৱৰ্তনীয় হ'ব । মেহতাই কয় যে ইয়াত আইনৰ কথা আছে, আন এখন বিচাৰপীঠ গঠন হোৱালৈকে অপেক্ষা কৰাৰ পৰিৱৰ্তে যিবোৰৰ ওপৰত এই আদালতে সিদ্ধান্ত ল'ব পাৰে । উল্লেখ্য, দিনটোৰ আৰম্ভণিতে উচ্চ ন্যায়ালয়ৰ এক খণ্ড বিচাৰপীঠে বিষয়টো সন্দৰ্ভত খণ্ডিত ৰায় প্ৰদান কৰে ।

আনহাতে, বালাজীক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা কপিল চিব্বালে কয় যে উচ্চ ন্যায়ালয়ক এনেদৰে কেনেকৈ উপেক্ষা কৰিব পাৰি ? তেওঁ আঙুলিয়াই দিয়ে যে উচ্চতম ন্যায়ালয়ে কৈছিল যে উচ্চ ন্যায়ালয়ে প্ৰথমে বিবেচনা কৰা উচিত । আৰু এতিয়া এটা খণ্ডিত ৰায় আহিছে, সেয়েহে ই এখন ডাঙৰ বিচাৰপীঠলৈ যাব লাগে । ইফালে মেহতাৰ যুক্তিৰ বিৰোধিতা কৰি তেওঁ কয় যে এইটো এটা আইনৰ প্ৰশ্ন, ইয়াৰ ওপৰত শীৰ্ষ ন্যায়ালয়ে সিদ্ধান্ত ল'ব লাগিব । চিব্বালে কয়, "আপুনি কেনে পৰিস্থিতিত ইয়াক এই আদালতলৈ আনিব পাৰে ?"

ইফালে বিচাৰপীঠে পৰ্যবেক্ষণ কৰে যে ছলিচিটৰ জেনেৰেলে আৰম্ভণিতে আঙুলিয়াই দিছিল যে খণ্ড বিচাৰপীঠে এটা খণ্ডিত ৰায় প্ৰদান কৰিছে । আৰু সেয়ে এতিয়া মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক বিষয়টো অতি সোনকালে তৃতীয় ন্যায়াধীশৰ সন্মুখত ৰাখিবলৈ আৰু লগতে দায়িত্ব দিয়া বিচাৰপীঠক যিমান সম্ভৱ সোনকালে গোচৰটোৰ সিদ্ধান্ত ল'বলৈ অনুৰোধ কৰিব । শীৰ্ষ ন্যায়ালয়ে কয় যে উচ্চ ন্যায়ালয়ৰ সন্মুখত এই প্ৰক্ৰিয়াৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ নপৰে ।

উল্লেখ্য, বিচাৰপীঠে কৈছিল যে যদি উচ্চ ন্যায়ালয়ৰ খণ্ডিত ৰায় হয়, তেন্তে তেওঁক কেনেকৈ জামিনত মুক্তি দিব পাৰি ? ইয়াৰ উত্তৰত চিব্বালে কয় যে তেওঁ ন্যায়িক জিম্মাত থাকিব আৰু এইটো আইন অনুসৰিয়ে হ'ব । মেহতাই শীৰ্ষ আদালতক এই আদেশটোৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায় । ন্যায়াধীশ কান্তে কয় যে অন্য সিদ্ধান্ত নোলোৱালৈকে তেওঁ জিম্মাত থাকিব । শীৰ্ষ আদালতে বিষয়টোৰ শুনানি ২৪ জুলাইত হ'ব বুলি উল্লেখ কৰে ।

লগতে পঢ়ক :Modi surname case : পাটনা আদালতত আজি ৰাহুল গান্ধীৰ মোদী উপাধি গোচৰৰ শুনানি

ABOUT THE AUTHOR

...view details