ETV Bharat / bharat

Modi surname case : পাটনা আদালতত আজি ৰাহুল গান্ধীৰ মোদী উপাধি গোচৰৰ শুনানি

author img

By

Published : Jul 4, 2023, 2:15 PM IST

মোদী উপাধিক লৈ কৰা বিতৰ্কিত মন্তব্য সম্পৰ্কে ৰাহুল গান্ধীৰ বিৰুদ্ধে কেইবাখনো আদালতত গোচৰ চলি আছে । আজি পাটনা উচ্চ ন্যায়ালয়ে বিষয়টোক লৈ শুনানি গ্ৰহণ কৰিব । ১৫ মে'ত শুনানি গ্ৰহণ কৰি ৰায় স্থগিত ৰাখিছিল আদালতে ।

Modi surname case
পাটনা আদালতত আজি ৰাহুল গান্ধীৰ মোডী উপাধি গোচৰৰ শুনানি

নেশ্যনেল ডেস্ক,৪ জুলাই : পাটনা উচ্চ ন্যায়ালয়ে পুনৰ মঙলবাৰে ৰাহুল গান্ধীৰ মোদী উপাধি গোচৰৰ শুনানি গ্ৰহণ কৰিব । ইয়াৰ পূৰ্বে ১৫ মে'ত বিষয়টোৰ ওপৰত শুনানি গ্ৰহণ কৰিছিল । ৰাহুল গান্ধীৰ বিৰুদ্ধে আবেদনৰ শুনানি আদালতে ৪ জুলাইলৈ স্থগিত ৰাখিছিল ।

ইয়াৰ পূৰ্বে একেটা গোচৰতে শুনানি গ্ৰহণ কৰি পাটনাৰ এমপি-এমএলএ আদালতে ৰাহুল গান্ধীক যিকোনো পৰিস্থিতিত শাৰীৰিকভাৱে আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল । কিন্তু ৰাহুল গান্ধীয়ে এমপি-এমএলএ আদালতৰ আদেশৰ বিৰুদ্ধে পাটনা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল । গোচৰটোৰ শুনানিৰ সময়ত পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সন্দীপ কুমাৰৰ বিচাৰপীঠে ৰাহুল গান্ধীক এই ক্ষেত্ৰত সকাহ প্ৰদান কৰিছিল । আদালতে তেওঁক গোচৰটোত শাৰীৰিকভাৱে হাজিৰ হোৱাৰ আদেশৰ পৰা ৰেহাই দিছিল । মঙলবাৰে ৰাহুল গান্ধীৰ অধিবক্তা অংশুলে এই গোচৰটোত ৰাহুল গান্ধীৰ হৈ তেওঁৰ পক্ষ উত্থাপন কৰিব ।

বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা সুশীল মোদীয়ে ২০১৯ চনত ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল । তেওঁৰ আবেদনখনত কোৱা হৈছিল যে ৰাহুল গান্ধীয়ে মোদীক চোৰ বুলি অভিহিত কৰি সমগ্ৰ মোদী সম্প্ৰদায়ক অপমান কৰিছে ।

ৰাহুল গান্ধীক ইতিমধ্যে গুজৰাটৰ চুৰাট আদালতে মোদী উপাধি সম্পৰ্কীয় আন এটা গোচৰত দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে । তাৰ পাচত তেওঁ সংসদৰ সদস্য পদো হেৰুৱাইছে । শাস্তি ঘোষণা হোৱাৰ পাচত ৰাহুল গান্ধীয়ে কেৱল সংসদৰ সদস্য পদ হেৰুৱাই নহয় তেওঁক চৰকাৰী বাংলো খালী কৰিবলৈও জাননী দিয়ে । ফলস্বৰূপে পাচত তেওঁ চৰকাৰী বাংলো খালী কৰে ।

ইফালে মোদী উপাধি সম্পৰ্কীয় আপত্তিজনক মন্তব্যৰ পাচত ৰাহুল গান্ধী নিৰন্তৰভাৱে সমস্যাৰ সন্মুখীন হৈ আছে । তেওঁৰ আপত্তিজনক মন্তব্যৰ বিৰুদ্ধে চুৰাট উচ্চ ন্যায়ালয়তো এটা গোচৰ চলি আছে । একেটা গোচৰৰ ওপৰতে মঙলবাৰে পাটনা আদালতে শুনানি গ্ৰহণ কৰিব । এতিয়া পাটনা উচ্চ ন্যায়ালয়ে ৰাহুল গান্ধী গোচৰৰ ওপৰত কি ৰায় দিয়ে সেয়াহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :SC Goes Paperless : আজিৰে পৰা দেশৰ সৰ্বোচ্চ ন্যায়ালয় কাগজবিহীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.