অসম

assam

Ramoji Film City Honored : চিহাৰা বঁটাৰে সন্মানিত হ’ল ৰামোজী ফিল্ম চিটি

By

Published : Nov 18, 2022, 10:23 PM IST

Ramoji Film City Honored

দক্ষিণ ভাৰতত আতিথ্যৰ বাবে ৰামোজী ফিল্ম চিটিক সৰ্বশ্ৰেষ্ঠ সন্মানেৰে সন্মানিত কৰা হয় (Ramoji Film City Honored) ৷ বেংগালুৰু চহৰৰ চাংগ্ৰী লা হোটেলত আয়োজিত চিহাৰা বাৰ্ষিক সন্মিলনত ৰামোজী ফিল্ম চিটিক এই বঁটা প্ৰদান কৰা হয় (Ramoji Film City Awarded with best Contribution to hospitality in South India) ৷

নেশ্যনেল ডেস্ক, 18 নৱেম্বৰ : হাইদৰাবাদৰ ৰামোজী ফিল্ম চিটিলৈ (Ramoji Film City in Hyderabad) আহিছে আন এক সুখবৰ ৷ শুকুবাৰে বেংগালুৰুত ৰামোজী ফিল্ম চিটিলৈ আগবঢ়োৱা হৈছে আন এক বিশেষ সন্মান ৷ দক্ষিণ ভাৰতত আতিথ্যৰ শ্ৰেষ্ঠ অৱদানৰ বাবে চিহাৰা বঁটাৰে সন্মানিত কৰা হয় ৰামোজী ফিল্ম চিটিক (Ramoji Film City Awarded with best Contribution to hospitality in South India) ৷ ৰামোজী ফিল্ম চিটিৰ মেনেজিং ডাইৰেক্টৰ চি.এইচ. বিজয়েশ্বৰীক এই সন্মানীয় বঁটা প্ৰদান কৰা হয় ।

উল্লেখ্য যে, কৰ্ণাটকৰ বেংগালুৰু চহৰৰ চাংগ্ৰী লা হোটেলত আয়োজিত কৰা হৈছে চিহাৰা বাৰ্ষিক সন্মিলন (Sihara annual convention in Bengaluru) ৷ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই উদ্বোধন কৰা এই সন্মিলনতে হাইদৰাবাদৰ ৰামোজী ফিল্ম চিটিক চিহাৰা বঁটাৰে সন্মানিত হয় (Sihara Award for best Contribution to hospitality in South India) ৷

চিহাৰা বঁটাৰে সন্মানিত হ’ল ৰামোজী ফিল্ম চিটি

শুকুৰবাৰে এই বঁটা গ্ৰহণ কৰে ৰামোজী ফিল্ম চিটিৰ মেনেজিং ডাইৰেক্টৰ চি এইচ বিজয়েশ্বৰী ৷ তথ্য অনুসৰি, চিহাৰাই (SIHARA) ৰামোজী ফিল্ম চিটিক আতিথ্য উদ্যোগৰ ক্ষেত্ৰত শীৰ্ষ বুলি স্বীকৃতি প্ৰদান কৰিছে ৷ যিয়ে দক্ষিণ ভাৰতক পৰ্যটনৰ প্ৰচাৰ ব্যৱস্থাটো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি উল্লেখ কৰে (Tourism in Southern India) ।

চিহাৰা বঁটাৰে সন্মানিত হ’ল ৰামোজী ফিল্ম চিটি

উল্লেখ্য যে, চিহৰাই (SIHARA) ৰ তথ্য মতে, দেশত পৰ্যটনৰ প্ৰচাৰৰ লগতে হোটেলৰ আন্তঃগাঁথনিয়েও পৰ্যটনৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে ৷ ইয়াৰ ভিতৰত ৰামোজী ফিল্ম চিটি অন্যতম ৷ ৰামোজী ফিল্ম চিটিয়ে দক্ষিণ ভাৰতত আতিথ্য আৰু পৰ্যটনৰ প্ৰচাৰৰ ক্ষেত্ৰত উৎকৃষ্ট কাম কৰি আহিছে । পৰ্যটনৰ ক্ষেত্ৰত এই অৱদান আগবঢ়োৱাৰ বাবে ৰামোজী ফিল্ম চিটিক চিহৰাৰ দ্বাৰা বিশেষ সন্মানেৰে সন্মানিত কৰা হৈছে ।

বেংগালুৰু চহৰত আয়োজিত উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে কৰ্ণাটকৰ পৰ্যটন মন্ত্ৰী আনন্দন সিং, তামিলনাডুৰ পৰ্যটন মন্ত্ৰী ড৹ মাথি ভেন্থন, শায়ম ৰাজু, চিহাৰাৰ সভাপতি লগতে বহু গণ্য-মান্য ব্যক্তি ৷

লগতে পঢ়ক :আহমেদাবাদত অনুষ্ঠিত ভ্ৰমণ-বাণিজ্য মেলাৰ মূল আকৰ্ষণ ৰামোজী ফিল্ম চিটি

ABOUT THE AUTHOR

...view details