আহমেদাবাদত অনুষ্ঠিত ভ্ৰমণ-বাণিজ্য মেলাৰ মূল আকৰ্ষণ ৰামোজী ফিল্ম চিটি

author img

By

Published : Sep 6, 2022, 10:24 PM IST

Travel and tourism fair at Ahmedabad

তিনিদিনীয়া কাৰ্যসূচীৰে 6 ছেপ্টেম্বৰৰ পৰা আহমেদাবাদত অনুষ্ঠিত কৰা হৈছে ভ্ৰমণ আৰু বাণিজ্য মেলাৰ (Travel and tourism fair in Ahmedabad ) ৷ এই মেলাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰাম’জী ফিল্ম চিটি (Ramoji Film City) ৷ এই মেলাত ৰাম’জী ফিল্ম চিটিৰ দ্বাৰা এটা ষ্টল স্থাপন কৰা হৈছে ৷ য’ত বৰ্তমানলৈকে কিমানখন আৰু কেনেদৰে চিনেমাৰ দৃশ্যগ্ৰহণ কৰা হৈছে সেই সন্দৰ্ভত বৰ্ণনা কৰা হৈছে ।

নেশ্যনেল ডেস্ক, 6 ছেপ্টেম্বৰ : ভাৰতত কৰোনা মহামাৰীৰ পিছত, আহমেদাবাদত আটাইতকৈ ডাঙৰ ভ্ৰমণ-বাণিজ্য অনুষ্ঠানৰ আয়োজন কৰা হৈছে (Travel and tourism fair at Ahmedabad) । এই ভ্ৰমণ মেলাখন তিনিদিনীয়া কাৰ্যসূচীৰে 6 ছেপ্টেম্বৰৰ পৰা 8 ছেপ্টেম্বৰলৈ চলিব ।

আহমেদাবাদত অনুষ্ঠিত ভ্ৰমণ-বাণিজ্য মেলাৰ মূল আকৰ্ষণ ৰামোজী ফিল্ম চিটি

উল্লেখ্য যে, অধিকাংশ ৰাজ্যই এই মেলাত নিজৰ পৰ্যটকৰ আকৰ্ষণ সমূহ উপস্থাপন কৰে । ইয়াৰ ভিতৰত হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটি এই মেলাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । ৰামোজী ফিল্ম চিটিৰ দ্বাৰা এটা ষ্টল স্থাপন কৰা হৈছে (Ramoji Film City stall attracted in travel and tourism fair at Ahmedabad)৷ য’ত বৰ্তমানলৈকে কিমানখন আৰু কেনেদৰে চিনেমাৰ দৃশ্যগ্ৰহণ কৰা হৈছে সেই সন্দৰ্ভত বৰ্ণনা কৰা হৈছে ।

হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটিত আছে বহুতো আকৰ্ষণীয় স্থান (Ramoji Film City)। প্ৰতি বছৰে প্ৰায় 2 লাখ পৰ্যটকে এই ৰামোজী ফিল্ম চিটিলৈ আহে ৷ আনকি প্ৰতি বছৰে 100 তকৈও অধিক বিবাহ অনুষ্ঠিত হয় এই ফিল্মী দুনীয়াত । আনকি প্ৰতি বছৰে এই ফিল্ম চিটিত 400 তকৈও অধিক সৰু আৰু ডাঙৰ চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ কৰা হয় ।

কোৱা হয় যে আপুনি যদি হায়দৰাবাদলৈ গৈছে আৰু আপুনি ৰামোজী ফিল্ম চিটি দেখা নাই, তেন্তে আপুনি একো দেখা নাই । সেয়ে ইয়াক হায়দৰাবাদৰ পৰ্যটন আৰু দৰ্শনক্ষেত্ৰসমূহৰ এটা উল্লেখযোগ্য স্থান বুলি গণ্য কৰা হয় ।

উল্লেখ্য যে, এই ভ্ৰমণ আৰু পৰ্যটন মেলাত ভাৰত আৰু বিদেশৰ 700 ৰো অধিক লোকে অংশগ্ৰহণ কৰিছে । দেশত ঘৰুৱা বিমান যাত্ৰীৰ যাতায়ত প্ৰায় 67 শতাংশ বৃদ্ধি পাইছে । প্ৰতিবেদন অনুসৰি, পৰ্যটনে 2022 চনত গুজৰাটৰ GDP ত প্ৰায় 10.2 শতাংশ অৰিহণা যোগাইছিল ৷ যি 2015 চনত মাত্ৰ 5 শতাংশ আছিল ।

প্ৰতিখন ৰাজ্যই পৰ্যটন আৰু ভ্ৰমণ মেলাত ইয়াৰ পৰ্যটনৰ প্ৰচাৰ কৰিবলৈ চেষ্টা কৰি আহিছে । প্ৰতিখন ৰাজ্যই এই মেলাত ইয়াৰ পৰ্যটকৰ আকৰ্ষণবোৰ উপস্থাপন কৰি আহিছে । গুজৰাটত আয়োজিত এই মেলাৰ প্ৰথম দিনাই উপস্থিত থাকে তামিলনাডুৰ পৰ্যটন মন্ত্ৰী ড৹ এম মাথিভেন্থন ৷

ৰামোজী ফিল্ম চিটিৰ জেনেৰেল মেনেজাৰ তুষাৰে ই টিভি ভাৰতৰ আগত উল্লেখ কৰে, ‘‘দুবছৰৰ ক’ভিডৰ পিছত গুজৰাটত এইটো প্ৰথম অনুষ্ঠান । এইটো আটাইতকৈ ডাঙৰ বাজেটৰ অনুষ্ঠান । ৰামোজী ফিল্ম চিটি হৈছে পৃথিৱীৰ সৰ্ববৃহৎ চলচ্চিত্ৰ চহৰ । 2000 একৰত বিস্তৃত, চলচ্চিত্ৰ চহৰখনত 550 টা কোঠাৰ সৈতে পাঁচখন হোটেল আছে ।

ৰামোজী ফিল্ম চিটিত আগৰ দিনৰ পৰ্যটন, থীম পাৰ্ক, বিনোদন উদ্যান আছে ৷ এই ফিল্ম চিটিলৈ সমগ্ৰ দেশৰ পৰা মানুহ আহে আৰু ইয়াৰ মাধুৰ্য উপভোগ কৰে । ৰামোজী ফিল্ম চিটি চলচ্চিত্ৰৰ বাবে যথেষ্ট বিখ্যাত । প্ৰতি বছৰে 450 ৰ পৰা 500 খন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ কৰা হয় । সকলোকে ৰামোজী ফিল্ম চিটিলৈ স্বাগতম’’ ।

লগতে পঢ়ক : National Read a Book Day: অডিঅ’ বুকেৰে পুনৰ গঢ়ি তোলক আপোনাৰ কিতাপ পঢ়াৰ অভ্যাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.