National Read a Book Day: অডিঅ’ বুকেৰে পুনৰ গঢ়ি তোলক আপোনাৰ কিতাপ পঢ়াৰ অভ্যাস

author img

By

Published : Sep 6, 2022, 8:08 PM IST

It's 'National Read a Book Day'!

স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ লগে লগে আমি বাহিৰত ভ্ৰমণ কৰি অধিক সময় কটাবলৈ আৰম্ভ কৰিছো ৷ এইক্ষেত্ৰত কেৱল প্ৰভাৱিত হৈছে কিতাপৰ সৈতে আমাৰ সময় । ব্যস্ততাৰ বাবে যেন কিতাপ পঢ়াৰ অভ্যাস দিনক দিনে কমি আহিবলৈ ধৰিছে ৷ কিন্তু কিতাপ এখন পঢ়িবলৈ সময় নোপোৱাত আমি কি কৰিম ?

স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ লগে লগে আৰু আমি বাহিৰত ভ্ৰমণ কৰি অধিক সময় কটাবলৈ আৰম্ভ কৰিছো, এই ক্ষেত্ৰত কেৱল প্ৰভাৱিত হৈছে কিতাপৰ সৈতে আমাৰ সময় । ব্যস্ততাৰ বাবে যেন কিতাপ পঢ়াৰ অভ্যাস দিনক দিনে কমি আহিবলৈ ধৰিছে ৷ বৰ্তমান আমাৰ গোটেই প্ৰজন্মটোৱেই ইলেক্ট্ৰনিক সামগ্ৰীৰ আগ্ৰাসনত! কিন্তু ক'ভিডৰ সময়ছোৱাত আমিবোৰ আৱদ্ধ হৈ পৰিছিলো কিতাপৰ মাজত ৷ কিন্তু পৰিস্থিতি পুনৰ সুচল হৈ পৰাত আমি আকৌ যান্ত্ৰিক হৈ পৰিলো(National Read a Book Day) ৷

কিন্তু কিতাপ এখন পঢ়িবলৈ সময় নোপোৱাত আমি কি কৰিম ? সেয়ে এই ৰাষ্ট্ৰীয় কিতাপ পঢ়া দিৱস উপলক্ষ্যে শুনক ব্ৰিটিছ কাউন্সিল ডিজিটেল লাইব্ৰেৰীৰ আপোনাৰ প্ৰিয় কিতাপ । ব্ৰিটিছ কাউন্সিলৰ ডিজিটেল লাইব্ৰেৰীত দেখা পোৱাৰ দৰে ২০২০ চনৰ পৰা ২০২২ চনৰ আগষ্টলৈকে অডিঅ’ বুকৰ চাবস্ক্ৰিপচন ৪১ শতাংশ বৃদ্ধিৰ দ্বাৰা আণ্ডাৰলাইন কৰা হৈছে ৷

কিতাপৰ সৈতে আমাৰ সম্পৰ্ক অব্যাহত ৰখাৰ এক কল্পনাতীত উপায় হৈছে অডিঅ’বুক । খোজ কাঢ়িবলৈ ওলাই যোৱাই হওক, অফিচলৈ গাড়ী চলাই যোৱাই হওক, বা কোনো কাম চলাই থাকক, কিতাপ এখন শুনাটো এতিয়া বহু গ্ৰন্থপ্ৰেমীৰ বাবে পছন্দৰ বিষয় । ব্ৰিটিছ কাউন্সিল ডিজিটেল লাইব্ৰেৰীত ক্লাছিক গ্ৰন্থৰ পৰা আৰম্ভ কৰি নতুন কিতাপ, কল্পকাহিনী বা অ-কল্পকাহিনীলৈকে অডিঅ’বুকৰ এটা কিউৰেট সংগ্ৰহ কৰা আছে, যিবোৰ আপুনি যিকোনো ঠাইতে, যিকোনো সময়তে উপভোগ কৰিব পাৰে । গতিকে আপোনাৰ প্লেলিষ্ট নিৰ্মাণ কৰক, আপোনাৰ হেডফোন লগাওক আৰু আপোনাৰ প্ৰিয় লেখকসকলৰ ৰচনা শুনিবলৈ আৰম্ভ কৰক ।

ছাচপেন্সেৰে ভৰা থ্ৰিলাৰ প্ৰেমীসকলৰ বাবে প্ৰিয় আগাথা ক্ৰীষ্টিৰ "The Murder of Roger Ackroyd" । কৌতুহলী মনবোৰ সদায় নতুন আৰু আকৰ্ষণীয় কিবা এটাৰ ওপৰত থাকে । থ্ৰিলাৰ ছাচপেন্সেৰে ভৰা এই উপন্যাসখনৰ কথন শুনিলে আপুনি এখন অন্য জগতত সোমাই পৰিব । সৰ্বকালৰ অন্যতম বেষ্ট চেলাৰ লেখকৰ এই উপন্যাসখনক অন্যতম ৰহস্যময় উপন্যাস হিচাপে গণ্য কৰা হয় ৷ এই উপন্যাসখনত ব্লেকমেইল আৰু হত্যাকাণ্ডৰ সৈতে জড়িত এক বিভ্ৰান্তিকৰ থ্ৰিলাৰ পটভূমি আছে ।

যদি আপুনি এগৰাকী প্ৰকৃত ৰোমান্টিক লোক, তেন্তে ইংগ্ৰিড পাৰ্ছাউডৰৰ "Love After Love" আপোনাৰ বাবে এক বিকল্প হ'ব পাৰে । এই উপন্যাখন শুনিলে আপুনি নিশ্চয় প্ৰেমৰ জগতখনত সোমাই পৰিব ৷ আপুনি সুন্দৰভাৱে বৰ্ণনা কৰা এই উপন্যাসখন উপভোগ কৰক য’ত অকলশৰীয়া নায়কে মানুহক মৰম আৰু আশা আগবঢ়ায় ।

আপুনি মন প্ৰসাৰিত কৰিব পৰা কিতাপ পঢ়ি ভাল পায় নেকি ? তেন্তে আপোনাৰ বাবে অন্যতম এখন শ্ৰেষ্ঠ অডিঅ'বুক হৈছে ষ্টিফেন আৰ ক'ভিৰ "The 7 Habits of Highly Effective People"

আমাৰ সকলোৰে মাজত এজন দাৰ্শনিক লুকাই আছে । গতিকে, ব্ৰিটিছ কাউন্সিল ডিজিটেল লাইব্ৰেৰীত থকা এই কিতাপখনৰ জৰিয়তে অন্তৰ্দৃষ্টিসম্পন্ন দৰ্শনসমূহৰ জগতত সোমাই পৰক । ৰে ব্ৰেডবেৰীৰ "Fahrenheit 451" নামৰ এটা বিজ্ঞান-কল্পকাহিনীৰ সৈতে ডিষ্ট'পিয়ান জগতখনলৈ ভ্ৰমণ কৰক । ৰে ব্ৰেডবেৰীৰ "Fahrenheit 451" নামৰ এখন বিজ্ঞান-কল্পকাহিনীৰ সৈতে ডিষ্ট'পিয়ান জগতখনলৈ ভ্ৰমণ কৰক । বাহিৰৰ সকলো বিজ্ঞান-কল্পকাহিনী ফ্ৰিকৰ বাবে ডিজিটেল লাইব্ৰেৰীত উপলব্ধ কিতাপৰ এক বিশাল সংগ্ৰহ আছে । ডিষ্ট’পিয়ান পৰিৱেশত নিৰ্মিত কিতাপখন এখন সুন্দৰকৈ লিখা উপন্যাস, য’ত আছে এখন আমেৰিকান গাঁৱৰ পৰিৱেশ আৰু এজন অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানৰ সংগ্ৰাম । ইয়াত সাহিত্য আৰু সমালোচনাত্মক চিন্তাৰ স্থিতি চিত্ৰিত কৰা হৈছে ।

টনি জনষ্টনৰ "The Cat with Seven Names" নামৰ এখন শ্ৰেষ্ঠ শিশুৰ অডিঅ'বুকৰ জৰিয়তে আপুনি আপোনাৰ ল'ৰালি কাল পুনৰ জীয়াব পাৰিব । এখন শিশু উপন্যাস পঢ়িলে আমাৰ সকলোকে শৈশৱৰ সেই সোণালী দিনবোৰলৈ আকৌ ঘূৰি যাবলৈ মন যাব ৷ তেন্তে এই উপন্যাসৰখন পাঠ কৰি ব্যস্ত নগৰৰ চুবুৰী এটাত ঘূৰি ফুৰা আৰু সাতটা ভিন্ন পৰিচয় আৰু নাম থকা এটা বন্ধুত্বপূৰ্ণ মেকুৰীৰ বিষয়ে পঢ়ক ।

লগতে পঢ়ক: Onam 2022: দক্ষিণ ভাৰতৰ কেৰালাৰ আটাইতকৈ জনপ্ৰিয় উৎসৱ ওনামৰ বিষয়ে জানক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.