অসম

assam

PM Modi's Twitter handle hacked : হেকাৰৰ কবলত প্ৰধানমন্ত্ৰীৰ টুইটাৰ একাউণ্ট

By

Published : Dec 12, 2021, 11:28 AM IST

PM Modi's Twitter handle hacked

হেকাৰৰ কবলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ টুইটাৰ একাউণ্ট ৷ দেওবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই কথা সদৰী কৰে (PMO confirmed PM Modi's Twitter handle got hacked) ৷

নেশ্যনেল ডেস্ক, 12 ডিচেম্বৰ : এইবাৰ হেকাৰৰ কবলত দেশৰ প্ৰধানমন্ত্ৰীৰ টুইটাৰ একাউণ্ট (PM Modi's Twitter handle hacked on Sunday) ৷ অৱশ্যে কিছু সময়ৰ বাবেহে হেক হয় একাউণ্টটো ৷ দেওবাৰে পুৱা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে নিশ্চিত কৰে এই কথা ৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে (PMO India) তৎক্ষণাত বিষয়টো টুইটাৰক অৱগত কৰে (The matter was escalated to Twitter) আৰু একাউণ্টটো সোনকালে ৰিক’ভেৰী কৰা হয় (Modi's twitter account secured later) ৷ একাউণ্ট হেকৰ সময়চোৱাত আপডেট হোৱা প্ৰতিটো টুইটকেই উপেক্ষা কৰিবলৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে (PMO India) অনুৰোধ জনায় ৷

বৰ্তমান একাউণ্টটো পুনৰুদ্ধাৰ কৰি আপত্তিজনক টুইটসমূহ ডিলিট কৰা হৈছে ৷ মাইক্ৰ’ ব্লগিং চাইটত নৰেন্দ্ৰ মোডীৰ 73.8 মিলিয়নৰো অধিক অনুৰাগী আছে ৷

ঘটনাৰ সময়চোৱাত ভাৰতত ট্ৰেণ্ডিং কৰে #Hacked এ ৷ টুইটাৰ ব্যৱহাৰকাৰীসকলৰ বহুতে হেকিঙৰ সময়চোৱাত আপডেট হোৱা টুইটসমূহৰ স্ক্ৰীনশ্বট লৈ পিছত শ্বেয়াৰ কৰে ৷ য’ত লিখা আছিল ,"ভাৰতে আনুষ্ঠানিকভাৱে বিটকইনক আইনী নিবিদা হিচাপে গ্ৰহণ কৰিছে ৷ চৰকাৰে আনুষ্ঠানিকভাৱে 500 BTC ক্ৰয় কৰিছে আৰু সেইবোৰ দেশৰ সকলো বাসিন্দাক বিতৰণ কৰি আছে" ৷

লগতে পঢ়ক: Anti CAA movement: কা' প্ৰত্যাহাৰৰ দাবীত উত্তৰ-পূৱে পালন কৰিলে ক'লা দিৱস

ABOUT THE AUTHOR

...view details