ETV Bharat / bharat

দিল্লী প্ৰদেশ কংগ্ৰেছৰ সভাপতি অৰবিন্দৰ সিং লাভলীৰ পদত্যাগ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 1:54 PM IST

Lok Sabha Election 2024
দিল্লী প্ৰদেশ কংগ্ৰেছৰ সভাপতি অৰবিন্দৰ সিং লাভলীৰ পদত্যাগ

Lok Sabha Election 2024 : আপৰ সৈতে আসন ভাগ-বটোৱাৰাক লৈ পূৰ্বে অসন্তুষ্টি প্ৰকাশ কৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি অৰবিন্দৰ সিং লাভলীয়ে পদত্যাগ কৰে । দিল্লীত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদত্যাগে ব্যাপক আলোড়নৰ সৃষ্টি কৰিছে ।

নেশ্যনেল ডেস্ক, ২৮ এপ্ৰিল : অহা ২৫ মে' দিল্লীত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । তাৰ প্ৰাকক্ষণত দিল্লী কংগ্ৰেছত মোক্ষম আঘাত । নিৰ্বাচনৰ ঠিক পূৰ্বে দিল্লী কংগ্ৰেছৰ সভাপতি অৰবিন্দৰ সিং লাভলীয়ে পদত্যাগ কৰে । লাভলীয়ে সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ লগে লগে কংগ্ৰেছৰ ভিতৰ চ'ৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ টিকট ভাগ-বটোৱাৰাক কেন্দ্ৰ কৰি দিল্লী কংগ্ৰেছত অসন্তুষ্টি দেখা গৈছিল । কিন্তু এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদত্যাগৰ পিচতে দলটোত অস্থিৰতাৰ সৃষ্টি হৈছে । সূত্ৰৰ মতে আপৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা লাভলীয়ে পছন্দ কৰা নাছিল । শেহতীয়াকৈ, শীলা দীক্ষিত চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ৰাজ কুমাৰ চৌহানে পদত্যাগ কৰিছিল । যাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।

ইফালে প্ৰদেশ কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বাবাৰিয়াই দিল্লীত কংগ্ৰেছ আৰু আম আদমি পাৰ্টীৰ মিত্ৰতাৰ লগতে উত্তৰ-পূব দিল্লী আসনৰ পৰা কানহাইয়া কুমাৰক টিকট প্ৰদানক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল । আসন ভাগ-বটোৱাৰাক লৈ তীব্ৰ অসন্তুষ্টিৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ মুৰব্বীৰ পদত্যাগে কংগ্ৰেছৰ শীৰ্ষ মহলকো উদ্বিগ্ন কৰি তুলিছে ।

ইফালে, অৰবিন্দৰ সিং লাভলীয়ে ২০১৭ চনৰ এপ্ৰিলত কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ গৈছিল । কিন্তু এবছৰৰ পিচত তেওঁ যোৱা লোকসভা নিৰ্বাচন ২০১৯ৰ সময়ত পুনৰ কংগ্ৰেছলৈ উভতি আহিছিল ।

উল্লেখ্য যে দিল্লীৰ ৭ খন আসনৰ বাবে মনোনয়ন সোমবাৰৰ পৰা আৰম্ভ হ'ব । কংগ্ৰেছে ৩ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে ৷ য'ত আম আদমি পাৰ্টীয়ে ৪ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে ।

লগতে পঢ়ক :ভাৰতৰ গণতন্ত্ৰ-সংবিধান সুৰক্ষিত কৰাৰ সময় এয়া : কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ আহ্বান - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.