অসম

assam

পানীসাগৰ হিংসাত্মক ঘটনা : ত্ৰিপুৰা প্ৰশাসনলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

By

Published : Nov 3, 2021, 1:47 PM IST

পানীসাগৰ কাণ্ড সন্দৰ্ভত ত্ৰিপুৰা প্ৰশাসনে এতিয়ালৈকে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত প্ৰতিবেদন বিচাৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে । ত্ৰিপুৰাৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ আয়োগে জাননী জাৰি কৰিছে ।

NHRC served a notice to Chief Secretary and DGP of Tripura
ত্ৰিপুৰা প্ৰশাসনলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

নেশ্যনেল ডেস্ক, ৩ নৱেম্বৰ: ত্ৰিপুৰাৰ পানীসাগৰত সংঘটিত হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে । এই ঘটনা সন্দৰ্ভত ত্ৰিপুৰা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া জানিব বিচাৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে । শেহতীয়া ঘটনা সন্দৰ্ভত প্ৰতিবেদন বিচাৰি আয়োগে ত্ৰিপুৰাৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ জাননী জাৰি কৰিছে । যোৱা ২৬ অক্টোবৰত বিশ্ব হিন্দু পৰিষদে সমদল উলিওৱাৰ সময়তে এই হিংসাত্মক ঘটনা সংঘটিত হয় ।

আয়োগে প্ৰতিবেদন দাখিল কৰিবলৈ চাৰি সপ্তাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে । ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী অনুসৰি, যোৱা ২৮ অক্টোবৰত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰই এই অভিযোগ দাখিল কৰিছিল । জাননীখনত উল্লেখ কৰা হৈছে যে, তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰই অভিযোগ তুলিছে যে, ত্ৰিপুৰাত সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ বিৰুদ্ধে ৰাজনৈতিক হিংসা বৃদ্ধি পাইছে । তেওঁৰ অভিযোগ অনুসৰি, ৰাজ্যখনৰ শাসকীয় দলৰ কৰ্মীসকলে ৰাজ্যখনত প্ৰচাৰ অভিযান চলাই থকা সময়ত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ নেতাক আক্ৰমণ কৰিছিল ।

এই ঘটনাত, দলৰ এগৰাকী সাংসদ আৰু এজন কৰ্মী আহত হৈছিল । লগতে তেওঁলোকৰ বাহনো ভাঙি চূৰমাৰ কৰা হয় । সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰগৰাকীৰ অভিযোগ অনুসৰি যোৱা ২৬ অক্টোবৰত বিশ্ব হিন্দু পৰিষদে উত্তৰ ত্ৰিপুৰাৰ এটা অঞ্চলত সমদল উলিইছিল ।

উক্ত স্থানত সংখ্যালঘু সম্প্ৰদায়ৰ এটা ধৰ্মীয় স্থান ক্ষতিগ্ৰস্ত কৰাৰ লগতে দুখন দোকান জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে । তেওঁৰ অভিযোগ মতে, ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকল এই হিংসাত্মক ঘটনাৰ বলি হোৱাৰ পাচতো শাসকীয় দলটোৱে কেৱল নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিছিল । আনহাতে, এই ঘটনা সংঘটিত হোৱাৰ পাচতে, অঞ্চলটোৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে নিৰাপত্তাহীনতাত ভূগিছে ।

সেয়ে, অভিযোগকাৰীয়ে উক্ত বিষয়টোত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ হস্তক্ষেপ বিচাৰিছে বুলি জাননীখনত উল্লেখ কৰা হৈছে । ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এতিয়া এই সন্দৰ্ভত ত্ৰিপুৰা প্ৰশাসনৰ পৰা প্ৰতিবেদন বিচাাৰিছে । লগতে এই প্ৰতিবেদনৰ প্ৰতিলিপি ৰাজ্যিক মানৱ অধিকাৰ আয়োগলৈও প্ৰেৰণ কৰিবলৈ কৈছে ।

লগতে পঢ়ক:উপ নিৰ্বাচন 2021ৰ ফলাফল হাইলাইট

ABOUT THE AUTHOR

...view details