ETV Bharat / bharat

উপ নিৰ্বাচন 2021ৰ ফলাফল হাইলাইট

author img

By

Published : Nov 3, 2021, 9:44 AM IST

মঙলবাৰে দেশৰ 29 খন বিধানসভা আসন আৰু তিনিখন লোকসভা আসনৰ বাবে অনুষ্ঠিত উপ-নিৰ্বাচনত ভোট গণনা হৈ যায় ৷ কংগ্ৰেছে ৩১ বছৰৰ পিছত মধ্য প্ৰদেশৰ ৰায়গাঁৱৰ পৰম্পৰাগত বিজেপি আসনখন নিজৰ দখললৈ অনাৰ লগতে কৰ্ণাটক আৰু মহাৰাষ্ট্ৰত এটাকৈ আসন লাভ কৰে ।

Bypoll 2021 Results Highli
উপ নিৰ্বাচন 2021ৰ ফলাফল হাইলাইট

নেশ্যনেল ডেস্ক, 3 নৱেম্বৰ : মঙলবাৰে দেশৰ 29 খন বিধানসভা আসন আৰু তিনিখন লোকসভা আসনৰ বাবে অনুষ্ঠিত উপ-নিৰ্বাচনত ভোট গণনা হৈ যায় ৷ অসমত বিজেপি মিত্ৰজোঁটে পাঁচোখন আসনতে জয়লাভ কৰে ৷ মৰিয়নী, থাওৰা আৰু ভাৱনীপুৰত ক্ৰমে বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী, সুশান্ত বৰগোঁহাই, ফণী তালুকদাৰে জয়লাভ কৰে ৷ সমান্তৰলাকৈ গোঁসাইগাঁও আৰু তামুলপুৰত শেষ হাঁহি মাৰে UPPL প্ৰৰ্থী জিৰণ বসুমতাৰী আৰু জলেন দৈমাৰীয়ে ৷

আনহাতে পশ্চিম বংগৰ চাৰিওখন আসনতে জয়লাভ কৰে তৃণমূলে ৷ পূৰ্বে বিজেপিৰ দখলত থকা দিনহাটা সমষ্টিটোত প্ৰায় 1,63,005 ভোটৰ ব্যৱধানত জয়লাভ কৰে তৃণমূল প্ৰাৰ্থী উদয়ন গুহই ৷ একেদৰে হিমাচল আৰু ৰাজস্থানৰ উপ নিৰ্বাচনত জয়লাভ কংগ্ৰেছৰ ৷

দলটোৱে হিমাচলৰ মণ্ডী লোকসভা আসনখন বিজেপিৰ পৰা নিজৰ হাতলৈ অনাৰ লগতে ৰাজ্যখনৰ উপ নিৰ্বাচন অনুষ্ঠিত হোৱা তিনিওটা সমষ্টিতে জয়লাভ কৰে ৷ ৰাজস্থানতো ধাৰিয়াবাদ আৰু বল্লভনগৰ দুয়োখন আসনতে কংগ্ৰেছে প্ৰায় 18,725 আৰু 20,606 টা ভোটৰ ব্যৱধানত জয়লাভ কৰে ৷

কংগ্ৰেছে ৩১ বছৰৰ পিছত মধ্য প্ৰদেশৰ ৰায়গাঁৱৰ পৰম্পৰাগত বিজেপি আসনখন নিজৰ দখললৈ অনাৰ লগতে কৰ্ণাটক আৰু মহাৰাষ্ট্ৰত এটাকৈ আসন লাভ কৰে । অৱশ্যে দলটোৱে মধ্যপ্ৰদেশৰ সংৰক্ষিত ST আসন যোবাট আৰু মধ্যপ্ৰদেশৰ পৃথ্বীপুৰ বিধানসভা আসনদুখন বিজেপিৰ হাতত হেৰুৱায় ৷ বিজেপিয়ে মধ্যপ্ৰদেশৰ খাণ্ডৱা লোকসভা আসনখন বৰ্তাই ৰাখিছে ৷

হাৰিয়ানাৰ এলেনাবাদত, INLDৰ অভয় চৌটালাই চলিত কৃষক আন্দোলনৰ পটভূমিত বিজেপি-জেজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে জয়লাভ কৰে । বিহাৰত শাসনাধিষ্ঠিত জেডি(ইউ)য়ে কুশেশ্বৰ আস্থান আৰু তাৰাপুৰ বিধানসভা আসন দুয়োখন বজাই ৰাখিছে । শিৱসেনাই দাদৰা আৰু নগৰ হাভেলি লোকসভা আসন সুৰক্ষিত কৰিছে ৷ সাংসদ সঞ্জয় ৰাউতে ইয়াক "দিল্লীৰ ফালে এক বিশাল জাঁপ" বুলি অভিহিত কৰে ।

ইফালে, এনপিপি নেতৃত্বাধীন মেঘালয় ডেম'ক্ৰেটিক এলায়েন্সে তিনিওখন বিধানসভা আসন দখল কৰি কংগ্ৰেছৰ পৰা ৰাজাবালা আৰু মাওৰিংকনেং আসন দখল কৰে ।

লগতে পঢ়ক : Make in India: সেনাৰ আধুনিকীকৰণৰ বাবে 7,965 কোটি টকাৰ প্ৰস্তাৱত সন্মতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.