অসম

assam

Illegal Coal Mining : অবৈধ কয়লা খনন নিয়ন্ত্ৰণ সন্দৰ্ভত শপতনামা দাখিলৰ নিৰ্দেশ মেঘালয় হাইকোৰ্টৰ

By

Published : May 26, 2023, 2:06 PM IST

Illegal Coal Mining

কয়লাৰ অবৈধ খনন আৰু পৰিবহণ সন্দৰ্ভত অতিৰিক্ত শপতনামা বিচাৰিছে মেঘালয় উচ্চ ন্যায়ালয়ে । মেঘালয় চৰকাৰৰ হৈ এই শপতনামা দাখিল কৰিব লাগিব মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানে (Meghalaya HC on Illegal Coal Mining) ।

নিউজ ডেস্ক, ২৬ মে' : কয়লাৰ অবৈধ খনন আৰু পৰিবহণ বন্ধ কৰাৰ (illegal coal mining in Meghalaya) বাবে মেঘালয় চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে অতিৰিক্ত শপতনামা দাখিলৰ নিৰ্দেশ দিছে মেঘালয় উচ্চ ন্যায়ালয়ে । মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক এই অতিৰিক্ত শপতনামা দাখিলৰ নিৰ্দেশ দিছে মেঘালয় উচ্চ ন্যায়ালয়ে (Meghalaya HC on Illegal Coal Mining) । বৃহস্পতিবাৰে এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ সঞ্জীৱ বেনাৰ্জীৰ বিচাৰপীঠে ১৫ মে'ৰ আদেশ অনুসৰি মুখ্য সচিব আৰু ডিজিপিয়ে দাখিল কৰা শপতনামাৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰে । তাৰ পিছতে তেওঁলোকক অতিৰিক্ত শপতনামা দাখিল কৰিবলৈ কয় (Meghalaya HC seeks affidavits on illegal coal mining) ।

"ন্যায়াধীশ কাটাকেৰ ত্ৰয়োদশ অন্তৰ্ৱৰ্তীকালীন প্ৰতিবেদনত উল্লেখ কৰা উদাহৰণবোৰ ব্যক্তিগতভাৱে মোকাবিলা কৰিব লাগিব আৰু মুখ্য সচিব আৰু ডিজিপি দুয়োজনে ভৱিষ্যতে জীৱিকা নিৰ্বাহৰ আদেশৰ কোনো উলংঘন নহ'ব বুলি নিশ্চিত কৰাৰ বাবে লোৱা ব্যৱস্থাৰ বিষয়ে অতিৰিক্ত শপতনামা দাখিল কৰিব লাগিব (measures to control illegal coal mining) । এই শপতনামা পৰৱৰ্তী চাৰি সপ্তাহৰ ভিতৰত দাখিল কৰিব লাগিব ।" ন্যায়ালয়ে কয় ।

আনহাতে, বিচাৰপীঠে ৰাজ্যখনক ন্যায়াধীশ কাটাকেৰ দ্বাৰা পূৰ্বৰ নিৰ্ধাৰিত মূল অনুসূচী অনুসৰি কয়লাৰ বিষয়টো নিষ্পত্তি কৰাটো নিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়ে (Justice Katakey monitoring Meghalaya coal mining) । "ন্যায়াধীশ কাটাকে পৰিস্থিতি নিৰীক্ষণ কৰি থাকিব । ন্যায়াধীশ কাটাকেক তাৎক্ষণিকভাৱে ৫ লাখ টকাৰ অন্য এক এডহক পাৰিশ্ৰমিক মুকলি কৰা হ'ব ।" বিচাৰপীঠে লগতে কয় ।

উল্লেখ্য, গোচৰটো সন্দৰ্ভত পৰৱৰ্তী শুনানি অহা ৩ জুলাইত অনুষ্ঠিত হ'ব । উচ্চ ন্যায়ালয়ে ৰাজ্যখনত অবৈধ কয়লা খনন আৰু পৰিবহণৰ বিষয়টো নিৰীক্ষণ কৰি আছে । কিয়নো এই সন্দৰ্ভত ইতিমধ্যে ২০১৪ চনতে এক নিৰ্দেশনাযোগে অবৈধ কয়লা খনন আৰু পৰিবহণৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । আনহাতে, ৰাজ্যজুৰি কয়লাৰ অবৈধ খনন আৰু পৰিবহণ নিয়ন্ত্ৰণ কৰিবলৈ চিএপিএফৰ ১০ টা কোম্পানী মোতায়েন কৰাৰ কথাও উল্লেখ কৰা হৈছিল ।

লগতে পঢ়ক :SC grants bail to Satyendar Jain : সত্যেন্দ্র জৈনক অন্তৱৰ্তীকালীন জামিন প্ৰদান উচ্চতম ন্যায়ালয়ৰ

ABOUT THE AUTHOR

...view details