অসম

assam

Agnipath Scheme : ৩ হাজাৰ অগ্নিবীৰৰ বাবে ৬ দিনত ২ লক্ষাধিক আবেদন

By

Published : Jun 29, 2022, 8:34 PM IST

অগ্নিপথ প্ৰকল্পত এতিয়া আবেদনৰ ঢল বৈছে (massive blow of Agnibir application in Air Force) । তাৰ প্ৰমাণ পোৱা গৈছে শেহতীয়াকৈ অগ্নিপথ প্ৰকল্পত অগ্নিবীৰ হ'বৰ বাবে ভাৰতীয় বায়ুসেনা বাহিনীত জনোৱা আবেদনৰ পৰিসংখ্যাৰ পৰা । ভাৰতীয় বায়ুসেনাই প্ৰকাশ কৰা শেহতীয়া তথ্যত (Indian Air Force published Agnibir Application numbers) দেশৰ যুৱপ্ৰজন্মৰ অগ্নিবীৰ হ'বৰ বাবে তীব্ৰ উৎসাহৰ কথা পোহৰলৈ আহিছে ।

Agnibir
Agnibir

নিউজ ডেস্ক, ২৯ জুন : অগ্নিপথ বিক্ষোভত এতিয়াও অগ্নিগৰ্ভ হৈ আছে দেশৰ বিভিন্ন প্ৰান্ত (Agnipath protest in India)। সেনাবাহিনীত নিযুক্তিৰ নতুন আঁচনি অগ্নিপথ প্ৰকল্পক লৈ বিক্ষোভ-আন্দোলনে তোলপাৰ লগাই আছে বিভিন্ন ৰাজ্যত । কিন্তু তাৰ মাজতে অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে ভাৰতীয় বায়ুসেনা বাহিনীয়ে (Indian Air Force begins Agnibir recruitment process) । এফালে কেন্দ্ৰৰ অগ্নিপথ আঁচনিত সমৰ্থন, আনফালে বিৰোধীৰ এই আঁচনিৰ বিৰোধিতা । তাৰ মাজতে আকৌ অগ্নিবীৰ হ'বলৈ হেতাওপৰা লগাইছে দেশৰ যুৱপ্ৰজন্মই ।

অগ্নিপথ প্ৰকল্পত এতিয়া আবেদনৰ ঢল বৈছে (massive blow of Agnibir application in Indian Air Force) । তাৰ প্ৰমাণ পোৱা গৈছে শেহতীয়াকৈ অগ্নিপথ প্ৰকল্পত অগ্নিবীৰ হ'বৰ বাবে ভাৰতীয় বায়ুসেনা বাহিনীত জনোৱা আবেদনৰ পৰিসংখ্যাৰ পৰা । ভাৰতীয় বায়ুসেনাই প্ৰকাশ কৰা শেহতীয়া তথ্যত (Indian Air Force published Agnibir Application numbers) দেশৰ যুৱপ্ৰজন্মৰ অগ্নিবীৰ হ'বৰ বাবে তীব্ৰ উৎসাহৰ কথা পোহৰলৈ আহিছে ।

বায়ুসেনাৰ শেহতীয়া পৰিসংখ্যা অনুযায়ী, বিজ্ঞাপন প্ৰকাশৰ পৰা বিগত ছয় দিনত বায়ুসেনাৰ অগ্নিবীৰ হ'বলৈ আবেদন জনাইছে দুই লক্ষাধিকে । কিন্তু বায়ুসেনাৰ তথ্যমতে, প্ৰথম বছৰটোত উক্ত আঁচনিত বায়ুসেনাত নিয়োগ কৰা হ'ব মাত্ৰ ৩ হাজাৰ অগ্নিবীৰ (3 thousand Agnibir will recruit in Air Force) । তেনে ক্ষেত্ৰত ইমানসংখ্যক অগ্নিবীৰৰ বাবে আবেদনে বায়ুসেনাক বিবুধিত পেলোৱা পৰিলক্ষিত হৈছে । লগতে এয়া দেশৰ ভয়ংকৰ নিবনুৱা সমস্যাৰে প্ৰতিফলন বুলি একাংশৰ মত ।

উল্লেখ্য, যোৱা ১৪ জুনত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অগ্নিপথ আঁচনি ঘোষণা কৰিছিল (Agnipath Scheme declared by Rajnath Singh on 14th June)। তাৰ পিছতে উক্ত আঁচনিৰ বিৰোধিতাৰে দেশজুৰি সৃষ্টি হয় তীব্ৰ বিক্ষোভ আন্দোলন । অগ্নিপথবিৰোধী আন্দোলনে হিংসাত্মক ৰূপো ধাৰণ কৰে । জ্বলাই দিয়া হয় ৰে'ল, ক্ষতিসাধন কৰা হয় চৰকাৰী সম্পত্তিৰ । তাৰ মাজতে প্ৰথমবাৰৰ বাবে ২৪ জুনত বায়ুসেনাই অগ্নিপথ আঁচনিত নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰে (Indian Air Force published Agnibir recruitment on 24th June) ।

আনহাতে, অগ্নিপথ প্রকল্পত বায়ুসেনাত আৰম্ভ কৰা নিযুক্তি প্রক্রিয়াৰ অন্ত পৰিব অহা ৫ জুলাইত । ইয়াৰ মাজতে প্রতিৰক্ষা মন্ত্রালয়ৰ মুখপাত্র অশোক ভূষণে বুধবাৰে টুইটাৰত লিখিছে, ‘বায়ুসেনাৰ অগ্নিবীৰ হ'বলৈ এই পর্যন্ত ২ লাখ ১ হাজাৰখন আবেদন জমা হৈছে (2 lakhs 1 thousand Agnibir application received by Air Force) । আবেদনৰ অন্তিম তাৰিখ ৫ জুলাই ।’

উল্লেখ্য, কেন্দ্রীয় মন্ত্রীসভাৰ নিৰাপত্তা বিষয়ক কমিটিৰ সিদ্ধান্ত মতে, চলিত বছৰত সশস্ত্র বাহিনীৰ তিনিওটা শাখা, স্থলসেনা, বায়ুসেনা আৰু নৌসেনাত ৪৬ হাজাৰ অগ্নিবীৰ নিয়োগ কৰা হ'ব ।

লগতে পঢ়ক :Modi in Germany : G7 নেতাসকলৰ সৈতে 'ফলপ্ৰসূ আলোচনা'ৰ অপেক্ষাত প্ৰধানমন্ত্ৰী মোডী

ABOUT THE AUTHOR

...view details