ETV Bharat / bharat

Modi in Germany : G7 নেতাসকলৰ সৈতে 'ফলপ্ৰসূ আলোচনা'ৰ অপেক্ষাত প্ৰধানমন্ত্ৰী মোডী

author img

By

Published : Jun 26, 2022, 8:50 PM IST

G7 সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে জাৰ্মানীত উপস্থিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Modi in Germany)। প্ৰৱাসী ভাৰতীয়সকলে উষ্ম আদৰণি জনায় প্ৰধানমন্ত্ৰীগৰাকীক । G7 নেতাসকলৰ সৈতে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত ফলপ্ৰসূ আলোচনা হোৱাটো বিচাৰিছে মোডীয়ে ।

G7
G7 নেতাসকলৰ সৈতে ফলপ্ৰসূ আলোচনাৰ অপেক্ষাত প্ৰধানমন্ত্ৰী মোডী

নেশ্যনেল ডেস্ক, ২৬ জুন : ২৬ জুন অৰ্থাৎ আজিৰে পৰা জাৰ্মানীত অনুষ্ঠিত হৈছে জি-৭ সন্মিলন (G7 summit in Germany)। বিশ্বৰ সাতখন ধনী ৰাষ্ট্ৰৰ গোট জি-৭ৰ এই সন্মিলনত উপস্থিত আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi to attend G7 summit)। সন্মিলন সম্পৰ্কত মোডীয়ে টুইটযোগে কয় যে জলবায়ু, শক্তি, খাদ্য সুৰক্ষা, সন্ত্ৰাসবাদ বিৰোধী, পৰিৱেশ, লিংগ সমতা আৰু গণতন্ত্ৰৰ দৰে বিষয়ত বিশ্বৰ নেতাসকলৰ সৈতে তেওঁ "ফলপ্ৰসূ আলোচনা" কৰিব বিচাৰে । ইফালে মোডী জাৰ্মানীত উপস্থিত হোৱাৰ লগে লগে প্ৰৱাসী ভাৰতীয়সকলে তেওঁ উষ্ম আদৰণি জনায় ।

ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে এক টুইটযোগে কৈছিল যে প্ৰধানমন্ত্ৰী মোডীয়ে বিশ্বৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব । আনহাতে জি-৭ সন্মিলনত নেতাসকলে বিশ্বব্যাপী খাদ্য আৰু শক্তি সংকটৰ সৃষ্টি কৰাৰ উপৰিও ভূ-ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি কৰা ইউক্ৰেইন সংকটৰ ওপৰত গুৰুত্ব দিব বুলি আশা কৰা হৈছে ।

বৈদেশিক সচিব বিনয় মোহন কোৱাট্ৰাই শুকুৰবাৰে কৈছিল যে, মোডীয়ে জি-৭ সন্মিলনৰ সময়ত জি-৭ ৰ নেতাসকলৰ সৈতে আৰু অতিথি দেশসমূহৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব । ভাৰতৰ উপৰিও, জি-৭ সন্মিলনৰ আয়োজক জাৰ্মানীয়ে বিশ্ব দক্ষিণৰ গণতন্ত্ৰসমূহক ইয়াৰ অংশীদাৰ হিচাপে স্বীকৃতি দিবলৈ সন্মিলনৰ বাবে আৰ্জেণ্টিনা, ইণ্ডোনেছিয়া, ছেনেগাল আৰু দক্ষিণ আফ্ৰিকাক অতিথি হিচাপে আমন্ত্ৰণ জনাইছে ।

জাৰ্মানীৰ পৰা মোডীয়ে ২৮ জুনত আৰৱলৈ ভ্ৰমণ কৰিব (Modi to visit UAE)। আৰৱৰ প্ৰাক্তন ৰাষ্ট্ৰপতি শ্বেখ খলিফা বিন জায়েদ আল নাহিয়ানৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰাৰ লগতে নতুন ৰাষ্ট্ৰপতিৰ সৈতে তেওঁ বৈঠকত মিলিত হ'ব ।

লগতে পঢ়ক :জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ বিশ্বৰ ১২ গৰাকী নেতাৰে বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.