অসম

assam

পুলৱামা আক্ৰমণৰ শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি অমিত শ্বাহৰ

By

Published : Oct 26, 2021, 10:41 AM IST

মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ২০১৯ চনত পুলৱামাত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা ৪০ গৰাকী চিআৰপিএফ জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনায় । পুলৱামাত বীৰ জোৱানৰ স্মাৰকত উপস্থিত হৈ শ্ৰদ্ধা নিবেদন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

Amit Shah pays tribute to pulwama attack jawans
পুলৱামা আক্ৰমণৰ ৪০ গৰাকী শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি অমিত শ্বাহৰ

নেশ্যনেল ডেস্ক, ২৬ অক্টোবৰ: কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে মঙলবাৰে জম্মু-কাশ্মীৰৰ পুলৱামাৰ স্মাৰকত উপস্থিত হয় । ২০১৯ চনত পুলৱামাত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা ৪০ গৰাকী চিআৰপিএফ জোৱানলৈ তেওঁ শ্ৰদ্ধাঞ্জলি জনায় । ৰাজ্যপাল মনোজ সিনহায়েও বীৰ জোৱানৰ ত্যাগক সুঁৱৰি শ্ৰদ্ধা নিবেদন কৰে ।

সোমবাৰে অমিত শ্বাহে চিআৰপিএফ শিবিৰ পৰিদৰ্শন কৰাৰ অন্তত জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ লেথপোৰাত নিৰাপত্তা বাহিনীৰ সৈতে মত বিনিময় কৰে । ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত পুলৱামা জিলাত চিআৰপিএফৰ কনভয়ৰ ওপৰত আক্ৰমণ সন্ত্ৰাসবাদীয়ে আকস্মিকভাৱে আক্ৰমণ কৰিছিল ।

২,৫০০ গৰাকী জোৱান কঢ়িয়াই নিয়া প্ৰায় ৭৮ খন বাছে জম্মুৰ পৰা শ্ৰীনগৰ অভিমুখে যাত্ৰা কৰিছিল । সেই সময়তে পুলৱামাত আদিল আহমেদ দাৰ নামৰ এজন ২২ বছৰীয়া আত্মঘাতী বোমাৰুৱে এখন বিস্ফোৰক ভৰ্তি বাহনেৰে চিআৰপিএফ জোৱান থকা বাছত আক্ৰমণ কৰে । এই আক্ৰমণ সংঘটিত হোৱাৰ কেইদিনমান পাচতে ভাৰতে পাকিস্তানত সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ বালাকোটস্থিত প্ৰশিক্ষণ শিবিৰত এয়াৰ ষ্ট্ৰাইক কৰে ।

উল্লেখ্য যে, পুলৱামাৰ আক্ৰমণত শ্বহীদ হোৱা ৪০ গৰাকী জোৱানৰ নাম সম্বলিত স্মাৰক ২০২০ চনৰ ১৪ ফেব্ৰুৱাৰীত পুলৱামাৰ লেথপোৰাস্থিত চিআৰপিএফৰ প্ৰশিক্ষণ কেন্দ্ৰত স্থাপন কৰা হৈছিল । এই স্মাৰকত ৪০ জন বীৰ জোৱানৰ নাম আৰু তেওঁলোকৰ ফটো লগাই থোৱা হৈছে । লগতে চিআৰপিএফৰ মূলমন্ত্ৰ- "সেৱা আৰু নিষ্ঠা" স্মাৰকত লিখা থোৱা আছে । মঙলবাৰে এই জোৱানকেইগৰাকীৰ দেশপ্ৰেমক স্মৰণ কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: ভাৰতত নিতৌ হাজাৰ হাজাৰ লোক আক্ৰান্ত হৈছে ক'ভিড-১৯ ত

ABOUT THE AUTHOR

...view details