ETV Bharat / bharat

ভাৰতত নিতৌ হাজাৰ হাজাৰ লোক আক্ৰান্ত হৈছে ক'ভিড-১৯ ত

author img

By

Published : Oct 25, 2021, 12:56 PM IST

এতিয়াও শংকা মুক্ত হ'ব পৰাকৈ ভাৰতত হ্ৰাস পোৱা নাই কৰ'ণা আক্ৰান্তৰ সংখ্যা । দৈনিক ১০ হাজাৰৰো অধিক লোক ক'ভিড-১৯ মহামাৰীৰ কবলত পৰিছে । যোৱা ছেপ্টেম্বৰ মাহ আৰু চলিত মাহত দৈনিক আক্ৰান্তৰ সংখ্যা কম-বেছি হৈ থকা পৰিলক্ষিত হৈছে যদিও ১০ হাজাৰতকৈ হ্ৰাস পোৱা নাই । দেওবাৰৰ দিনটোত পুনৰ ১৪,৩০৬ জন লোকৰ দেহত ধৰা পৰিল কৰ'ণা ভাইৰাছৰ অৱস্থিতি ।

Covid India tracker
ভাৰতত দৈনিক ১০ হাজাৰৰো অধিক লোক ক'ভিড-১৯ মহামাৰীৰ কবলত

নেশ্যনেল ডেস্ক, ২৫ অক্টোবৰ : দেশত এই পৰ্যন্ত ১০০ কোটিৰো অধিক লোকৰ টীকাকৰণ সম্পন্ন হৈছে । ক'ভিড-১৯ সম্পৰ্কীয় সাৱধানতা অৱলম্বন কৰিবলৈও চৰকাৰ তৰফৰ বাৰে বাৰে সকীয়াই থকা হৈছে । ভাৰতত সামগ্ৰিকভাৱে দৈনিক আক্ৰান্তৰ হাৰ হ্ৰাস পাইছে যদিও মহামাৰীৰ ভয়াৱহতা দূৰ হোৱা নাই ।

সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ১৪,৩০৬ জন লোক নতুনকৈ ক'ভিড-১৯ ত আক্ৰান্ত হৈছে ৷ মহামাৰীৰে যুঁজি দেওবাৰৰ দিনটোত ৪৪৩ জন ৰোগীয়ে প্ৰাণ হেৰুৱাইছে । এই পৰিসংখ্যাসহ এতিয়ালৈকে দেশত ক'ভিড আক্ৰান্ত হৈ মুঠ ৪,৫৪,৭১২ গৰাকী লোকৰ মৃত্যু হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

যোৱা ২৪ ঘণ্টাত ১৮,৭৬২ জন লোক আৰোগ্য হৈ উঠিছে আৰু ইয়াৰে সৈতে মুঠ আৰোগ্য হোৱা লোকৰ সংখ্যা ৩,৩৫,৬৭,৩৬৭ গৰাকী হৈছেগৈ । বৰ্তমান দেশত আৰোগ্যৰ হাৰ ৯৮.১৮ শতাংশ । দেশত বৰ্তমান ১,৬৭,৬৯৫ জন সক্ৰিয় আক্ৰান্ত আছে আৰু ২৩৯ দিনৰ ভিতৰত এয়াই আটাইতকৈ কম সক্ৰিয় ৰোগীৰ সংখ্যা । সাপ্তাহিক আক্ৰান্তৰ হাৰ ১,২৪ শতাংশ হোৱাৰ বিপৰীতে দৈনিক আক্ৰান্তৰ হাৰ ১.৪৩ শতাংশ ।

কেৰালাত বৰ্তমানেও দৈনিক আক্ৰান্তৰ হাৰ বাঢ়িয়েই আছে । আনহাতে, ভাৰতত দেওবাৰৰ দিনটোত প্ৰতিষেধকৰ ১২,৩০,৭২০টা পালি প্ৰদান কৰা হৈছে । দেশত এতিয়ালৈকে ১০২.২৭ কোটি পালি প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক: ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰোধিতাৰে ৰাজপথত নামিল মমতা দিদি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.