অসম

assam

সংগীতেৰে হাজাৰজনৰ হৃদয় জিনা এজন সেনা ৰাম সিং ঠাকুৰী

By

Published : Sep 19, 2021, 6:02 AM IST

দেশত অস্থিৰতা আৰু উত্তেজনাই বিৰাজ কৰাৰ সময়ত kadam kadam badhaye ja আৰু Subh Sukh Chain আদি গীত ৰচনাৰে ভাৰতীয় মনক একত্ৰিত কৰা ৰাম সিং ঠাকুৰীৰ ভাৰতীয় স্বাধীনতা সংগ্ৰামলৈ অৱদান অসীম ৷ 'আজাদ হিন্দ বাহিনী'ৰ এজন সেনা ৰাম সিং ঠাকুৰী আছিল এজন বহুমুখী প্ৰতিভাসম্পন্ন সংগীতজ্ঞ তথা সুৰকাৰ ৷

Indian National Army man who also belted out patriotic songs
ৰাম সিং ঠাকুৰী

নিউজ ডেস্ক, 19 ছেপ্তেম্বৰ: সাধাৰণতে শ্ৰোতাৰ গাৰ নোম শিঁয়ৰাই তুলিব পৰা গানে একো একোজন ব্যক্তিৰ মনত দেশপ্ৰেম জগাই তোলে ৷ ৰাম সিং ঠাকুৰী আছিল এনে এজন ব্যক্তি যিয়ে অস্ত্ৰৰে দেশৰ হৈ যুঁজাৰ সমান্তৰালকৈ সংগীতেৰে ভাৰতীয় সকলৰ মনলৈ জাতীয়তাবাদৰ প্ৰচাৰ কৰিছিল ৷

সমগ্ৰ দেশত অস্থিৰতা আৰু উত্তেজনাই বিৰাজ কৰাৰ সময়ত, ৰাম সিং ঠাকুৰীয়ে kadam kadam badhaye ja আৰু Subh Sukh Chain আদিৰে গীত ৰছনা কৰিছিল ৷ একে সময়তে ৰাষ্ট্ৰৰ প্ৰতি অতি নিষ্ঠাৰে ঠাকুৰীয়ে ভাৰতীয় সেনাতো সেৱা আগবঢ়াইছিল ৷ আৰু সেয়ে, সমগ্ৰ বিশ্বৰ আগত তেওঁৰ পৰিচয় কেৱল এজন স্বাধীনতা সংগ্ৰামীতে সীমাৱদ্ধ হৈ ৰোৱা নাই ৷ বৰঞ্চ এজন বহুমুখী প্ৰতিভাসম্পন্ন সংগীতজ্ঞ তথা সুৰকাৰ হিচাপেও তেওঁৰ এক নিজস্ব পৰিচয় আছে ৷

ৰাম সিং ঠাকুৰী

হিমাচল প্ৰদেশৰ ধৰমশালাৰ বাসিন্দা ঠাকুৰীয়ে 1914 চনৰ 15 আগষ্টত জন্মগ্ৰহণ কৰিছিল ৷ 14 বছৰ বয়সতে তেওঁ গোৰ্খা ৰাইফলছত যোগদান কৰিছিল ৷ 1941 চনৰ আগষ্টত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁক মালয় আৰু ছিংগাপুৰলৈ যুদ্ধৰ বাবে প্ৰেৰণ কৰা হৈছিল ৷ তাতেই তেওঁক জাপানীসকলে যুদ্ধবন্দী কৰিছিল ৷ 1942 চনত মুক্তি লাভ কৰাৰ পাচতে তেওঁ সুভাষ চন্দ্ৰ বসুৰ সংস্পৰ্শলৈ আহে ৷ ঠাকুৰীৰ দক্ষতাৰ প্ৰশংসা স্বৰূপে তেতিয়াই সুভাষ বসুৱে তেওঁক এখন ভায়'লিন উপহাৰ দিছিল ৷

শ্ৰোতাসকলক তেওঁৰ সুৰে আকৰ্ষিত কৰাত ঠাকুৰীক আজাদ হিন্দ ফৌজ আৰু ঝাঁচীৰ ৰাণী ৰেজিমেণ্টৰ মাৰ্চিং গীত 'Hum Bharat ki Ladki Hain' ৰছনাৰ দায়িত্ব দিয়া হৈছিল ৷ শ্ৰোতাসকলক নিজৰে সুৰেৰে ধৰি ৰখাত ঠাকুৰীৰ সাৰ্মথ চিনাক্ত কৰি নেতাজীয়ে তেওঁক Sukh Chain Barkha Barse ৰ সংগীত পৰিচালনা কৰাৰ দায়িত্ব প্ৰদান কৰে ৷ গীতটো প্ৰথমে ৰবীন্দ্ৰ নাথ ঠাকুৰে বঙালী ভাষাত ৰছনা কৰিছিল ৷ 1947 চনৰ 15 আগষ্টত জৱাহৰলাল নেহৰুৰ শপতগ্ৰহণৰ সময়ত পোনপ্ৰথমবাৰৰ এই গীতটো পৰিৱেশন কৰা হৈছিল ৷ Shubh Sukh Chain Ki Barkha Barse শীৰ্ষক এই গীতটি কেপ্টেইন ৰাম সিঙৰ নেতৃত্বত পৰিৱেশন কৰা হৈছিল ৷

তেওঁৰ বীৰত্ব আৰু ৰাষ্ট্ৰলৈ তেওঁৰ অৱদানৰ প্ৰতি সন্মান জনাই উত্তৰ প্ৰদেশ চৰকাৰে তেওঁক এজন পৰিদৰ্শক হিচাপে নিযুক্তি দিয়ে ৷ 2002 চনত লক্ষ্নৌত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷

লগতে পঢ়ক :ৱাগন ট্ৰেজেডী : ব্ৰিটিছে কৰা গণহত্যাৰ পাহৰিব নোৱাৰা ইতিহাস

ABOUT THE AUTHOR

...view details