অসম

assam

1.3 লাখ কোটি ব্যায়েৰে 114খন যুঁজাৰু বিমান ক্ৰয়ৰ দিশে ভাৰত

By

Published : Jan 31, 2021, 8:37 PM IST

চীন আৰু পাকিস্তানৰ সীমাত চলি থকা সংঘাতৰ মাজতে ভাৰতীয় বায়ু সেনাই সামৰিক শক্তি অধিক শক্তিশালী কৰাত গুৰুত্ব প্ৰদান কৰিছে ৷ ভাৰতে ফ্ৰান্সৰ পৰা ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰাৰ পাছত এইবাৰ ভাৰতীয় বায়ু সেনাই আৰু 114 খন যুঁজাৰু বিমান ক্ৰয় কৰাৰ দিশে আগবাঢ়িছে ৷

IAF will focus on Rs 1.3 lakh crore deal for 114 fighter jets
1.3 লাখ কোটি ব্যায়েৰে 114খন যুঁজাৰু বিমান ক্ৰয়ৰ দিশে ভাৰত

নিউজ ডেস্ক, 31 জানুৱাৰী : চীন আৰু পাকিস্তানৰ সীমাত চলি থকা সংঘাতৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় বায়ু সেনাই নিজৰ সামৰিক শক্তি অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে ৷ ভাৰতে ফ্ৰান্সৰ পৰা ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰাৰ পাছত এইবাৰ ভাৰতীয় বায়ু সেনাই আৰু 114 খন যুঁজাৰু বিমান ক্ৰয় কৰাৰ দিশে আগবাঢ়িছে ৷ আগন্তুক এৰ’ ইণ্ডিয়াৰ সময়চোৱাত 83 খন এলচিএ তেজাচ মাৰ্ক 1 এ বিমানৰ চুক্তিত স্বাক্ষৰ কৰাৰ লগতে ভাৰতীয় বায়ু সেনাই এতিয়া মাল্টিৰোল যুঁজাৰু বিমান প্ৰকল্প সমূহৰ দিশত গুৰুত্ব দিছে ৷ এই পৰিকল্পনা মতে বায়ুসেনাই 114 খন যুঁজাৰু বিমান ক্ৰয় কৰাৰ আঁচনি প্ৰস্তুত কৰি আছে ৷ যাৰ আনুমানিক খৰচ 1.3 লাখ কোটি ৷

সংবাদ এজেঞ্চি এএনআইৰ মতে, বায়ু সেনাই দীঘলীয়া সময়ৰ পৰা এই যুঁজাৰু বিমান ক্ৰয়ৰ আঁচনিৰ ওপৰত চিন্তা চৰ্চা কৰি আছিল ৷ এতিয়া 83 খন এলচিএ তেজাচ মাৰ্ক 1 এ বিমানৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বাধীন কেবিনেট কমিটিয়ে অনুমোদন জনাইছে ৷ ইয়াক লৈ বাংগালুৰুত 50 হাজাৰ কোটি টকাৰ চুক্তিত স্বাক্ষৰ কৰাৰ প্ৰস্তুতি চলাই থকা হৈছে ৷

লগতে পঢ়ক: বিমানকোঠ নিৰ্মাণৰ নামত ভয়ংকৰ কেলেংকাৰী, প্ৰতাৰনাৰ বলি চাকমা শৰনাৰ্থী

ABOUT THE AUTHOR

...view details