অসম

assam

75 Rupee Commemorative Coin : নতুন সংসদ ভৱন উদ্বোধন উপলক্ষে ৭৫ টকাৰ স্মাৰক মুদ্ৰা

By

Published : May 26, 2023, 11:48 AM IST

75 Rupee Commemorative Coin

দেওবাৰে প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰি নতুন সংসদ ভৱন । এই উপলক্ষে কেন্দ্ৰীয় চৰকাৰে এটা বিশেষ ৭৫ টকাৰ স্মাৰক মুদ্ৰাও মুকলি কৰিব (75 Rupee commemorative coin for new Parliament) ।

নিউজ ডেস্ক, ২৬ মে' :বৃহস্পতিবাৰে বিত্ত মন্ত্ৰালয়ে জাৰি কৰা এক জাননীত কোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰে দেওবাৰে নতুন সংসদ ভৱনৰ উদ্বোধনৰ স্মৃতিত এক বিশেষ ৭৫ টকাৰ মুদ্ৰা মুকলি কৰিবলৈ সাজু হৈছে (Govt to launch 75 Rupee commemorative coin) । উল্লেখ্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে প্ৰতিষ্ঠিত সংসদ ভৱনটো উদ্বোধন কৰিব (PM Modi to inaugurate new parliament building) ।

এই স্মাৰক মুদ্ৰাটোৰ এটা ফালৰ কেন্দ্ৰত থাকিব অশোক স্তম্ভ । তাৰ তলত লিখা থাকিব 'সত্যমেৱ জয়তে' । ইয়াৰ কাষত বাঁও পৰিধিত দেৱনাগিৰি লিপিত লিখা ভাৰত শব্দটো আৰু সোঁ পৰিধিত ইংৰাজীত লিখা ভাৰত শব্দটো থাকিব । মুদ্ৰাটোৰ তলৰ ফালে আন্তৰ্জাতিক সংখ্যাত টকাৰ চিহ্ন আৰু মূল্য '৭৫' লিখা থাকিব (special coin for new parliament building) ।

আনহাতে, মুদ্ৰাটোৰ ওলোটা ফালে সংসদ চৌহদৰ প্ৰতিচ্ছবি থাকিব । এই সংসদৰ ছবিৰ ওপৰৰ ফালে লিখা থাকিব দেৱনাগিৰি লিপিত 'সংসদ সংকুল' । আনহাতে, তলত ইংৰাজীত লিখা থাকিব 'সংসদ কমপ্লেক্স' । ইয়াৰ উপৰি আন্তৰ্জাতিক সংখ্যাত '2023' বৰ্ষটো সংসদ চৌহদৰ ছবিৰ তলতে লিখা থাকিব । এই মুদ্ৰাটোৰ ওজন হ'ব ৩৫ গ্ৰাম । ইয়াৰ ব্যাস ৪৪ মিলিমিটাৰ । ধাতুৰ মুদ্ৰাটো নিৰ্মিত হ'ব কোৱাটাৰনেৰী সংকৰ ধাতুৰে । যাৰ গঠন হ'ব ৫০ শতাংশ ৰূপ, ৪০ শতাংশ তাম, নিকেল আৰু জিংক থাকিব পাঁচ শতাংশকৈ ।

উল্লেখ্য, নতুন সংসদ ভৱনটো দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব । অৱশ্যে বিৰোধীয়ে 'দেশৰ মুৰব্বী' হিচাপে বৰ্ণনা কৰা ৰাষ্ট্ৰপতিয়ে কিয় নতুন সংসদ উদ্বোধন নকৰে বুলি এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । আৰম্ভ কৰিছে তীব্ৰ সমালোচনা । লগতে কেইবাটাও বিৰোধী দলে উদ্বোধনী অনুষ্ঠান বৰ্জন কৰাৰো সিদ্ধান্ত লৈছে (opposition boycott parliament inauguration) ।

কিয়নো তেওঁলোকে বিশ্বাস কৰে যে প্ৰধানমন্ত্ৰীয়ে এই ঐতিহাসিক ভৱনটো উদ্বোধন কৰাটো ৰাষ্ট্ৰপতিক অপমান কৰা হ'ব । কিয়নো আইনসভাৰ মুৰব্বী হৈছে ৰাষ্ট্ৰপতি । অৱশ্যে এনডিএয়ে বিৰোধীৰ এই পদক্ষেপক "আমাৰ মহান ৰাষ্ট্ৰৰ গণতান্ত্ৰিক নীতি আৰু সাংবিধানিক মূল্যবোধৰ প্ৰতি স্পষ্ট অপমান" বুলি অভিহিত কৰিছে । আনহাতে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে ।

লগতে পঢ়ক :New Parliament building controversy : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কঠোৰ সমালোচনা কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details