অসম

assam

No Confidence Motion in Parliament : মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মৌন ব্ৰত ভংগ কৰক; সদনত গৌৰৱ গগৈ

By

Published : Aug 8, 2023, 7:12 PM IST

গৌৰৱ গগৈয়ে সংসদৰ নিম্ন সদনত 'অনাস্থা প্ৰস্তাৱ' উত্থাপন কৰে । তেওঁ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে ।

No Confidence Motion in Parliament
No Confidence Motion in Parliament

লোকসভাত গৌৰৱ গগৈৰ ভাষণ

নিউজ ডেস্ক, ৮ আগষ্ট :মঙলবাৰে লোকসভাত এক বুদ্ধিদীপ্ত ৰূপত উজলি উঠে সাংসদ গৌৰৱ গগৈ । অনাস্থা প্ৰস্তাৱৰ ওপৰত বিতৰ্ক আৰম্ভ কৰি চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত সোচ্চাৰ হৈ পৰে গৌৰৱ গগৈ । সংসদৰ নিম্ন সদনত দুপৰীয়া ১২ বজাত পুনৰ কাৰ্যক্ৰম আৰম্ভ কৰাৰ পিছতে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে মঙলবাৰে লোকসভাত মন্ত্ৰী পৰিষদৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে ।

"আমি অনাস্থা প্ৰস্তাৱ আনিবলৈ বাধ্য হৈছোঁ । এইটো কেতিয়াও সংখ্যাৰ বিষয় নহয়, কিন্তু ই হৈছে মণিপুৰৰ বাবে ন্যায়ৰ বিষয় । এই সদনত চৰকাৰৰ ওপৰত অনাস্থা প্ৰকাশ কৰা প্ৰস্তাৱটো মই উত্থাপন কৰিছোঁ । ইণ্ডিয়াই মণিপুৰৰ বাবে এই প্ৰস্তাৱ আনিছে । মণিপুৰে ন্যায় বিচাৰে ।" কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত প্ৰস্তাৱ উত্থাপন কৰাৰ পিছত নিজৰ আৰম্ভণি ভাষণত গৌৰৱ গগৈয়ে কয় ।

"প্ৰধানমন্ত্ৰীয়ে সংসদত কথা নক'বলৈ 'মৌন ব্ৰত' লৈছে । প্ৰধানমন্ত্ৰীৰ বাবে আমাৰ তিনিটা প্ৰশ্ন আছে- তেওঁ আজিলৈকে মণিপুৰ ভ্ৰমণ কৰা নাই কিয় ?" গৌৰৱ গগৈয়ে মোদীক প্ৰশ্ন কৰে ।

ইয়াৰ পিছতে গগৈয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৱশেষত মণিপুৰ সন্দৰ্ভত বক্তব্য ৰাখিবলৈ প্ৰায় ৮০ দিন সময় কিয় লাগিছিল । তাকো তেওঁ মাত্ৰ ৩০ ছেকেণ্ডৰ বাবে মুখ খোলা বুলি গৌৰৱ গগৈয়ে কয় । অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে লগতে প্ৰশ্ন কৰে যে প্ৰধানমন্ত্ৰীয়ে এতিয়ালৈকে মণিপুৰৰ মুখ্যমন্ত্ৰীক কিয় বৰ্খাস্ত কৰা নাই ।

"আপোনাৰ (বিজেপি) ৰাজনীতিৰ বাবে দুখন মণিপুৰ সৃষ্টি হৈছে । আমি ভাইৰেল ভিডিঅ' দেখিছোঁ, যিবোৰে সকলোকে বেদনাকাতৰ কৰিছে । ইণ্ডিয়াৰ প্ৰতিনিধি দলটোৱে মণিপুৰ ভ্ৰমণ কৰিছে ।" কংগ্ৰেছৰ যুৱ সাংসদজনে কয় ।

তেওঁ লগতে দাবী কৰে যে আৰক্ষী থানাৰ পৰা গ্ৰেনেডসহ অস্ত্ৰ-শস্ত্ৰ চুৰি কৰা হৈছে । "ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ক'ত আছে ? এয়া ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিষয় নহয় নেকি ?" তেওঁ প্ৰশ্ন কৰে ।

উল্লেখ্য, কালিয়াবৰ সমষ্টিক প্ৰতিনিধিত্ব কৰা কংগ্ৰেছ সাংসদগৰাকীয়ে আন্দোলনকাৰী মহিলা মল্লযোদ্ধাসকলৰ বিষয়টোও টানি আনি কয় যে প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভতো একো এটা শব্দও উচ্চাৰণ কৰা নাই ।

তেওঁ নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত ঘটা আন ঘটনাবোৰৰ কথাও উল্লেখ কৰে । "আমি সেইসকল প্ৰধানমন্ত্ৰীক দেখিছোঁ, যিসকলে উত্তৰ-পূৰ্বাঞ্চলৰ বিষয়বোৰ বুজি পাইছিল । ১৯৮৬ চনত মিজো চুক্তি হোৱাৰ সময়ত মণিপুৰত কংগ্ৰেছ চৰকাৰ আছিল । কংগ্ৰেছে ক্ষমতা নিবিচাৰে, কিন্তু উত্তৰ-পূৰ্বাঞ্চলত শান্তি বিচাৰে । যেতিয়া অসমত কোকৰাঝাৰ হিংসাৰ সূত্ৰপাত হৈছিল, (তদানীন্তন) প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙে ৰাজ্যখন ভ্ৰমণ কৰিছিল আৰু শান্তিৰ বাবে আহ্বান জনাইছিল । ২০০২ চনত গুজৰাট যেতিয়া সংঘৰ্ষত জ্বলি উঠিছিল, (তদানীন্তন) প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ৰাজ্যখন ভ্ৰমণ কৰিছিল ।" তেওঁ কয় ।

তেওঁ দাবী কৰে যে প্ৰধানমন্ত্ৰীয়ে এই বিষয়টোত লোকসভা আৰু ৰাজ্যসভাত বক্তব্য ৰাখিব লাগে । তেওঁ মণিপুৰ ভ্ৰমণ কৰিব লাগে আৰু সংঘৰ্ষগ্ৰস্ত ৰাজ্যখনৰ বিভিন্ন পক্ষৰ সৈতে এক বৈঠকৰো আহ্বান কৰিব লাগে । তেওঁ লগতে কয়, "আমি ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো যাত্ৰা পৰিচালনা কৰিছিলোঁ, আমি সংবিধান ৰক্ষা কৰিম ।"

ইয়াৰ পূৰ্বে কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী ৰাহুল গান্ধীক লৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশী আৰু গৌৰৱ গগৈৰ মাজত তীব্ৰ বিতৰ্ক হয় ।

লগতে পঢ়ক :PM Modi slams INDIA: বিৰোধী মিত্ৰজোঁটৰ অনাস্থা প্ৰস্তাৱক কৌশলপূৰ্ণ কটাক্ষ প্ৰধানমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details