অসম

assam

Assam Meghalaya Border conflict: মেঘালয়ত অৰ্ধসামৰিক বাহিনীৰ চাৰিটা কোম্পানী মোতায়েন

By

Published : Nov 26, 2022, 8:31 PM IST

Four companies deployed in Meghalaya to maintain law and order

অসম-মেঘালয় সীমান্ত এলেকাসমুহত আইন-শৃংখলাজনিত পৰিস্থিতি বজাই ৰখাৰ বাবে মেঘালয়ত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ চাৰিটাকৈ কোম্পানী মোতায়েন কৰা হৈছে (Four companies deployed in Meghalaya)৷

নিউজ ডেস্ক, ২৬ নৱেম্বৰ: অগ্নিগৰ্ভা মেঘালয় (Assam Meghalaya Border conflict)৷ অসম-মেঘালয় সীমান্ত এলেকাসমুহত আইন-শৃংখলা পৰিস্থিতি বজাই ৰখাৰ বাবে মেঘালয়ত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ চাৰিটাকৈ কোম্পানী মোতায়েন কৰা হৈছে (Four companies deployed in Meghalaya)৷ যোৱা মঙলবাৰে অসমৰ আৰক্ষী আৰু বনৰক্ষীয়ে গাঁওখনৰ পাঁচ বাসিন্দাক গুলীয়াই হত্যা কৰাৰ চাৰি দিনৰ পিছত পশ্চিম জয়ন্তীয়া পাহাৰৰ মুক্ৰ গাঁৱকে ধৰি ৰাজ্যখনৰ বিভিন্ন স্থানত অশান্ত পৰিস্থিতিয়ে দেখা দিছে ৷

কেন্দ্ৰীয় বাহিনী মোতায়েনৰ কথা নিশ্চিত কৰি মেঘালয় আৰক্ষী সঞ্চালক প্ৰধান এল আৰ বিষ্ণয়ে (DGP Meghalaya police Mr L R Bishnoi)শনিবাৰে টেলিফোনযোগে ইটিভি ভাৰতক জনায় যে শ্বিলঙত কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (Central Reserve Police Force) (চিআৰপিএফ) দুটা কোম্পানী মোতায়েন কৰা হৈছে ৷ আনহাতে ৰি’ভই আৰু জয়ন্তীয়া পাহাৰ জিলাত সীমান্ত সুৰক্ষা বাহিনীৰ(Border Security Force) (বিএছএফ) দুটা কোম্পানী মোতায়েন কৰা হৈছে ৷

আনহাতে, শুকুৰবাৰে কেএছইউ, এফকেজেজিপি, হাইএনএফ, আৰবিৱাইএফ আৰু জেএছইউৰ দৰে পাঁচটা গোটে অহৰহ হেঁচা প্ৰয়োগ কৰি থকাৰ পিছতে তেওঁলোকে কয় যে যদি ৰাজ্য চৰকাৰে তেওঁলোকৰ দাবীৰ ওপৰত পদক্ষেপ লোৱাত বিফল হয়, বিশেষকৈ অসমৰ সৈতে সীমান্তত বাস কৰা খাচী লোকসকলৰ জীৱনৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাত বিফল হয় তেন্তে তেওঁলোকে অহা সপ্তাহত এক আলোচনাত মিলিত হৈ ভৱিষ্যতৰ কাৰ্যপন্থা গ্ৰহণ কৰিব ৷

ইফালে কেএছইউৰ সাধাৰণ সম্পাদক ডনাল্ড ভি থাবাহে (KSU general secretary Donald V Thabah)সংবাদ মাধ্যমক জনায় যে তেওঁলোকে দাবীসমূহ পূৰণ কৰাৰ বাবে কোনো সময়সীমা নিৰ্ধাৰণ কৰা নাই যদিও তেওঁলোক আশাবাদী যে ৰাজ্য চৰকাৰে অতি সোনকালে দাবীসমূহৰ প্ৰতি সঁহাৰি জনাব ৷

লগতে থাবাহে সংবাদমাধ্যমৰ আগত জনায়, "এই আন্দোলন অসম বা আন কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে নহয় ৷ চৰকাৰে যিমান সম্ভৱ হয় সোনকালে আমাৰ দাবীসমূহ পূৰণ কৰা উচিত। আমি আন্তঃৰাজ্যিক সীমান্তৰ সকলো সংবেদনশীল এলেকাত আৰক্ষী চকী স্থাপনৰ দাবী জনাইছো ৷"

লগতে পঢ়ক:Bir Lachit Barphukan: অভিলেখ সংখ্যক লোকে লাচিত বৰফুকনক লৈ ব্যক্ত কৰিলে মনৰ ভাৱ

ABOUT THE AUTHOR

...view details