Bir Lachit Barphukan: অভিলেখ সংখ্যক লোকে লাচিত বৰফুকনক লৈ ব্যক্ত কৰিলে মনৰ ভাৱ

author img

By

Published : Nov 26, 2022, 7:27 PM IST

Bir Lachit Barphukan

লাচিত বৰফুকন সন্দৰ্ভত লেখা বিচাৰি চৰকাৰে জনোৱা আহ্বানৰ প্রতি ব্যাপক সঁহাৰি(Essay on Lachit Borphukan) । অভিলেখ গঢ়ি আজি দুপৰীয়ালৈকে ৰাজ্য চৰকাৰে মুকলি কৰা পৰ্টেল আৰু মোবাইল এপ'ত মুঠ ৪৩,১৩,৩৩৯ টা লেখা সন্নিবিষ্ট হৈছে । ইয়াৰ ভিতৰত ৬ লাখ ১৭ হাজাৰ ৭৪০ জন লোকে অনলাইন মাধ্যমত ৰচনা লিখাৰ বিপৰীতে ৪২ লাখ ৫১ হাজাৰ ৫৬৫ জন লোকে কাগজত হাতেৰে লিখি আপলোড কৰিছে । ৰচনা লিখা জিলাৰ শীৰ্ষত আছে নগাঁও । নগাঁৱৰ ৩ লাখৰো অধিক লোকে ৰচনা আপলোড কৰিছে ।

গুৱাহাটী, ২৬ নৱেম্বৰ: মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী(Lachit Borphukan’s 400th birth anniversary) উপলক্ষে অসম চৰকাৰে বীৰজনৰ বিষয়ে লেখা বিচাৰি জনোৱা আহ্বানৰ প্ৰতি জনগণে ব্যাপক সঁহাৰি জনাইছে । আজি অৰ্থাৎ শনিবাৰে দুপৰীয়ালৈকে ৰাজ্য চৰকাৰে মুকলি কৰা পৰ্টেল আৰু মোবাইল এপ'ত মুঠ ৪৩,১৩,৩৩৯ জনে নিজৰ লেখা আপলোড কৰিছে । প্ৰতি মূহুৰ্ততে এই সংখ্যা বৃদ্ধি পাই আহিছে ৷

Bir Lachit Barphukan
অভিলেখ সংখ্যক লোকে লাচিত বৰফুকনকলৈ ব্যক্ত কৰিলে মনৰ ভাৱ

ৰাজ্যবাসীৰ পৰা এই অভাৱনীয় সঁহাৰি লাভ কৰাৰ পাছতেই ৰাজ্য চৰকাৰে লেখা পঠোৱাৰ ক্ষেত্ৰত পুনৰ সময়সীমা বৃদ্ধি কৰিছে । সেই অনুসৰি আজি নিশা ১২ বজালৈকে লাচিত বৰফুকনৰ সন্দৰ্ভত ইচ্ছুকসকলে লেখা আপলোড কৰিব পাৰিব(Essay on Lachit Borphukan) । প্রণিধানযোগ্য যে লাচিত বৰফুকন সন্দৰ্ভত এতিয়ালৈকে ৪৩ লাখৰো অধিক লোকে লেখা প্ৰেৰণ কৰাটো লক্ষণীয় বিষয় হিচাপে বিবেচিত হৈছে । খোদ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এয়া এক অভূতপূর্ব বুলি অভিহিত কৰি বৰাক, ব্ৰহ্মপুত্ৰৰ লগতে বিদেশৰ পৰাও লেখা অহাৰ কথা প্ৰকাশ কৰিছে ।

Bir Lachit Barphukan
অভিলেখ সংখ্যক লোকে লাচিত বৰফুকনকলৈ ব্যক্ত কৰিলে মনৰ ভাৱ

মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে আয়োজন কৰা ৰচনা লিখাৰ কাৰ্যসূচীয়ে একপ্ৰকাৰ অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে । সকলোৰে বাবে মুকলি থকা এই কাৰ্যসূচীয়ে অভূতপূৰ্ব সফলতা লাভ কৰা বাবেই সময়সীমা ২৪ নৱেম্বৰৰ পৰা ২৬ নৱেৰম্বৰ নিশা ১২ বজালৈ বৃদ্ধি কৰা হৈছে । প্ৰতিজন চৰকাৰী কৰ্মচাৰী, স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ ৰাইজৰ অংশগ্ৰহণৰ সুযোগ থকা এই কাৰ্যসূচীত আজি দুপৰীয়ালৈকে লাচিত বৰফুকনৰ ওপৰত লিখা ৪৩,১৩,৩৩৯ খন ৰচনা সন্নিবিষ্ট হোৱাটো উল্লেখনীয় বিষয় ।

আনহাতে বীৰযোদ্ধাজনৰ বিষয়ত ৰচনা লিখনৰ ভিত্তিত বিভিন্ন পর্যায়ত পুৰস্কাৰৰো ব্যৱস্থা কৰা হৈছে । উল্লেখ্য যে, ৰচনা লিখি আপলোড কৰাৰ বাবে বিশেষ পর্টেলৰ ব্যৱস্থা কৰা হৈছে । আনহাতে সামাজিক মাধ্যমতো লাচিত বৰফুকনৰ ৰচনা এতিয়া ট্ৰেণ্ডিঙৰ শীৰ্ষত আছে(Social media Trending topics) । বহুতে গুগলত উপলব্ধ ৰচনা ‘কপি’ কৰি নিজৰ নামত আপলোড কৰাও অভিযোগ উঠিছে । ইয়াৰ পাছতো এইসকল কৰ্মচাৰীয়ে লাভ কৰিছে প্রমাণ পত্ৰ ।

Bir Lachit Barphukan
অভিলেখ সংখ্যক লোকে লাচিত বৰফুকনকলৈ ব্যক্ত কৰিলে মনৰ ভাৱ

চৰকাৰী ৱেবচাইটত প্ৰকাশ পোৱা তথ্য অনুসৰি আজি দুপৰীয়া পর্যন্ত ৰাজ্যৰ ৪৩ লাখ ১৩ হাজাৰ ৩৩৯ জন লোকে মহাবীৰ লাচিত বৰফুকনৰ(Lachit borphukan Birth anniversary) ওপৰত ৰচনা লিখিছে । ইয়াৰ ভিতৰত ৬ লাখ ১৭ হাজাৰ ৭৪০ জন লোকে অনলাইন মাধ্যমত ৰচনা লিখাৰ বিপৰীতে ৪২ লাখ ৫১ হাজাৰ ৫৬৫ জন লোকে কাগজত হাতেৰে লিখি আপলোড কৰিছে । ইফালে ৰচনা লিখা জিলাৰ শীৰ্ষত আছে নগাঁও জিলা ।

এতিয়ালৈকে নগাঁৱৰ ৩ লাখৰো অধিক লোকে ৰচনা আপলোড কৰিছে । দ্বিতীয় স্থানত থকা বৰপেটা জিলাৰ পৰা প্ৰায় তিনি লাখ লোকে ৰচনা আপলোড কৰিছে । গুৱাহাটী মহানগৰীত লাচিতৰ ৰচনা লিখিছে ৭৪ সহস্ৰাধিক লোকে । আনহাতে একেবাৰে তলত আছে পশ্চিম কাৰ্বি আংলং জিলা । জিলাখনৰ পৰা এতিয়ালৈকে ১১,২৪১ টা লেখা আপলোড হৈছে । কম বেছি পৰিমাণে প্ৰতিখন জিলাৰ লোকে এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছে ।

Bir Lachit Barphukan
অভিলেখ সংখ্যক লোকে লাচিত বৰফুকনকলৈ ব্যক্ত কৰিলে মনৰ ভাৱ

ইফালে মহাবীৰ লাচিত বৰফুকনৰ ৰচনাৰ নামত এতিয়া লটি-ঘটিৰ সন্মুখীন হ’বলগীয়া হৈছে শিক্ষককে ধৰি চৰকাৰী কৰ্মচাৰী । বীৰযোদ্ধা লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে সকলো চৰকাৰী শিক্ষক-কৰ্মচাৰীকে শৰাইঘাট যুঁজৰ বীৰ সেনাপতিজনৰ জীৱনী ৰচনা আকাৰে লিখি বিশেষ প'ৰ্টেলত আপলোড কৰাৰ বাবে নির্দেশ দিছে ।

চৰকাৰী নিৰ্দেশত স্বাভাৱিকতেই হাহাকাৰ কৰিবলগীয়া হৈছে শিক্ষক-কৰ্মচাৰীসকলে । যাৰবাবে একেৰাতিৰ ভিতৰতে গড় নির্মাণ কৰাৰ দৰে শিক্ষক-কর্মচাৰীসকলেও এতিয়া একেৰাতিৰ ভিতৰতে লাচিতৰ ৰচনা লিখি পুৱতি নিশালৈ উজাগৰে থাকি মোবাইল-লেপটপৰ সন্মুখত যুঁজি যুঁজি প'ৰ্টেলত ৰচনা আপলোড কৰাত নামি পৰিবলগীয়া হৈছে ।

Bir Lachit Barphukan
অভিলেখ সংখ্যক লোকে লাচিত বৰফুকনকলৈ ব্যক্ত কৰিলে মনৰ ভাৱ

মুঠৰ ওপৰত লাচিত বৰফুকনৰ ৰচনাক লৈ শিক্ষক-কৰ্মচাৰীসকলৰ দিন-ৰাতি যেন একাকাৰ হৈ পৰিছে । ইফালে প’ৰ্টেলত ৰচনা আপলোড কৰাৰ পাছতেই মুখ্যমন্ত্ৰীৰ সম্বলিত এখন প্ৰমাণ-পত্ৰ লাভ কৰে যদিও বহুতে আকৌ নিজৰ নাম নথকা উকা প্ৰমাণ-পত্ৰ লাভ কৰা বুলিহে অভিযোগ কৰিছে । লক্ষণীয় বিষয় যে নিৰ্দেশেই হওক বা আহ্বানেই হওক লাচিত বৰফুকনৰ ওপৰত ৰচনা লিখা কাৰ্যসূচীয়ে ব্যাপক জনসমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক: Lachit Divas 2022: লাচিত দিৱসৰ ৰচনা প্ৰতিযোগিতাৰ বাবে চৰকাৰে সাজু কৰিছে ১কোটি লিখাৰ পৃষ্ঠা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.