অসম

assam

Manipur firing: বিষ্ণুপুৰত পুনৰ গুলীচালনা; 8 জন নিহত, 8 জন আহত

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 8:19 PM IST

মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ থামনাপোকপিত বৃহস্পতিবাৰে পুনৰ নিৰাপত্তাৰক্ষী আৰু সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ সংঘটিত হয় ৷ বৃহস্পতিবাৰে প্ৰায় ২.৪০ বজাত মৰ্টাৰ আৰু বন্দুকৰ আক্ৰমণত 8 জন লোক নিহত হোৱাৰ লগতে 8 জন লোক আহত হয় ৷

Manipur firing
বিষ্ণুপুৰত পুনৰ গুলীচালনা; 8 জন নিহত, 8 জন আহত

তেজপুৰ, 31 আগষ্ট :এতিয়াও শান্ত হোৱা নাই মণিপুৰৰ পৰিস্থিতি ৷ মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ থামনাপোকপিত বৃহস্পতিবাৰে পুনৰ নিৰাপত্তাৰক্ষী আৰু সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ সংঘটিত হয় ৷ বৃহস্পতিবাৰে প্ৰায় 2.40 বজাত মৰ্টাৰ আৰু বন্দুকৰ আক্ৰমণত 8 জন লোক নিহত হোৱাৰ লগতে 8 জন লোক আহত হয় ৷ নিহত এজনৰ নাম থামনাপোকপিৰ পেবাম দেবান (51) বুলি চিনাক্ত কৰা হৈছে । মৃত লোককেইজনৰ ভিতৰত 6 গৰাকী কুকি উগ্ৰপন্থীৰ মৃত্যু হৈছে বুলি স্থানীয় সংবাদমাধ্যমত প্ৰকাশ হৈছে ৷ সংঘৰ্ষ হোৱা অঞ্চলটোত চাৰিজন সাংবাদিক আৱদ্ধ হৈ আছে বুলিও জানিব পৰা গৈছে । এই ঘটনাত নিহত অন্য দুজন এজন খেতিয়ক আৰু এজন সাধাৰণ লোক । আনহাতে মুঠ আহত 8 জনৰ ভিতৰত 2 জন সুৰক্ষা বাহিনীৰ লোক ।

Manipur firing

উল্লেখ্য যে যোৱা দুদিন ধৰি বিষ্ণুপুৰ আৰু কাংভাই অঞ্চলত কুকি উগ্ৰপন্থীয়ে গুলীচালনা কৰাৰ পিচতে আজি বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত কৰিছে। ফলত সম্প্ৰতি অঞ্চলটোত অতিৰিক্ত সুৰক্ষা বাহিনী নিয়োগ কৰিছে প্ৰশাসনে ৷

Manipur firing

ইয়াৰ সমান্তৰালকৈ হিংসা জৰ্জৰিত মণিপুৰত লুটপাত কৰি নিয়া অস্ত্ৰ শস্ত্ৰৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে মণিপুৰ আৰক্ষী আৰু কেন্দ্ৰীয় সুৰক্ষা বাহিনীয়ে । যোৱা 24 ঘণ্টাত আৰক্ষীয়ে চলোৱা উদ্ধাৰ আৰু অনুসন্ধান অভিযানত, অস্ত্ৰ, গোলা বাৰুদ আৰু বিস্ফোৰক সামগ্ৰীৰ উদ্ধাৰ কৰে । আৰক্ষীয়ে পাহাৰীয়া অঞ্চল কাংপোকপি, থৌবাল, চুৰাচান্দপুৰ আৰু ইম্ফল-পশ্চিম জিলাৰ পাৰ্শ্বৱৰ্তী আৰু দুৰ্গম অঞ্চলসমূহত অভিযান অব্যাহত ৰাখিছে ।

Manipur firing

উক্ত অঞ্চলত নিৰাপত্তা বাহিনীয়ে অভিযান চলাই পাঁচটা অত্যাধুনিক অস্ত্ৰ উদ্ধাৰ কৰে, লগতে 31 টা গোলা বাৰুদ ,19 বিধ বিস্ফোৰক সামগ্ৰী আৰু 3 টা আই ই ডিৰ লগতে কাংপকপি আৰু ইম্ফল-পশ্চিম জিলাৰ পৰা 10 মিটাৰ কৰ্ডটেক্স উদ্ধাৰ কৰে। এই সময়ছোৱাত মণিপুৰৰ বিভিন্ন জিলাত, পাহাৰ আৰু উপত্যকা উভয়তে মুঠ 130 টা নাকা/ চেকপইণ্ট স্থাপন কৰিছে ৷

Manipur firing

আজিলৈকে ৰাজ্যখনৰ বিভিন্ন জিলাত আইন উলংঘাৰ সৈতে জড়িত 1646 জন ব্যক্তিক আৰক্ষীয়ে আটক কৰে বুলি জানিবলৈ দিয়ে । ৰাজ্যখনৰ কিছু ভিতৰুৱা অঞ্চলত চেপা উত্তেজনা অব্যাহত আছে যদিও যোৱা 24 ঘণ্টাত সামগ্ৰিকভাৱে পুনৰ হিংসা বৃদ্ধি পাইছে ৰাজ্যখনত ৷

লগতে পঢ়ক:Manipur Assembly session adjourned : বিৰোধীৰ হুলস্থূলৰ মাজতে মণিপুৰ বিধানসভাৰ অধিবেশন স্থগিত

ABOUT THE AUTHOR

...view details