ETV Bharat / state

Manipur Assembly session adjourned : বিৰোধীৰ হুলস্থূলৰ মাজতে মণিপুৰ বিধানসভাৰ অধিবেশন স্থগিত

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 8:01 PM IST

বিশৃংখলতাৰ মাজতে সদনৰ সদস্যসকলে ৰাজ্যখনত শেহতীয়া হিংসাত মৃত্যু হোৱা লোকসকলৰ বিদেহ আত্মাৰ প্ৰতি সন্মান জনাই দুই মিনিট সময়ৰ বাবে মৌনতা অৱলম্বন কৰে ।

Manipur Assembly session adjourned
Manipur Assembly session adjourned

তেজপুৰ, ২৯ আগষ্ট : দ্বাদশ মণিপুৰ বিধানসভাৰ চতুৰ্থ অধিবেশন বিৰোধীৰ হুলস্থূলীয়া পৰিৱেশ আৰু বিশৃংখলতাৰ মাজত স্থগিত ৰখা হয় । মঙলবাৰে পুৱা ১১ বজাত অধিবেশন আৰম্ভ হোৱাৰ লগে লগে বিধানসভাৰ অধ্যক্ষ সত্যব্ৰত সিঙে সদনৰ নেতা তথা মুখ্যমন্ত্ৰীক ৰাজ্যখনৰ সংকট সন্দৰ্ভত এটা প্ৰস্তাৱ উত্থাপন কৰিবলৈ আমন্ত্ৰণ জনায় ।

Manipur Assembly session adjourned
Manipur Assembly session adjourned

সদনৰ নেতা নংথম্মবাম বীৰেন সিঙে ৰাজ্যখনত শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনাত বহু লোকৰ শোকাৱহ মৃত্যুত শোক প্ৰকাশ কৰি এই প্ৰস্তাৱটো উত্থাপন কৰে । তেওঁ লগতে সংঘৰ্ষপীড়িত পৰিয়াল, সম্প্ৰদায় আৰু সমগ্ৰ ৰাজ্যৰ ওপৰত সংঘটিত বেদনাদায়ক আৰু শোকৱহ ঘটনাত গভীৰ সমবেদনা প্ৰকাশ কৰে । আনহাতে, নিজৰ ভাষণৰ সময়ত মুখ্যমন্ত্ৰী এন বীৰেন সিঙে চন্দ্ৰযান-৩ অভিযানৰ সফলতাৰো প্ৰশংসা কৰে ।

মুখ্যমন্ত্ৰীয়ে মণিপুৰৰ ডঃ এন ৰঘু সিঙকে ধৰি ইছৰোৰ বিজ্ঞানীসকলৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে । উল্লেখ্য যে ডঃ এন ৰঘু সিং এই অভিযানত দলটোৰ সদস্য আছিল । পিছত সদনে জাতি, সম্প্ৰদায়, অঞ্চল, ধৰ্ম বা ভাষা নিৰ্বিশেষে মণিপুৰৰ সকলো লোকৰ একতা আৰু সম্প্ৰীতিৰ বাবে কাম কৰাৰ সংকল্প লয় । সদনে লগতে এইটোও কয় যে যিহেতু শান্তি-শৃংখলা হৈছে ৰাজ্যখনৰ প্ৰথম অগ্ৰাধিকাৰ আৰু আলোচনাৰ মাধ্যম আৰু সাংবিধানিক উপায়েৰে সমগ্ৰ ৰাজ্যখনলৈ সম্পূৰ্ণ শান্তি ঘূৰাই অনাৰ বাবে সংকল্পবদ্ধ ।

আনহাতে, সদনে প্ৰতিজন ব্যক্তিক বিভাজনমূলক উপাদানসমূহত মনোযোগ নিদিবলৈ, শান্তি বজাই ৰাখিবলৈ আৰু ৰাজ্য তথা ৰাষ্ট্ৰৰ স্বাৰ্থত হিংসা পৰিহাৰ কৰিবলৈ আবেদন জনোৱাৰ সংকল্প লয় । ইফালে বিশৃংখলতাৰ মাজতে সদনৰ সদস্যসকলে ৰাজ্যখনত শেহতীয়া হিংসাত মৃত্যু হোৱাসকলৰ বিদেহ আত্মাৰ প্ৰতি সন্মান জনাই দুই মিনিট সময়ৰ বাবে মৌনতা অৱলম্বন কৰে ।

উল্লেখ্য যে অধিবেশনৰ সময়ত বিৰোধী বিধায়কসকলে সদনৰ প্ৰক্ৰিয়া বিধি আৰু কাৰ্য পৰিচালনা নীতি উলংঘা কৰি অধিবেশন আহ্বান কৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে, ইয়াৰ স্পষ্টীকৰণ দি মুখ্যমন্ত্ৰীয়ে জনায় যে নিয়ম নং ২৭১-ৰ অধীনত দিনটোৰ কাৰ্যসূচীৰ নিৰ্দেশৰ তালিকা সলনি কৰা হ'ব পাৰে । কিন্তু বিধানসভাৰ মজিয়াত বিশৃংখলতা অব্যাহত থকাৰ বাবে অধ্যক্ষই ৩০ মিনিটৰ বাবে অধিবেশন স্থগিত ৰাখিবলগা হয় ।

পুনৰ যেতিয়া পুৱা ১১.৪০ বজাত পুনৰ অধিবেশন আৰম্ভ হয় তেতিয়াও বিধানসভাত বিশৃংখল পৰিস্থিতি অব্যাহত থকাত বিধানসভাৰ অধ্যক্ষই অধিবেশন স্থগিত ৰাখে ।

লগতে পঢ়ক :Manipur Assembly : আজি 11 বজাৰ পৰা মণিপুৰ বিধানসভাৰ এদিনীয়া অধিবেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.