অসম

assam

উত্তৰাখণ্ডৰ বিৰোধী দলপতি ইন্দিৰা হৃদয়েশৰ ইহলীলা সম্বৰণ

By

Published : Jun 13, 2021, 2:29 PM IST

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱটে (Chief Minister Tirath Singh Rawat) টুইট কৰি বিৰোধী দলপতি ইন্দিৰা হৃদয়েশ (Indira Hridayesh)ৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷

Congress leader Indira Hridayesh dies of cardiac arrest
উত্তৰাখণ্ডৰ বিধানসভাৰ বিৰোধী দলপতি ইন্দিৰা হৃদয়েশৰ ইহলীলা সম্বৰণ

নেশ্যনেল ডেস্ক, 13 জুন :উত্তৰাখণ্ডৰ বিধানসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ বিধায়িকা ইন্দিৰা হৃদয়েশে (Indira Hridayesh)দেওবাৰে নতুন দিল্লীত শেষ নিশ্বাস ত্যাগ কৰে । হৃদৰোগত (cardiac arrest) আক্ৰান্ত হৈ মৃত্যু হয় কংগ্ৰেছ বিধায়িকা গৰাকীৰ ৷

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱটে (Chief Minister Tirath Singh Rawat) টুইট কৰি বিৰোধী দলপতিগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷ তীৰথ সিং ৰাৱটে কংগ্ৰেছ বিধায়িকা গৰাকীক তেওঁৰ জ্যেষ্ঠ ভগ্নীৰ দৰে আছিল বুলি উল্লেখ কৰে । তেওঁ লগতে ইন্দিৰা হৃদয়েশে (Indira Hridayesh) সদায় বিধানসভাত জনস্বাৰ্থৰ বিষয়বোৰ উত্থাপন কৰিছিল বুলি উল্লেখ কৰি তেওঁৰ আত্মাৰ সদগতি কামনা কৰে ৷

লগতে পঢ়ক :ক’ভিড মহামাৰীৰ দ্বিতীয়টো ঢৌত 724 গৰাকী চিকিৎসকৰ মৃত্যু

ABOUT THE AUTHOR

...view details