অসম

assam

Boat Capsized in Bihar: বিহাৰত নাও দুৰ্ঘটনাত ২ জনৰ মৃত্যু, সন্ধানহীন ৭ জন

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 10:29 AM IST

বিহাৰত সংঘটিত হৈছে শোকাবহ নাও দুৰ্ঘটনা । নাওখনত থকা ১৯ জন যাত্ৰীৰ ১০ জনক নিৰাপদে উদ্ধাৰ কৰাৰ বিপৰীতে মৃত্যু হৈছে দুজনৰ । বৰ্তমানো সন্ধানহীন ৭ জন । তেওঁলোকৰ সন্ধানত অব্যাহত আছে উদ্ধাৰ অভিযান ।

Boat Capsized in Bihar
বিহাৰত নাও দুৰ্ঘটনাত ২ জনৰ মৃত্যু, সন্ধানহীন ৭ জন

নেশ্যনেল ডেস্ক, ২ নৱেম্বৰ:বিহাৰৰ সাৰণ জিলাৰ মাঞ্জী থানাৰ অন্তৰ্গত মাটিয়াৰ ঘাটত বুধবাৰে সৰযু নদীত সংঘটিত নাও দুৰ্ঘটনাত মৃত্যু হোৱা ২ গৰাকী মহিলাৰ মৃতদেহ প্ৰশাসনৰ লোকে উদ্ধাৰ কৰিছে ৷ তেওঁলোকৰ মৃতদেহ নদীৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ পাচত পৰিয়ালক চমজাই দিয়া হৈছে । আনহাতে বৰ্তমানো সন্ধানহীন হৈ আছে ৭ জনকৈ লোক । তেওঁলোকক বিচাৰি নদীৰ বুকুত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে প্ৰশাসনৰ লোকে ৷

“দুগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে, বাকী থকা লোকসকলৰ সন্ধান অব্যাহত আছে । নিশা আন্ধাৰৰ বাবে উদ্ধাৰ অভিযানত অসুবিধা হৈছিল যদিও পুৱা অপাৰেচন তীব্ৰতৰ কৰা হৈছে" - অমন সমীৰ, জিলা দণ্ডাধীশ, সাৰণ ৷

উল্লেখ্য যে, বিহাৰৰ সাৰণ জিলাৰ সৰযু নদীত বুধবাৰে যাত্ৰীৰে ভৰা এখন নাও ডুব যায় ৷ জানিব পৰা মতে নদীৰ সিপাৰে খেতি পথাৰত কাম কৰি সন্ধিয়া খেতিয়ক-শ্ৰমিকসকলে নাওখনেৰে উভতি আহিছিল ৷ কিন্তু নদীৰ মাজত নাওখন লুটি খাই ডুব যায় ৷ দুৰ্ঘটনাগ্ৰস্ত নাওখনত মুঠ ১৯ গৰাকী লোক আছিল বুলি জানিব পৰা হৈছে । এই খবৰ লাভ কৰাৰ লগে লগে ওচৰৰ গাঁৱৰ লোক আৰু নাওখনত থকা লোকসকলৰ আত্মীয়-স্বজন ঘাটটোত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷

ইফালে দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাচতে ঘাটটোত আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হয় ৷ এছডিআৰএফ আৰু এনডিআৰএফৰ দলে ততাতৈয়াকৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ উদ্ধাৰকাৰী দলে বৰ্তমানলৈ মহিলা দুগৰাকীৰ মৃতদেহৰ লগতে ১০ গৰাকীক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক:Boat Capsized in Bihar : ভয়ংকৰ নাও দুৰ্ঘটনাত 4 জন লোকৰ মৃত্যু, সন্ধানহীন 14 জন

ABOUT THE AUTHOR

...view details