ETV Bharat / bharat

Boat Capsized in Bihar : ভয়ংকৰ নাও দুৰ্ঘটনাত 4 জন লোকৰ মৃত্যু, সন্ধানহীন 14 জন

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 10:15 PM IST

Boat Capsized in Bihar
ভয়ংকৰ নাও দুৰ্ঘটনা

বিহাৰৰ চাপৰাত এক বৃহৎ নাও দুৰ্ঘটনা সংঘটিত হৈছে । নাওখনত থকা ১৪জন লোক সন্ধানহীন হৈ আছে । চাৰিজন লোকৰ মৃতদেহ উদ্ধাৰ ।

নিউজ ডেস্ক, 1 নৱেম্বৰ : বিহাৰৰ চাপৰাত পোহৰলৈ আহিছে এক ভয়ংকৰ নাও দুৰ্ঘটনাৰ খবৰ ৷ জানিব পৰা মতে চাপৰা সৰযু নদীত যাত্ৰীৰে ভৰা এখন নাও ডুবি যায় ৷ বৰ্তমানলৈকে এই ঘটনাত 4 জন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে ৷ এতিয়াও 14 জন লোক নিৰুদ্দেশ হৈ থকা বুলি জানিব পৰা গৈছে ৷ ইফালে আন্ধাৰৰ বাবে বহু লোকৰ সন্ধান এতিয়াও উলিয়াব পৰা নাই ৷ আন্ধাৰৰ বাবে উদ্ধাৰ অভিযানত অসুবিধাৰ সৃষ্টি হৈছে ৷ এই ঘটনা সংঘটিত হৈছে মাঁঝি থানা এলেকাৰ মথিয়াৰত ৷ নাও দুৰ্ঘটনাৰ পিছত ঘাটত বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় ৷

পথাৰত কাম কৰি নাৱেৰে উভতি আহিছিল খেতিয়কসকল:

জানিব পৰা মতে খেতিয়ক-শ্ৰমিকসকলে নদীৰ সিপাৰে খেতি পথাৰত কাম কৰিবলৈ গৈছিল আৰু সন্ধিয়া নাৱেৰে উভতি আহিছিল ৷ এই সময়ছোৱাতে নদীত নাওখন ডুবি যায় ৷ নাওখন লুটি খাই ডুব যোৱাৰ খবৰ পোৱাৰ লগে লগে ওচৰৰ গাঁৱৰ লোক আৰু নাওখনত থকা লোকসকলৰ আত্মীয়-স্বজন ঘাটটোৰ ফালে দৌৰি যায় ৷ ফলত ঘাটত এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় ৷ ইফালে আৰক্ষী আৰু প্ৰশাসনকো এই দুৰ্ঘটনা সন্দৰ্ভত অৱগত কৰা হয় ৷ প্ৰশাসন আৰু এছডিআৰএফৰ লগতে এনডিআৰএফৰ দল উপস্থিত হোৱাৰ সময়লৈকে স্থানীয় লোকসকল উদ্ধাৰ অভিযানত নামি পৰে ৷ বহু লোকক নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰা হয় ৷

নদীত উটি যোৱা লোকৰ সন্ধান আৰম্ভ:

ইতিমধ্যে ডি এম আৰু আৰক্ষী অধীক্ষকো দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে ৷ সৰযু নদীত চলি আছে উদ্ধাৰ অভিযান ৷ এই পৰ্যন্ত উদ্ধাৰ হৈছে চাৰিজন লোকৰ মৃতদেহ ৷ স্থানীয় ৰাইজৰ মতে প্ৰায় 14 জন লোক এতিয়াও সন্ধানহীন হৈ আছে ৷ স্থানীয় প্ৰশাসন আৰু আৰক্ষীৰ দল উপস্থিত হৈছে ঘটনাস্থলীত ৷ ইয়াৰ সমান্তৰালকৈ এছডিআৰএফৰ দলেও উদ্ধাৰৰ কাম আৰম্ভ কৰিছে ৷ নদীত উটি যোৱা লোকৰ সন্ধান যুদ্ধকালীন তৎপৰতাৰে অব্যাহত আছে ৷

লগতে পঢ়ক : UNESCO Creative Cities Network : ইউনেস্কো সৃষ্টিশীল চহৰ নেটৱৰ্ক তালিকাত গোৱালিয়ৰ আৰু কোজিকোডে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.