নিউজ ডেস্ক, 12 মাৰ্চ: ভাৰতত দিনক দিনে বৃদ্ধি পাইছে Covid-19 ৰ আক্ৰান্তৰ সংখ্যা ৷ শেহতীয়াকৈ উত্তৰ প্ৰদেশত 10 টা লৈ বৃদ্ধি পাইছে Covid-19 ৰ সংক্ৰমণৰ ঘটনা ৷ বৃহস্পতিবাৰে এই কথা সদৰি কৰিছে উত্তৰপ্ৰদেশ চৰকাৰে ৷
10 টা সংক্ৰমণৰ ঘটনা পোহৰলৈ অহাৰ বিপৰীতে এতিয়া লৈকে 77 গৰাকী ৰোগীৰ তেজৰ নমুনাৰ ফলাফল আহিবলৈ বাকী থকা লগতে আন্তঃৰাষ্ট্ৰীয় সীমান্তত বৰ্তমানলৈকে 12 লাখ লোকক পৰীক্ষা-নিৰিক্ষা চলোৱা হৈছে বুলি জানিবলৈ দিয়ে ৷ আনহাতে বিমান বন্দৰত 15,000 লোকক নিৰিক্ষণ চলোৱা হৈছে ৷ ভাৰতত বৰ্তমানলৈকে 73 গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷